কৃষি মন্ত্ৰালয়

কৃষকসকললৈ সাহায্য প্ৰদান প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰিবলৈ ৰাজ্যিক কৃষি মন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিল শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

ক’ভিড-১৯ৰ মহামাৰীৰ দৰে প্ৰত্যাহ্বানমূলক সময়ছোৱাতো কৃষি কাৰ্য অব্যাহত ৰখাৰ বাবে গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভূমিকাক শ্ৰী টোমৰৰ প্ৰশংসা

ৰাজ্যসমূহক কৃষি সম্বন্ধীয় গতিবিধিত শিথিলতা প্ৰদান কৰা সন্দৰ্ভত ক্ষেত্ৰীয় সংস্থাসমূহক সংবেদনশীল কৰা তথা কৃষি উৎপাদন, উৰ্বৰক আৰু কৃষি উপকৰণ তথা যন্ত্ৰাদিৰ সঞ্চালনৰ অনুমতি প্ৰদান কৰাৰ বিষয়ে উল্লেখ

ভিডিঅ’ কনফাৰেন্সযোগে ১৬ এপ্ৰিল ২০২০ তাৰিখে অনুষ্ঠিত হ’ব খাৰিফ ৰাষ্ট্ৰীয় সন্মিলনঃ শ্ৰী টোমৰ

Posted On: 09 APR 2020 10:17AM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে যোৱা সন্ধিয়া ৰাজ্যসমূহৰ কৃষি মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয়৷ এই বৈঠকত ৰাজ্যিক মন্ত্ৰী শ্ৰী পৰষোত্তম ৰুপালা আৰু সচিব (এচি এণ্ড এফ ডব্লিউ)শ্ৰী কৈলাশ চৌধুৰী, বিশেষ সচিব, অতিৰিক্ত সচিব (কৃষি) শ্ৰী সঞ্জয় অগৰৱাল আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

বৈঠকখনত কৃষি কাৰ্য সম্বন্ধীয় বিভিন্ন বিষয় যেনে কৃষি বজাৰ, এমএছপিত ইয়াৰ আহৰণ, বীজ আৰু সাৰৰ যোগান, লজিষ্টিক আদিৰ বিষয়ে ৰাজ্যসমূহৰ কৃষি মন্ত্ৰী আৰু ৰাজ্যৰ অন্যান্য বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়৷

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷ ৰাজ্যসমূহক নিম্নোক্ত দিশসমূহত লকডাউনৰ সময়ছোৱাত শিথিলতা প্ৰদান কৰাৰ বাবে অৱগত কৰা হয়ঃ

  • কৃষিজাত সামগ্ৰী কৰা সংস্থা, এমএছপিকে ধৰি;
  • খেতি পথাৰত কৃষক আৰু কৃষি কৰ্মীসকলে কৰা কাৰ্য;
  • কৃষি সামগ্ৰী বিপণন কমিটী অথবা ৰাজ্য চৰকাৰৰ দ্বাৰা অধিসূচীত ‘মণ্ডী’সমূহ;
  • বীজ, সাৰ আৰু কীটনাশক দ্ৰব্যৰ দোকানসমূহ;
  • বীজ, সাৰ আৰু কীটনাশক দ্ৰব্যসমূহৰ নিৰ্মাণ আৰু পেকেজিং;
  • কাষ্টম হায়াৰিং চেণ্টাৰ (চিএইচচি) সম্পৰ্কীয় কৃষি যন্ত্ৰাদি;
  • কৃষি সম্বন্ধীয় কাৰ্যৰ বাবে আন্তঃৰাজ্যিক সঞ্চালন
  • শীতলীকৰণ ভৱন আৰু পণ্যাগাৰ সেৱা;
  • খাদ্য সামগ্ৰীৰ পেকেজিং পদাৰ্থৰ নিৰ্মাণ;
  • অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ;
  • চাহ উদ্যোগ, সৰ্বাধিক ৫০% কৰ্মীৰ সৈতে চাহপুলি ৰোপণ কাৰ্য৷

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক এই সময়ছোৱাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় সকলো সাহায্য আৰু সমৰ্থন প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷

বৈঠকখনত মন্ত্ৰালয়ৰ পৰা ই-ট্ৰেডিং আৰু নিবিদাৰ বাবে ই-নামৰ বিভিন্ন মডিউল মুকলি কৰা হৈছে বুলি অৱগত কৰা হৈছে৷ তাৰোপৰি বৈঠকখনত ফচল ক্ৰয়, যোগানসমূহৰ উপলব্ধতা, ক্ৰেডিট, বীমা আৰু কৃষিজাতীয় সামগ্ৰীসমূহৰ আন্তঃৰাজ্যিক সঞ্চালন আদিৰ সমস্যাসমূহৰ বিষয়েও আলোচনা কৰা হয়৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ১৬ এপ্ৰিল ২০২০ তাৰিখে ভিডিঅ’ কনফাৰেন্সযোগে খাৰিফ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷ 

*****

APS/PK/MS/BA/MANN



(Release ID: 1612463) Visitor Counter : 174