শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড-১৯ ৰে যুঁজাৰ বাবে ই পি এফ অ’ৰ ধন উলিয়াব বিচৰা ১.৩৭ লাখ দাৱী ১০ দিনতকৈও কম সময়ত নিষ্পত্তি

Posted On: 10 APR 2020 1:17PM by PIB Guwahati

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনৰ সাংবিধানিক নিকায় কৰ্মচাৰীৰ ভৱিষ্যতনিধি সংস্থা (ই পি এফ অ’)ই ক’ভিড-১৯ ৰে যুঁজাৰ বাবে প্ৰস্তুত কৰা নতুন ই পি এফ আঁচনি ৰূপায়িত কৰি ই পি এফ অ’ৰ ধন উলিয়াব বিচৰা প্ৰায় ১.৩৭ লাখ দাৱী ১০ দিনতকৈও কম সময়ত নিষ্পত্তি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাৰ ফলত ই পি এফ অ’ৰ পৰিশোধ কৰিবলগীয়া মুঠ ধনৰাশিৰ পৰিমাণ হ’ব ২৭৯.৬৫ কোটি টকা। ধন পৰিশোধ কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু কে ৱাই চি সম্পূৰ্ণকৈ থকা আবেদনসমূহ ৭২ ঘন্টাৰ ভিতৰতে গ্ৰাহ্য কৰা হৈছে।

চৰকাৰে ২৮ মাৰ্চ, ২০২০ তাৰিখে ঘোষণা কৰা পি এম জি কে ৱাই আঁচনিৰ অংশ হিচাপে ক’ভিড-১৯ ৰে যুঁজাৰ বাবে এই বিশেষভাৱে ধন উলিওৱাৰ সুবিধামতে ঘূৰাই দিব নলগাকৈ ৩ মাহৰ সাধাৰণ মজুৰি আৰু মহাৰ্ঘ বানচ অথবা ই পি এফ খাটাত সদস্যৰবাবে জমা থকা ধনৰ ৭৫% (যিটোৱে পৰিমাণত কম হয়)পাব পাৰে। সদস্যসকলে তাতকৈ কম পৰিমাণৰ ধন বিচাৰিও আবেদন কৰিব পাৰে। এই ধন আগধন হিচাপে আগবঢ়োৱা হ’ব আৰু তাৰবাবে কোনো আয়কৰ ৰেহাই নাপাব।

বৃহ মাত্ৰাত হ’বলগীয়া ভীৰৰ কথা অনুমান কৰিয়েই ই পি এফ অ’ই ২৯ মাৰ্চ, ২০২০ ৰ পৰা এটা নতুন চফ্টৱেৰ কামত লগাইছে যাৰ সহায়ত আবেদনৰ ২৪ ঘন্টাৰ ভিতৰত স্ক্ৰেটচ কৰি অনলাইন ৰচিদ লাভ কৰিব পৰা যায়। কোনোৱে যাতে ঘৰৰ পৰা বাহিৰ ওলাব লগা নহয়, সেইবাবে সমগ্ৰ প্ৰক্ৰিয়া কাগজবিহীনভাৱে সম্পাদন হোৱাটো সুনিশ্চিত কৰা হৈছে।

’ভিড-১৯ মহামাৰীয়ে অতি জটিল ৰূপ ধাৰণ কৰিছে আৰু এই সময়ত মানুহৰ টকাৰ প্ৰয়োজন অতি বেছি হ’ব পাৰে। সেই কথালৈ লক্ষ্য ৰাখি ক’ভিড-১৯ ৰে যুঁজাৰ বাবে আগধন দিয়াৰ এই সুবিধাক অগ্ৰাধিকাৰ দিয়া হৈছে।

’ভিড-১৯ ৰে যুঁজাৰ বাবে আগধন বিচাৰি কৰা আবেদনসমূহ কে ৱাই চি সম্পন্ন হ’ব লাগিব। ই পি এফ অ’ই সদস্যৰ জন্মৰ তাৰিখ শুদ্ধ কৰাৰ বাবে দিয়া সময়সীমা বৃদ্ধি কৰি অনলাইনযোগে কে ৱাই চি জমা দিয়াৰ অন্তিম তাৰিখ পিছুৱাই দিয়া হৈছে। তিনিবছৰতকৈ কম ব্যৱধান হ’লে ই পি এফ অ’ই আধাৰ কাৰ্ডৰ তথ্যৰ ভিত্তিত জন্মৰ তাৰিখ গ্ৰহণ কৰি আছে বুলিও জানিবলৈ দিছে।

*****

RCJ/SKP/IA/PRK



(Release ID: 1613111) Visitor Counter : 257