শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত সাহায্য প্ৰদানৰ বাবে ইএছআইচিয়ে গ্ৰহণ কৰিছে ভালেমান পদক্ষেপ

১০৪২ খন আছুতীয়া বিচনাৰে আঠখন ইএছআইচি হস্পিতালক ঘোষণা কৰা হৈছে ক’ভিড-১৯ চিকিৎসালয় হিচাপে

Posted On: 09 APR 2020 5:02PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশেই এক ব্যাপক প্ৰত্যাহ্বানপূৰ্ণ সময় অতিবাহিত কৰিছে। সামাজিক দূৰত্ব ৰক্ষা কৰিবৰ বাবে সমগ্ৰ দেশকে লকডাউনৰ মাজত ৰাখিবলগীয়া হৈছে। এনে এক বিপদসংকুল পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চমুকৈ ইএছআইচিয়ে ইয়াৰ অধীনস্থ কৰ্মচাৰী, সদস্য তথা ৰাইজক সাহায্য প্ৰদানৰ বাবে ভালেমান লেখতল’বলগীয়া পদক্ষেপ গ্ৰহণ কৰিছে।

১০৪২ খন আছুতীয়া বিচনাসহ নিম্নোক্ত ইএছআইচি হস্পিতালসমূহক ক’ভিড-১৯ বিশেষ চিকিৎসালয় হিচাপে ঘোষণা কৰা হৈছে।

 

  1. ইএছআইচি হস্পিতাল, অংক্লেশ্বৰ, গুজৰাট : ১০০ খন বিচনা
  2. ইএছআইচি হস্পিতাল, গুৰুগ্ৰাম, হাৰিয়ানা  : ৮০ খন বিচনা
  3. ইএছআইচি হস্পিতাল, বাপী, গুজৰাট : ১০০ খন বিচনা
  4. ইএছআইচি হস্পিতাল, উদয়পুৰ, ৰাজস্থান : ১০০ খন বিচনা
  5. ইএছআইচি হস্পিতাল, জম্মু : ৫০ খন বিচনা
  6. ইএছআইচি হস্পিতাল, বদ্দী, হিমাচল প্ৰদেশ : ১০০ খন বিচনা
  7. ইএছআইচি হস্পিতাল, আদিত্যপুৰ, ঝাৰখণ্ড : ৪২ খন বিচনা
  8. ইএছআইচি হস্পিতাল, জোকা, পশ্চিমবঙ্গ : ৪৭০ খন বিচনা

 

ইয়াৰ উপৰিও দেশৰ বাকী থকা ইএছআইচি হস্পিতালসমূহত আন ১১১২ খন বিচনাও সাজু কৰি ৰখা হৈছে। উল্লেখ্য যে এই চিকিৎসালয়সমূহত ১৯৭ টা ভেণ্টিলেটৰসহ ৫৫৫ টা আইচিইউ/এইচডিইউ বিচনাও সাজু কৰি ৰখা হৈছে। কেৱল সেয়াই নহয়, হাৰিয়ানাৰ ফৰিদাবাদত থকা ইএছআইচি হস্পিতালত ৰোগৰ নমুনা পৰীক্ষা কৰা সুবিধাও ৰখা হৈছে।

নিম্নোক্ত স্থানসমূহত থকা ইএছআইচি হস্পিতালসমূহত ১১৮৪ খন বিচনাৰে কোৰেণ্টাইনৰ সুবিধাও উপলব্ধ কৰোৱা হৈছে।

ইএছআইচি হস্পিতাল, আলৱাৰ (ৰাজস্থান): ৪৪৪ খন বিচনা

ইএছআইচি হস্পিতাল, বিহতা, পাটনা (বিহাৰ): ৪০০ খন বিচনা

ইএছআইচি হস্পিতাল, গুলবাৰ্গা (কৰ্ণাটক) : ২৪০ খন বিচনা

ইএছআইচি হস্পিতাল, কোৰ্বা (চট্টীশগড়) : ১০০ খন বিচনা

 

লকডাউনৰ এই কঠিন সময়খিনিত ইএছআইৰ হিতাধিকাৰীসকলক সকাহ দিবৰ বাবে ইএছআইচিয়ে এইসকল হিতাধিকাৰীক ব্যক্তিগত ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ অনুমতি দিছে, আৰু সেই ব্যয় পৰৱৰ্তী পৰ্যায়ত ইএছআইচিয়ে পুনৰ পৰিশোধ কৰিব বুলিও নিশ্চয়তা দিছে।

ইফালে এখন ইএছআইচি হস্পিতাল যদিহে ক’ভিড-১৯ হস্পিতাল হিচাপে ঘোষণা কৰা হৈছে, তেনেক্ষেত্ৰত ইএছআইচিৰে চুক্তিবদ্ধ হৈ থকা অইন হস্পিতালক আন আন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ’ব। এইক্ষেত্ৰত ইএছআইচি হিতাধিকাৰীসকল বিভিন্ন চিকিৎসা সেৱা গ্ৰহণৰ বাবে সংশ্লিষ্ট চিকিৎসালয়লৈ যাব পাৰিব। এইক্ষেত্ৰত জৰুৰীকালীন সেৱা গ্ৰহণৰ বাবে কোনো ৰেফাৰেল গ্ৰহণ কৰাৰ প্ৰয়োজন নহ’ব। ক’ৰোনা ভাইৰাছ সংক্ৰান্তীয় ঘটনাৰ বাবে কেন্দ্ৰ চৰকাৰ/ৰাজ্য চৰকাৰৰ সৈতে কাৰ্যকৰীভাৱে সমন্বয় ৰক্ষাৰ বাবে প্ৰতিখন ইএছআইচি চিকিৎসালয়ৰ বাবে ন’ডেল বিষয়া মনোনীত কৰা হৈছে।

পৰ্যাপ্ত পৰিমাণৰ মাস্ক, পিপিই কিট আদিৰ উপলব্ধতা নিশ্চিত কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যেই নিসংক্ৰমণৰ সংখ্যা বৃদ্ধি ইএছআইচি স্বাস্থ্য কেন্দ্ৰবোৰত ছেনিটাইজেশ্যন কৰাৰ দৰে কাৰ্য বৃদ্ধি কৰা হৈছে। ক’ভিড-১৯ সংক্ৰমণৰ ব্যৱস্থাপনা সন্দৰ্ভতো সকলো কৰ্মচাৰীকে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ক’ৰোনা ভাইৰাছ মহামাৰীৰ সৈতে জড়িত বিভিন্ন বিষয়ক ৰাজ্য কৰ্তৃপক্ষৰ সৈতে ইএছআইচি হস্পিতালসমূহে ধাৰাবাহিকভাৱে সমন্বয়েৰে কাম কৰি আছে।

উল্লেখ্য যে সমগ্ৰ দেশতে ২০২০ চনৰ মাৰ্চ মাহত প্ৰায় ৪ লাখ হিতাধিকাৰীলৈ স্থায়ী Permanent Disablement Benefit আৰু আশ্ৰিতৰ লাভালাভৰ ধনসমূহ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে নিয়োগকৰ্তাসকলৰ বাবে ফেব্ৰুৱাৰী মাহৰ অংশটো, অৰ্থাৎ যিটো ধন ১৫ মাৰ্চৰ ভিতৰত পৰিশোধ কৰিব লাগে, সেইটো এপ্ৰিল পৰ্যন্ত আৰু মাৰ্চ মাহৰ অংশটো পৰিশোধ কৰাৰ বাবে মে’ মাহলৈ তাৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে কোনো ধৰণৰ জৰিমণা বিহা নহ’ব।

ইয়াৰ উপৰিও সেইসকল কৰ্মচাৰীলৈ এবাৰৰ বাবে ৰেহাইয়ো প্ৰদান কৰা হৈছে, যিসকল কৰ্মচাৰীয়ে ইএছআইৰ অংশ বিগত ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৯ চনৰ ছেপ্তেম্বৰ পৰ্যন্ত জমা দিয়া নাই। এইসকল কৰ্মচাৰীক ২ দিনৰ এক সময় প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত কৰ্মচাৰীসকলে ১৫.০৫.২০২০ তাৰিখলৈ তেওঁলোকৰ অংশ জমা কৰিব পাৰিব।

*****

RCJ/SKP/IA/RD



(Release ID: 1613120) Visitor Counter : 150