ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লৱেৰ দ্বাৰা আৰ্তসকলক প্ৰদান কৰা হৈছে ১ মিলিয়নতকৈও অধিক বিনামূলীয়া ৰন্ধন খাদ্য

৩১৩টা স্থানত বিতৰণ কৰা হৈছে খাদ্য


প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ মাণ্ডলিক ৰে’লৱে, জিআৰপি আৰু এনজিঅ’সমূহৰ সহযোগিতাত আইআৰচিটিচি, আৰপিএফে বিতৰণ কৰিছে বিনামূলীয়া খাদ্য

प्रविष्टि तिथि: 11 APR 2020 2:59PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ ফলত ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ক্ষুধাৰ্ত লোকসকলক ভাৰতীয় ৰে’লৱেৰ সংস্থাসমূহ যেনে আইআৰচিটিচি, আৰপিএফ, মাণ্ডলিক ৰে’লেৱেয়ে বিনামূলীয়াকৈ ৰন্ধন খাদ্য বিতৰণ কৰিছে৷ ২৮ মাৰ্চ ২০২০ তাৰিখৰ পৰা ৰে’লৱেয়ে আইআৰচিটিচিৰ পাকঘৰ, আৰপিএফৰ সংসাধনসমূহ ব্যৱহাৰ কৰি তথা এনজিঅ’সমূহে আগবঢ়োৱা বৰঙণিৰ সহায়ত ৰন্ধন খাদ্য বিতৰণ কৰি আহিছে৷

আজি পৰ্যন্ত খাদ্য বিতৰণৰ পৰিমাণে ১০.২ লাখৰ সীমা স্পৰ্শ কৰিছে৷ এই খাদ্য ৰে’লৱে স্থানৰ নিকটৱৰ্তী অঞ্চল তথা দূৰৈৰ অঞ্চলসমূহতো বাস কৰা দৰিদ্ৰ, শিশু, প্ৰব্ৰজিত শ্ৰমিক, আৱদ্ধ ব্যক্তিসকলক প্ৰদান কৰা হৈছে৷ এই সমূহ পদক্ষেপত সামাজিক ব্যৱধান তথা স্বাস্থ্যবিধিসমূহতো গুৰুত্ব দিয়া হৈছে৷

নতুন দিল্লী, বেংগালোৰ, হুবলি, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ, ভুশাৱল, হাওড়া, পাটনা, গয়া, ৰাঁচী, কাতিহাৰ, দীন দয়াল উপাধ্যায় নগৰ, বালাশোড়, বিজয়ৱাড়া, খুৰদা, কাটাপাড়ি, তিৰুচিৰাপল্লী, ধানবাদ, গুৱাহাটী, সমষ্টিপুৰ, প্ৰয়াগৰাজ, ইটৰাচি, বিশাখাপট্টনম, চেংগালপাটু, পুণে, হাজিপুৰ, ৰায়পুৰ আৰু টাটা নগৰস্থিত আইআৰচিটিচিৰ পাকঘৰসমূহত খাদ্য প্ৰস্তুত কৰি ১০ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত ১০.২ লাখ ৰন্ধন খাদ্যৰ পেকেট বিতৰণ কৰা হৈছে৷

খাদ্য বিতৰণৰ প্ৰক্ৰিয়াত ৰে’লৱে সুৰক্ষা বাহিনীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ কালি পৰ্যন্ত আৰপিএফে প্ৰায় ৩১৩টা স্থানত খাদ্য বিতৰণ কৰিছে৷   

****

SG/MKV/MANN


(रिलीज़ आईडी: 1613284) आगंतुक पटल : 307
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Bengali , English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati , Odia , Tamil , Kannada