বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এনআইপিইআৰ-গুৱাহাটীয়ে ডিজাইন কৰিলে উদ্ভাৱনীমূলক ৩ডি সামগ্ৰী

Posted On: 11 APR 2020 12:30PM by PIB Guwahati

গুৱাহাটীৰ নেচনেল ইন্সটিটিউট অব্ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছৰ গৱেষকসকলে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সহায়ক হোৱাকৈ দুটা সামগ্ৰী নিৰ্মাণ কৰিছে৷

প্ৰথমটো সামগ্ৰী হ’ল ৩ডি প্ৰিণ্টেড হেণ্ডছ-ফ্ৰী সামগ্ৰী যাক দুৱাৰ, খিৰিকী, ড্ৰয়াৰ (অনুভূমিক আৰু উলম্বিক), ৰেফ্ৰিজাৰেটৰ বন্ধ অথবা খুলিবলৈ, এলিভেটৰৰ বাটন টিপিবলৈ, লেপটপ/ডেস্কটপৰ কীব’ৰ্ড টিপিবলৈ আৰু যিকোনো ছুইটচ বাটন অন/অফ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি৷ উক্ত স্থানসমূহত ভাইৰাছৰ সংক্ৰমণৰ প্ৰৱণতা অধিক হোৱা হেতুকে এই সামগ্ৰীবিধে সংক্ৰমণৰ সমস্যা হ্ৰাস কৰিব৷

 

 

Description: WhatsApp Image 2020-03-28 at 17.52.38

এনআইপিইআৰ-গুৱাহাটীৰ সঞ্চালক ড ইউ এছ এন মুৰ্ত্তীয়ে কয় যে সামগ্ৰীবিধৰ ডিজাইন সহজেই কৰিব পৰা হৈছে৷ তাৰোপৰি ইয়াক ব্যৱহাৰ কৰিবলৈ তথা বীজাণুনাশকৰণ কৰিবলৈও সহজ৷

 

আনবিধ সামগ্ৰী হ’ল ন’ভেল ক’ৰনা ভাইৰাছৰ বিস্তৃতি ৰোধ কৰাৰ বাবে ৩ডি প্ৰিণ্টেড এণ্টিমাইক্ৰ’বায়েল মুখৰ আৱৰণী৷ মুখ, চকু, নাক আদিৰ জৰিয়তে ভাইৰাছ কিদৰে বিয়পে সেই সন্দৰ্ভত গভীৰ অধ্যয়নৰ পিছত ইয়াক ডিজাইন কৰা হৈছে৷

 

Description: WhatsApp Image 2020-04-02 at 20.23.59 Description: WhatsApp Image 2020-04-02 at 17.11.36

এনআইপিইআৰ-গুৱাহাটীয়ে ব্যৱহাৰৰ উপযোগী তথা সমাধানসূচক সামগ্ৰী প্ৰস্তুত কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি ড মুৰ্ত্তীয়ে জানিবলৈ দিয়ে৷

 


*****

KGS/(DST/(India Science Wire))/MANN



(Release ID: 1613238) Visitor Counter : 151