বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ এছচিটিআইএমএছটিৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে ডিছইনফেকচন গেটৱে’ আৰু ফেচমাস্ক ডিছপ’জেৱল বিন

Posted On: 10 APR 2020 12:04PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনষ্ঠ এক স্বায়িত্ব শাসিত প্ৰতিষ্ঠান কেৰালাৰ ত্ৰিৱান্দ্ৰমৰ শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’লজী(এছচিটিআইএমছিটি)ৰ বিজ্ঞানীসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দুটা বিশেষ প্ৰযুক্তি প্ৰস্তুত কৰিছে৷

প্ৰতিষ্ঠানখনৰ বিজ্ঞানী জিতিন কৃষ্ণন আৰু সুভাষ ভিভিয়ে প্ৰস্তুত কৰা ইয়াৰে এটা প্ৰযুক্তি হ’ল চিত্ৰা ডিছইনফেকচন গেটৱে’৷ ইয়ে জনসাধাৰণক ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব৷ হাইড্ৰ’জেন পিউৰ’ক্সাইড সৃষ্টি কৰিব পৰা সুবিধাযুক্ত ই এক প’ৰ্টেৱল ব্যৱস্থা৷

দ্বিতীয়টো প্ৰযুক্তি হ’ল প্ৰতিষ্ঠানখনৰ বিজ্ঞানী সুভাষ ভিভিয়ে প্ৰস্তুত কৰা চিত্ৰা ইউভি ভিত্তিক ফেচমাস্ক ডিছপ’জেল বিন৷ চিকিৎসালয়ত স্বাস্থ্য কৰ্মীয়ে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰিব পাৰিব৷ সংক্ৰমণৰ শৃংখল ৰোধৰ ক্ষেত্ৰত এই আহিলাই সহায় কৰিব৷

ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, ‘ব্যক্তি, সাজ-পোচাক, পৃষ্ঠতল আৰু ব্যৱহৃত ডিছপ’জেবল প্ৰ’টেকটিভ গিয়েৰছত বিজাণুনাশকৰণ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ শৃংখল ভঙাৰ বাবে অতীৱ প্ৰয়োজনীয়৷ এই যুঁজত হাইড্ৰ’জেন পিউৰ’ক্সাইড স্প্ৰে আৰু আলট্ৰাভায়’লেট লাইটৰ সঠিক ব্যৱহাৰ শক্তিশালী অস্ত্ৰ হ’ব পাৰে৷ ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত আমি ইতিমধ্যে আলোচনা কৰিছো৷"

 

(অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰকঃ মিছ স্বপ্না ভামাদেৱন, পিআৰঅ’, এছচিটিআইএমএছটি ,মোবাইলঃ ৯৬৫৬৮১৫৯৪৩, ইমেইলঃ pro@sctimst.ac.in)

 

*****

KGS/(DST)/MS



(Release ID: 1612921) Visitor Counter : 105