গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

সাহায্য কাৰ্যসূচীৰ বাবে এফচিআইৰ পৰা প্ৰত্যক্ষভাৱে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব এনজিঅ’সমূহে

Posted On: 08 APR 2020 8:47PM by PIB Guwahati

সমগ্ৰ দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত অভাৱী আৰু দৰিদ্ৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত দেশৰ এজিঅতথা স্বেচ্ছাসেৱী সংস্থাসমূহে ব্যাপক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। এইসমূহ সংস্থাই যাতে এনেদৰে খাদ্য সামগ্ৰী যোগান ধৰি থাকিব পাৰে, তাৰ বাবে এনে সংস্থাসমূহলৈ খাদ্যসামগ্ৰীৰ যোগান ব্যাহত নহবৰ বাবে চৰকাৰে ভাৰতীয় খাদ্য নিগমক মুকলি বজা বিক্ৰী আঁচনি চমুকৈ OMSS ৰ দৰত আটা আৰু চাউল প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত কোনো ই-বিক্ৰী প্ৰক্ৰিয়া অৱলম্বন কৰিব নালাগে বুলিও নিৰ্দেশ দিছে। উল্লেখ্য যে এই পৰ্যন্ত OMSS দৰত এফচিআইৰ পৰা সামগ্ৰী কেৱল ৰাজ্য চৰকাৰসমূহ আৰু ৰলাৰ ফ্লৰ মিলৰ দৰে পঞ্জীভুক্ত ব্যৱহাৰকাৰীয়েহে ক্ৰয় কৰিব পাৰিছিল।

এতিয়াৰে পৰা এনে এনজিঅসমূহে এবাৰত এফচিআইৰ পৰা ১ ৰ পৰা ১০ মেট্ৰিক টন সামগ্ৰী ক্ৰয় কৰিব পাৰিব। সম্প্ৰতি এফচিআইৰ সমগ্ৰ দেশতে আছে ২০০০ ৰো অধিক গুডাম আৰু এনে এক সংকটৰ সময়ত এনে প্ৰতিষ্ঠানসমূহলৈ দেশৰ বিভিন্ন প্ৰান্তত খাদ্য সামগ্ৰীৰ যোগান অৰ্থাৎ সাহায্য সামগ্ৰীৰ যোগান অব্যাহত ৰাখিব পাৰিব এই খাদ্যসামগ্ৰীবোৰ যাতে সংশ্লিষ্ট উদ্দেশ্যতহে ব্যৱহাৰ কৰা হয়, সেয়া নিশ্চিত কৰিবৰ বাবে তেনেবোৰ প্ৰতিষ্ঠান বা সংস্থাই আহৰণ কৰা খাদ্যসামগ্ৰীৰ সবিশেষ সংশ্লিষ্ট স্থানৰ জিলা দণ্ডাধীশক অৱগত কৰা হব। সমগ্ৰ দেশতে এই খাদ্য সামগ্ৰীসমূহৰ ক্ষীপ্ৰ উপলব্ধতা নিশ্চিত কৰিবৰ বাবে লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা এফচিআইয়ে অতিৰিক্ত খাদ্য সামগ্ৰী থকা ৰাজ্য সমূহৰ পৰা ২.২ মিলিয়ন টন খাদ্য সামগ্ৰী আহৰণ কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া বিতৰণৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ ১ মিলিয়ন টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।

ইয়াৰ উপৰিও এফচিআইয়ে প্ৰায় ৩.২ মিলিয়ন টন খাদ্য সামগ্ৰী ৰাজ্য চৰকাৰসমূহক প্ৰদান কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত। ০৭ এপ্ৰিল, ২০২০ তাৰিখলৈ এফচিআইৰ হাতত মজুত আছিল ৫৪.৪২ মিলিয়ন মেট্ৰিক টন খাদ্য সামগ্ৰী (৩০.৬২ মিলিয়ন মেট্ৰিক টন চাউল আৰু ২৩.৮০ মিলিয়ন মেট্ৰিক টন আটা)পিডিএছ আৰু চৰকাৰী আঁচনিসমূহলৈ পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ সমান্তৰালকৈ এফচিআইয়ে মুকলি বজাৰতো খাদ্যৰ নাটনি নোহোৱা এক পৰিস্থিতি ৰক্ষা কৰিছে, যাতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি নহয়। ইয়াৰ বাবেই এই পৰ্যন্ত ১.৪৫ লাখ মেট্ৰিকটন আটা আৰু ১.৩৩ লাখ মেট্ৰিক টন চাউন আবণ্টন কৰা হৈছে। লকডাউনৰ সময়ছোৱাত দেশৰ প্ৰতিটো প্ৰান্ততে যাতে খাদ্য যোগান ব্যাহত নহয় তাৰ বাবে সৰ্বাত্মক ৰূপত গুৰুত্ব প্ৰদান কৰা হৈছে।

*****

APS/PK/MS/BA/RD



(Release ID: 1612499) Visitor Counter : 237