বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

পুনেৰ চিএছআইআৰ-নেচনেল কেমিকেল লেব’ৰেটৰী(এনচিএল)য়ে ভাৰত ইলেকট্ৰ’নিকছ লিমিটেডৰ সৈতে চিকিৎসা সা-সজুলি প্ৰস্তুত কৰিবলৈ চুক্তিবদ্ধ হৈছে

Posted On: 09 APR 2020 10:46AM by PIB Guwahati

পুনেস্থিত চিএছআইআৰ-নেচনেল কেমিকেল লেবৰেটৰী(এনচিএল)য়ে কৰোনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ বিৰুদ্ধে যুঁজ দিবলৈ ইয়াৰ উদ্যোগ কেন্দ্ৰৰ জৰিয়তে নতুন উদ্ভাৱন আৰু উদ্যমিতা প্ৰসাৰত নেতৃত্ব আগবঢ়াইছে। কৰোনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ নিয়ন্ত্ৰণ কৰিব পৰা এনে দুটা শেহতীয়া উদ্ভাৱন হলঃ

) ডিজিটেল আইআৰ থাৰ্মোমিটাৰঃ চিএছআইআৰ-এনচিএলৰ উদ্যোগ কেন্দ্ৰৰ ইনকিউবেটি বিএমইকেৰ মূৰব্বী শ্ৰীমান প্ৰতীক কুলকাৰ্ণীয়ে হাতেৰে ব্যৱহাৰ কৰিব পৰা এক ডিজিটেল থাৰ্মোমিটাৰ প্ৰস্তুত কৰিছে। ই হৰোনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ কৰিব পৰা এক উপযোগী আহিলা। মোবাইল ফোন অথবা পাৱাৰ বেংকক এই থাৰ্মোমিটাৰৰ শক্তি উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। আইআৰ থাৰ্মোমিটাৰৰ ডিজাইন অপেন ছৰ্চৰ ৰূপত উপলব্ধ হৈছে। ইয়ে থাৰ্মোমিটাৰ নিৰ্মাণৰ স্থানীয় চাহিদা পূৰণত সহায় কৰিব। এতিয়া ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড, পুনেৰ অংশীদাৰিত্বৰ সৈতে ইয়াৰ নিৰ্মাণ বৃদ্ধি কৰা হব।

 

) দ্বিতীয়টো উদ্ভাৱন হল অক্সিজেন সংবৰ্ধন ইউনিট(অইইউ): ভিড-১৯ ৰোগীয়ে উশাহ-নিশাহত সমস্যাৰ সন্মুখীন হোৱাত তেনে ৰোগীৰ বাবে এটা জৰুৰী প্ৰয়োজনীয় আহিলা হল অক্সিজেন। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এনচিএলৰ পলিমাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ডিভিজনৰ মূৰব্বী ড০ উলহাছ খাৰুলে অক্সিজেন সংবৰ্ধিত ইউনিট(অইইউ) বিকশিত কৰিছে। এই ইউনিটে পৰিৱেশৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা ২১-২২ শতাংশৰ পৰা ৩৮-৪০শতাংশলৈ বৃদ্ধি কৰে। ইয়াৰ বৈধতা পৰীক্ষাৰ বাবে বাংগালুৰুৰ টিইউভি ৰেইনলেণ্ড ইণ্ডিয়া প্ৰাইভেট লিমিটেডলৈ প্ৰেৰণ কৰা হৈছে। প্ৰায় ১০টা অইইউ মেছিন পুনেৰ এনচিএল বিইএলত একগোট কৰা হব আৰু পৰীক্ষাৰ পিছত ইয়াৰ নিৰ্মাণ বৃদ্ধি কৰা হব।

 

*****

KGS/(DST-CSIR)/MS



(Release ID: 1613218) Visitor Counter : 151