প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এই মহামাৰীৰ সংকটৰ সময়ত মিত্ৰপক্ষক যথাসম্ভৱ ধৰণে সহায় কৰিবলৈ ভাৰত প্ৰস্তুতঃ প্ৰধানমন্ত্ৰী

Posted On: 10 APR 2020 12:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ যথাসম্ভৱ ধৰণে মিত্ৰপক্ষক সহায় কৰিবলৈ সাজু৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ভাৰতে ক্ল’ৰ’কুইন যোগান ধৰা সিদ্ধান্তত কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে উত্তৰ দিয়ে৷

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ টুইটত এইদৰে লিখে, ‘‘আমি ঐক্যৱদ্ধ হৈ এই মহামাৰীৰ বিৰুদ্ধে যুঁজিছো৷ ভাৰতে মিত্ৰপক্ষক সহায় কৰিবলৈ যথাসম্ভৱ ধৰণে প্ৰস্তুত৷ ইজৰাইলৰ জনসাধাৰণৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷’’

***

VRRK/SH/MANN



(Release ID: 1612885) Visitor Counter : 135