প্ৰতিৰক্ষা মন্ত্ৰালয়

মুম্বাইত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকসকলক খাদ্যৰ যোগান ধৰিলে ভাৰতীয় নৌসৈন্য বিভাগে

Posted On: 09 APR 2020 6:31PM by PIB Guwahati

ক’ভিড-১৯ৰ লকডাউনৰ বাবে মুম্বাইত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকসকলক ভাৰতীয় নৌসৈন্য বিভাগে ৰাজ্য চৰকাৰৰ প্ৰাধিকৰণৰ সহযোগিতাত ৪ আৰু ৮ এপ্ৰিল তাৰিখে খাদ্যৰ যোগান ধৰে৷

৩ এপ্ৰিল ২০২০ তাৰিখে মুম্বাই চহৰৰ জিলা উপায়ুক্তই নৌসৈন্য বিভাগক লকডাউনৰ বাবে আৱদ্ধ হৈ ৰোৱা লোকসকলক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছিল৷ সেই আবেদনমৰ্মে ৱেষ্টাৰ্ণ নেভেল কমাণ্ডে ৪ এপ্ৰিল ২০২০ তাৰিখে প্ৰায় ২৫০ পেকেট খাদ্যৰ যোগান ধৰে৷

৮ এপ্ৰিল ২০২০ তাৰিখে অতিৰিক্তভাৱে ৫০০টা খাদ্যৰ পেকেট স্থানীয় প্ৰাধিকৰণৰ সহযোগিতাত কামাথিপুৰা এলেকাত আৱদ্ধ হৈ ৰোৱা নিৰ্মাণ কৰ্মীসকলৰ মাজত বিতৰণ কৰা হয়৷

******

VM/ MS/MANN



(Release ID: 1612640) Visitor Counter : 118