পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পি এম য়ু ৱাইৰ প্ৰায় ৮৫ লাখ হিতাধিকাৰীয়ে এপ্ৰিল, ২০২০ ত লাভ কৰিলে এল পি জি চিলিণ্ডাৰ

Posted On: 12 APR 2020 1:50PM by PIB Guwahati

’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত দেশৰ প্ৰতি সহযোগ আগবঢ়াই এল পি জি চিলিণ্ডাৰৰ লগত জড়িত কৰ্মাচাৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীবিধৰ যোগান শৃংখল অবিৰতভাৱে চলাই নিয়াত সহায় কৰিছে

’ভিড-১৯ৰ প্ৰতি অৰ্থনৈতিক সঁহাৰি হিচাপে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাৰ অধীনত দৰিদ্ৰকেন্দ্ৰিক পদক্ষেপ হাতত লৈছে আৰু এপ্ৰিলৰ পৰা জুন ২০২০ লৈ তিনিমাহৰ বাবে বিনামূলীয়াকৈ উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক এল পি জি চিলিণ্ডাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। 

আজিৰ তাৰিখলৈকে তেল বিপণন সংস্থাসমূহে ৭.১৫ কোটি পি এম য়ু ৱাইৰ হিতাধিকাৰীৰ খাটাত বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিবৰ বাবে ৫,৬০৬ কোটি টকা সুমুৱাই দিছে। হিতাধিকাৰীৰদ্বাৰা এই মাহতে ১.২৬ কোটি চিলিণ্ডাৰৰ বুকিং হৈছে আৰু এতিয়ালৈকে প্ৰায় ৮৫ লাখ হিতাধিকাৰীয়ে এল পি জি চিলিণ্ডাৰ লাভ কৰিছে।

দেশত ২৭.৮৭ কোটি সক্ৰিয় এল পি জি চিলিণ্ডাৰৰ গ্ৰাহক আছে আৰু তাৰে ৮ কোটি পি এম য়ু ৱাইৰ হিতাধিকাৰী। লকডাউন আৰম্ভ হোৱাৰেপৰা দেশত ৫০ৰ পৰা ৬০ লাখ চিলিণ্ডাৰ প্ৰতিদিনে যোগান দি থকা হৈছে। যিসময়ত সমগ্ৰ দেশৰ মানুহে ঘৰত সোমাই সুৰক্ষিত হৈ থাকিব বিচাৰিছে, তেনে সময়ত এল পি জি চিলিণ্ডাৰৰ যোগনীয়াৰসকলে অত্যাৱশ্যকীয় সামগ্ৰীবিধৰৰ যোগান শৃংখল অবিৰতভাৱে চলাই নিয়াত যথেষ্ট কষ্ট কৰিছে।

পাহাৰীয়া অঞ্চলৰপৰা সাগৰীয় উপকূল অঞ্চললৈকে, মৰুভূমিৰ পৰা ঘন জংঘলৰ মাজৰ আৱাসিক অঞ্চললৈকে এই ক’ৰোনা যোদ্ধাসকলে নিজৰ কৰ্তব্য পালন কৰি সময়মতে এল পি জি চিলিণ্ডাৰৰ যোগান সুনিশ্চিত কৰিছে। এনে জটিল পৰিস্থিতিতো কেৱল দুদিনৰ অপেক্ষাতে গ্ৰাহকে চিলিণ্ডাৰ লাভ কৰিছে। আই অ’ চি এল, বি পি চি এল, এইচ পি চি এল আদি তেল বিপণন সংস্থাসমূহে প্ৰতিটোৱে ক’ভিড-১৯ৰ ফলত কোনো চিলিণ্ডাৰৰ যোগনীয়াৰ, শ্বৰুমৰ কৰ্মী, গোদামৰ ৰক্ষক, কাৰিকৰী কৰ্মী আদি কৰ্মৰত অৱস্থাত অনাকাংক্ষিতভাৱে সংক্ৰমণৰ চিকাৰ হ’লে তেঁওৰ বাবে পাঁচ লাখ টকাৰ এককালীল এক্সগ্ৰেচিয়া ঘোষণা কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001RNN0.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image002SJAX.jpg

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003Z1O3.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image00481SD.jpg

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত এল পি জি সংযোগ থকা সকলো গ্ৰাহকে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাৰ সুবিধা পাব। ১ এপ্ৰিল ২০২০ ত আৰম্ভ হোৱা এই আঁচনি ৩০ জুন ২০২০ লৈকে বাহাল থাকিব। তেল বিপণন সংস্থাসমূহে গ্ৰাহকৰ পেকেজৰ ওপৰত ভিত্তি কৰি ১৪.২ কিলোগ্ৰাম ৰিফিল অথবা ৫ কিলোগ্ৰাম ৰিফিলৰ মূল্য আগতীয়াকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ খাটাত সুমুৱাই দিছে।  গ্ৰাহকসকলে এই ধনৰাশি এল পি জি পুণৰ ভৰাই ল’বৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

*******

YB/PRK



(Release ID: 1613713) Visitor Counter : 234