ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰদ্বাৰা দুতৰপীয়া মাস্ক প্ৰস্তুত; বৃহৎ মাত্ৰাত অৰ্ডাৰ লাভ
খাদী আৰু গ্ৰামোদ্যোগ আয়োগে অতি সোনকালে জম্মু-কাশ্মীৰলৈ পঠিয়াব ৭.৫ লাখ মাস্ক
খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষই ইয়াৰ অধীনৰ সকলো কেন্দ্ৰকে ৫০০ কৈ মাস্ক প্ৰস্তুত কৰি জিলা উপায়ুক্তৰ হাতত দিবলৈ আহ্বান জনাইছে
प्रविष्टि तिथि:
12 APR 2020 5:31PM by PIB Guwahati
খাদী আৰু গ্ৰামোদ্যোগ আয়োগে সফলতাৰে দুতৰপীয়া মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আৰু বৃহৎ মাত্ৰাত ক্ৰয় কৰাৰ বাবে অৰ্ডাৰো লাভ কৰিছে। অলপতে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে জম্মু-কাশ্মীৰৰ চৰকাৰৰ পৰা ৭.৫ লাখ খাদী মাস্কৰ অৰ্ডাৰ লাভ কৰিছে তাৰে ৫ লাখ মাস্ক কেৱল জম্মু জিলাত যোগান দিয়া হ’ব আৰু এক লাখ চল্লিশ হাজাৰ ফুলৱামা জিলাত, এক লাখ উধামপুৰ জিলাত আৰু দহ হাজাৰ কুপৱাৰা জিলাত যোগান দিয়া হ’ব। এই মাস্কসমূহ ২০ এপ্ৰিলৰ আগতেই জিলাসমূহৰ উপায়ুক্তৰ হাতত প্ৰদান কৰা হ’ব। পুনঃব্যৱহাৰযোগ্য এই কপাহী তিনিটা কোঁচযুক্ত মাস্কসমূহ ৭ ইঞ্চি দীঘল আৰু ৯ ইঞ্চি বহল আৰু বান্ধিবলৈ সুবিধা হোৱাকৈ চাৰিডাল ৰচী লগাই দিয়া হৈছে।
খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ শ্ৰী ভি কে চাক্সেনাই কয় যে, “খাদী আৰু গ্ৰামোদ্যোগ আয়োগে বিশেষভাৱে দুতৰপীয়া খাদী কাপোৰ ব্যৱহাৰ কৰিছে যি ৭০% আৰ্দ্ৰতা ভিতৰতে ৰাখিবলৈ সক্ষম হোৱাৰ লগতে সহজে বায়ু সোমাবপৰা বিধৰ। ই সহজলভ্য, সহজতে লৈ ফুৰিবপৰা আৰু বজাৰত কিনিবলৈ পোৱা মাস্কৰ এক উত্তম বিকল্প।”
শ্ৰী চাক্সেনাই লগতে কয় যে, “এই মাস্কসমূহৰ গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে যে এইসমূহ হাতেৰে বোৱা খাদী কাপোৰেৰে নিৰ্মিত আৰু সহজে উশাহ-নিশাহ ল’ব পৰা আৰু পুনঃব্যৱহাৰযোগ্য। ইয়াক ধুই নিকা কৰিব পাৰি আৰু সম্পূৰ্ণৰূপে বায়’ডিগ্ৰে’ডে’বল।”
বৰ্তমান জম্মুৰ ওচৰৰ নাগৰোটা খাদী চিলাই কেন্দ্ৰ মাস্ক চিলোৱা কেন্দ্ৰত পৰিণত হৈছে আৰু তাত দিনে ১০,০০০ কৈ মাস্ক প্ৰস্তুত হৈ আছে। বাকী অৰ্ডাৰসমূহ বিভিন্ন স্বয়ংসেৱী গ্ৰুপ আৰু শ্ৰীনগৰৰ ওচৰ-পাজৰৰ খাদী প্ৰতিষ্ঠান সমূহৰ মাজত ভগাই দিয়া হৈছে।
এক মিটাৰ খাদী কাপোৰৰপৰা ১০ টাকৈ দুতৰপীয়া মাস্ক প্ৰস্তুত কৰিব পাৰি। ৭.৫ লাখ মাস্কৰ বাবে ৭৫,০০০ মিটাৰ খাদী কাপোৰৰ প্ৰয়োজন হ’ব যাৰ ফলত ভৱিষ্যতে খাদী শিল্পৰ লগত জড়িতসকলৰ জীৱিকাত সহায়ক হ’ব। যিহেতু জম্মু-কাশ্মীৰৰ খাদী প্ৰতিষ্ঠান সমূহে কেৱল ঊণৰ কাপোৰহে প্ৰস্তুত কৰি আছিল, গতিকে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ খাদী প্ৰতিষ্ঠান সমূহৰ পৰা মাস্কৰ বাবে কপাহী কাপোৰ ক্ৰয় কৰিবলৈ প্ৰশাসনৰ বিশেষ অনুমতি লৈছে।
তাৰ মাজতে স্থানীয় প্ৰশাসনৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষই সকলো খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কেন্দ্ৰকে ৫০০ কৈ মাস্ক প্ৰস্তুত কৰি জিলা উপায়ুক্তৰ হাতত দিবলৈ আহ্বান জনাইছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ২৪০০০ টা সক্ৰিয় কেন্দ্ৰ আছে আৰু এইকেইটাই অকলেই সমগ্ৰ দেশত ১২ লাখ মাস্ক উপলব্ধ কৰিবলৈ সক্ষম। শ্ৰী চাক্সেনাই কয় যে, “মাস্কসমূহে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।”
*****
RCJ/SKP/IA/PRK
(रिलीज़ आईडी: 1613779)
आगंतुक पटल : 241
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam