মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ভাৰতত অনলাইন শিক্ষাৰ পৰিস্থিতিতন্ত্ৰ উন্নত কৰাৰ বাবে ৰাইজৰ পৰা ধাৰণা আহ্বানৰ উদ্দেশ্যে আৰম্ভ কৰা সপ্তাহজোৰা ‘ভাৰত পঢ়ে অনলাইন’ শীৰ্ষক কাৰ্যসূচী মুকলি কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে

১৬ এপ্ৰিলৰ ভিতৰত #BharatPadheOnline ব্যৱহাৰ কৰি আৰু @HRDMinistry আৰু @DrRPNishank ক টেগ কৰি টুইটাৰযোগে আৰু bharatpadheonline.mhrd@gmail.com লৈ মেইল যোগে ধাৰণা প্ৰেৰণ কৰিব পাৰিব


উপলব্ধ ডিজিটেল প্লেটফৰ্মবোৰৰ প্ৰসাৰতাৰ উপৰিও অনলাইন শিক্ষাৰ প্ৰতিবন্ধকতাবোৰ আঁতৰ কৰিবলৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়লৈ পোনপটীয়াকৈ পৰামৰ্শ/সমাধান প্ৰেৰণ কৰিবলৈ ভাৰতৰ শ্ৰেষ্ঠ প্ৰতিভাধৰক আহ্বান জনোৱাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা হৈছে এই অভিযান – ৰমেশ পোখৰিয়াল ‘নিশাংক’

Posted On: 10 APR 2020 2:43PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’-এ আজি নতুন দিল্লীত ভাৰতত অনলাইন শিক্ষাৰ পৰিস্থিতিতন্ত্ৰ উন্নত কৰাৰ বাবে ৰাইজৰ পৰা ধাৰণা আহ্বানৰ উদ্দেশ্যে আৰম্ভ কৰা সপ্তাহজোৰা ‘ভাৰত পঢ়ে অনলাইন’ শীৰ্ষক কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচী মুকলি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীদনে কয় যে এই অভিযানৰ উদ্দেশ্য হৈছে উপলব্ধ ডিজিটেল প্লেটফৰ্মবোৰৰ প্ৰসাৰতাৰ উপৰিও অনলাইন শিক্ষাৰ প্ৰতিবন্ধকতাবোৰ আঁতৰ কৰিবলৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়লৈ পোনপটীয়াকৈ পৰামৰ্শ/সমাধান প্ৰেৰণ কৰিবলৈ ভাৰতৰ শ্ৰেষ্ঠ প্ৰতিভাধৰক আহ্বান জনোৱা। শ্ৰী নিশাংকে কয় যে ধাৰণাসমূহ ১৬ এপ্ৰিলৰ ভিতৰত #BharatPadheOnline ব্যৱহাৰ কৰি আৰু @HRDMinistry আৰু @DrRPNishank ক টেগ কৰি টুইটাৰযোগে আৰু bharatpadheonline.mhrd[at]gmail[dot]com লৈ মেইল যোগে ধাৰণা প্ৰেৰণ কৰিব পাৰিব। মন্ত্ৰীজনে লগতে কয় যে তেওঁ এই ধাৰণাবোৰ নিজেই পৰীক্ষা কৰিব।

 

পোখৰিয়ালে লগতে কয় যে এই অভিযানৰ যোগেদি আমাৰ মুখ্য লক্ষ্য হৈছে শিক্ষাৰ্থী আৰু শিক্ষকসকল, আৰু তেওঁ আশা কৰে যে পূৰ্বৰে পৰা থকা অনলাইন শিক্ষা পদ্ধতিখিনি উন্নত কৰাৰ বাবে তেওঁলোকে অন্তঃকৰণেৰে অংশগ্ৰহণ কৰিব। তেওঁ কয় যে সম্প্ৰতি বিভিন্ন ডিজিটেল প্লেটফৰ্মত বহু বিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি আছে, গতিকে তেওঁলোকেও এনেবোৰ প্লেটফৰ্মত কি কি অসুবিধা পাইছে বা এনেবোৰ প্লেটফৰ্ম কেনেদৰে উন্নত কৰিব পাৰি তাৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব।

তেওঁ লগতে উল্লেখ কৰে যে সমগ্ৰ দেশতে থকা বিভিন্ন বিভাগৰ শিক্ষকসকলেও শিক্ষাক্ষেত্ৰত থকা তেওঁলোকৰ অভিজ্ঞতাৰে এই ক্ষেত্ৰত আমাক সহায় কৰিব পাৰে। তেওঁলোকৰ সৈতে এই সন্দৰ্ভত এক মত-বিনিময় কাৰ্যসূচীৰো আয়োজন কৰিব পাৰি। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত কোনবোৰ দিশে দেশৰ শিক্ষাখণ্ডটোক এক মানদণ্ড প্ৰদান কৰিব পাৰিব সেই সন্দৰ্ভতো আলোচনা ককৰিব পৰা যাব। পৰম্পৰাগত শ্ৰেণীকোঠাত শিক্ষকসকলে কোনবোৰ সমস্যাৰ সমূখীন হয়, সেইবোৰৰ সমাধান এই অনলাইন শ্ৰেণীৰ যোগেদি কেনেদৰে লাভ কৰিব পৰা যাব, সেইবোৰ দিশ বিতংকৈ আলোটচনা কৰিব পৰা যাব বুলিও মন্ত্ৰীজনে কয়।

মন্ত্ৰী শ্ৰী নিশাংকে পুনৰ এবাৰ সকলো দেশবাসীকে এই অনবদ্য পদক্ষেপৰ অংশ হৈ ভাৰতত অনলাইন শিক্ষাক এক নতুন দিশ প্ৰদান কৰিবলৈ আহ্বান জনায়।

*****

NB/AKJ/AK/RD



(Release ID: 1612992) Visitor Counter : 244