স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ জৰুৰীকালীন প্ৰবন্ধন আৰু স্বাস্থ্যসেৱাৰ যাৱতীয় প্ৰস্তুতিৰ বাবে ভাৰত চৰকাৰৰ ১৫০০০কোটি টকাৰ পেকেজ

Posted On: 09 APR 2020 4:52PM by PIB Guwahati

’ভিড-১৯ৰ বিৰুদ্ধে অব্যহত থকা অভিযানটোৰ যাৱতীয় ব্যয়ৰ জোৰা মৰাৰ লগতে আগন্তুক সময়চোৱাত বিভিন্ন পৰ্যায়ত প্ৰয়োজন হ’ব লগা অৰ্থনৈতিক সহযোগিতাৰ বাবে ভাৰত চৰকাৰে ‘ভাৰত ক’ভিড-১৯ জৰুৰীকালীন প্ৰবন্ধন আৰু স্বাস্থ্যসেৱাৰ যাৱতীয় প্ৰস্তুতি পেকেজ’ ঘোষণা কৰিছে। সেই অনুসৰি ভাৰত চৰকাৰে ১৫০০০কোটি টকাৰ এক বৃহত্ পুঁজি মোকলাই দিব। অনুমোদিত এই পুঁজি ক’ভিড-১৯ বিৰোধী কাৰ্যক্ৰমৰ বাবে তত্কালীন ভাবে প্ৰয়োজন হোৱা খা-খৰছত(৭,৭৭৪কোটি টকা) ব্যৱহাৰ কৰাৰ উপৰি বাকী ধনৰাশি মধ্যকালীন(১ৰ পৰা ৪বছৰ) সহযোগিতা পুঁজি হিচাপে বিশেষ তত্পৰতাৰে যোগান ধৰাৰ ব্যৱস্থা কৰিব।

এই পেকেজৰ ধনৰে ৰোগ-বিশ্লেষক উপকৰণ আৰু ৰসায়ন আদি বিকশিত কৰা, ক’ভিড-১৯ৰ বিশেষ চিকিত্সাৰ ব্যৱস্থাপনা কৰা, সংক্ৰমিত নাগৰিকসকলৰ চিকিত্সাৰ বাবে অত্যাৱশ্যকীয় ভাবে প্ৰয়োজন হোৱা ঔষধ আৰু চিকিত্সা উপকৰণ আদি কেন্দ্ৰীয় ভাবে ক্ৰয় কৰা, ভৱিষ্যতে ৰোগবিধৰ পুনৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যসমূহৰ স্বাস্থ্য খণ্ডক শক্তিশালী ৰূপত গঢ়ি তোলা, ৰোগ নিৰীক্ষণ ব্যৱস্থাক সৰ্বতোপ্ৰকাৰে উন্নত কৰা, দেশৰ জৈৱ-সুৰক্ষা ব্যৱস্থাটোক সষ্টম কৰি ৰখা, মহামাৰি সম্পৰ্কীয় গৱেষণা আৰু সামাজিক সহযোগিতাৰ সক্ৰিয়কৰণ তথা শংকা নিৰ্মূলকৰণ কাৰ্যক্ৰম আদি বিস্তৃত ৰূপত দিহা কৰাৰ দৰে কাৰ্যক্ৰম সম্পাদিত কৰা হব। এই কাৰ্যক্ৰমৰ সামগ্ৰিক ৰূপায়ণৰ নেতৃত্ব বহণ কৰিব কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যণ মন্ত্ৰালয়ে।

যোৱা ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি দিয়া ভাষণত বিশেষ ভাবে উল্লেখ কৰা প্ৰসংগসমূহ আছিল-‘কৰোনাভাইৰাছ আক্ৰান্তসকলক চিকিত্সা প্ৰদান কৰাৰ লগতে দেশৰ চিকিত্সা গৱেষণা ব্যৱস্থাটোক শক্তিশালী ভাবে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫হাজাৰ কোটি টকাৰ পুঁজি বিনিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই পুঁজিয়ে দ্ৰুত গতিত বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তৰ ৰোগ-বিশ্লেষণ ব্যৱস্থাটোক উন্নত কৰাৰ লগতে ব্যক্তিগত সুৰক্ষা উপকৰণ(পিপিই), আইছ’লেশ্যন বেড, আইচিইউ বেড, ভেণ্টিলেটৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সৰঞ্জামৰ সংগ্ৰহৰ সামগ্ৰীক প্ৰেক্ষাপটটোক সৰ্বতোপ্ৰকাৰে উন্নত কৰি তুলিব। সমান্তৰাল ভাবে চিকিত্সা আৰু অন্যান্য স্বাস্থ্য-কৰ্মীসকলৰ বিস্তৃত প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব পৰা যাব। এই মুহূৰ্তত মই দেশৰ প্ৰতিখন ৰাজ্যই চিকিত্সা আৰু স্বাস্থ্য সুৰক্ষাৰ বিষয়টোক সৰ্বাধিক প্ৰাথমিকতা প্ৰদান কৰিবলগীয়া বিষয় হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাব খুজিছো’।

এই ধন ৰাশিৰ সিংহভাগেই জৰুৰীকালীন ব্যৱস্থাপনাত ব্যয় কৰাৰ লগতে, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্যব্যৱস্থাৰ শক্তি বৰ্দ্ধনত ব্যৱহাৰ কৰা হ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ব্যৱহাৰিক ক্ষেত্ৰৰ যাৱতীয় সিদ্ধান্তসমূহ চূড়ান্ত কৰিব। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, কেন্দ্ৰীয় সামগ্ৰী সংগ্ৰহ, ৰে’ল বিভাগ, স্বাস্থ্য গৱেষণা-ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ আদিৰ দৰে আঁচনি ৰূপায়ণৰে জড়িত বিভাগ-সংস্থাসমূহে পৰিস্থিতি সাপেক্ষে সময়ে সময়ে প্ৰয়োজনীয়তাসমূহৰ বিষয়ে অৱগত কৰি থাকিব।

আজিৰ তাৰিখত স্বাস্থ্য মন্ত্ৰালয়ে সংক্ৰমণ প্ৰতিৰোধ আৰু ৰোগ নিয়ন্ত্ৰণৰ লগতে স্বাস্থ্য খণ্ডত ল’ব লগা তত্পৰতা আৰু কৌশল নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত সাৰ্থক ৰূপতে মূল ভূমিকা পালন কৰি আহিছে। সম্প্ৰতি দেশত ১৫৭টা চৰকাৰী আৰু ৬৬টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰৰে মুঠ ২২৩টা পৰীক্ষাগাৰে ব্যাপক তত্পৰতাৰে ৰোগ বিশ্লেষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ক’ভিড-১৯ৰ ব্যৱস্থাপনাত ব্যয় কৰিব পৰাকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ইতিমধ্যে ৪১১৩কোটি টকা মোকলাই দিছে।

****

MV/KB



(Release ID: 1612638) Visitor Counter : 294