ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ ভাৰতীয় ৰে’লে নিয়োজিত কৰিব ২৫০০ চিকিতসক আৰু ৩৫০০০ স্বাস্থ্যসেৱা-কৰ্মী বিভিন্ন মণ্ডলে প্ৰয়োজন সাপেক্ষে অধিক সংখ্যক চিকিত্সক আৰু স্বাস্থ্যসেৱা-কৰ্মী অস্থায়ী ভিত্তিত নিয়োগ কৰিব

ক’ভিড-১৯ আক্ৰান্তক চিকিত্সা কৰাৰ বাবে ৰে’ল বিভাগে আচুতীয়াকৈ ৰখা ১৭খন চিকিত্সালয় আৰু চিকিত্সালয়ৰ ৩৩টা


আংশিক গোটত নিৰ্দিষ্ট কৰিলে ৫০০০খন বিচনা, যিকোনো প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু
ভাৰতীয় ৰেটলৰ ৫০০০টা ডবা ‘কোৱাৰেণ্টাইন-আইছ’লেশ্যন কক্ষ’লৈ ৰূপান্তৰৰ তত্পৰতা, ৩২৫০টা ডবাৰ ৰূপান্তৰণ সম্পূৰ্ণ


ৰাষ্ট্ৰীয় প্ৰয়াসক সহযোগিতা আগবঢ়াব পৰাকৈ ডবা নিৰ্মাণ কাৰখানা, অন্যান্য কাৰখানা, ডবা-আস্থান, চিকিত্সালয় আদিত ‘পিপিই’, ‘ছেনিটাইজাৰ’, ‘মাস্ক’ আদিৰ উত্পাদনৰ বিশেষ তত্পৰতা

Posted On: 08 APR 2020 5:34PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে ভাৰত চৰকাৰে অব্যাহত ৰখা অভিযানত সৰ্বান্তঃকৰণৰে সহযোগিতা আগবঢ়াইছে ভাৰতীয় ৰেলে। কভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতি চম্ভালিব পৰাকৈ বিভাগটোৰ হাস্পটালসমূহক সাজু কৰাৰ লগতে সাম্ভাব্য পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ অতিৰিক্ত চিকিত্সক, স্বাস্থ্যসেৱা-কৰ্মীৰ সংযোজন, যাত্ৰীবাহী ডবাসমূহক কোৱাৰেণ্টাইন-আইছলেশ্যন কক্ষলৈ ৰূপান্তৰিতকৰণ, চিকিত্সা উপকৰণৰ সংগ্ৰহ, নিজাববীয়াকৈ ব্যক্তিগত সুৰক্ষা উপকৰণ, ভেণ্টিলেটৰ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ উত্পাদনৰ বিভিন্ন কাৰ্যক্ৰম যুদ্ধকালীন তত্পৰতাৰে অব্যাহত ৰাখিছে বিভাগটোৱে।

ইতিমধ্যে ভাৰতীয় ৰেলৰ স্বাস্থ্যসেৱা বিভাগে ভাৰত চৰকাৰে অব্যাহত ৰখা কভিড-১৯ বিৰোধী যুঁজত অৱতীৰ্ণ হব পৰাকৈ নিজকে সষ্টম কৰি তুলিছে। উল্লেখ্য যে, ভাৰতীয় ৰেলৰ দেশ জুৰি থকা স্থাস্থ্য সুৰক্ষা শৃংখলটোত আছে ৫৮৬টা প্ৰাথমিক চিকিত্সা গোট, ৪৫খন উপ-সংমণ্ডলীয় চিকিত্সালয়, ৫৬খন সংমণ্ডলীয় চিকিত্সালয়, ৮খন নিৰ্মাণ গোট চিকিত্সালয় আৰু ১৬খন মাণ্ডলিক চিকিত্সালয়। এই শৃংখলৰ এক বৃহত্ অংশই এতিয়া কৰোনা-আক্ৰান্তৰ চিকিত্সাৰ বাবে আচুতীয়াকৈ ৰখা হৈছে। ইয়াত প্ৰথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চিকিত্সা সেৱা আগবঢ়োৱাৰো বিশেষ ব্যৱস্থা আছে।

ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰতীয় ৰেলে গ্ৰহণ কৰা বিশেষ পদক্ষেপসমূহ :

১. প্ৰথম পৰ্যায়ত ৮০০০০খন বিচনাৰে ৫০০০টা ডবাক ‘আইছ’লেশ্যন’ আৰু ‘কোৱাৰাণ্টাইন’ কক্ষলৈ ৰূপান্তৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগতে ৩২৫০টা ডবাৰ ৰূপান্তৰণৰ কাম ইতিমধ্যেই সম্পূৰ্ণ কৰা হৈছে।

২. ক’ভিড-১৯ আক্ৰান্তক চিকিত্সা কৰাৰ বাবে ৰে’ল বিভাগে আচুতীয়াকৈ ৰখা ১৭খন চিকিত্সালয় আৰু চিকিত্সালয়ৰ ৩৩টা আংশিক ভাগৰ ৫০০০খন বিচনা আচুতীয়া কৰাৰ লগতে সাম্ভাব্য যিকোনো প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু কৰি তোলা হৈছে বিভাগটোক।

৩. ১১০০০ খন কোৱাৰাণ্টাইন বিচনা : কোভিড-১৯ বিৰোধী যুঁজৰ প্ৰস্তুতি হিচাপে বিভাগটোৰ বিভিন্ন গোটসমূহত ১১০০০খন বিচনা সাজু কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।

৪. চিকিত্সা উপকৰণৰ উপলব্ধতা : ৰাষ্ট্ৰীয় প্ৰয়াসক সহযোগিতা আগবঢ়াব পৰাকৈ ৰে’ল বিভাগৰ ডবা নিৰ্মাণ কাৰখানা, অন্যান্য কাৰখানা, ডবা-আস্থান, চিকিত্সালয় আদিত  ‘ব্যক্তিগত সুৰক্ষা উপকৰণ’(পিপিই), ছেনিটাইজাৰ, মাস্ক আদিৰ নিৰ্মাণ-প্ৰস্তুত কৰাৰ বাবে বিশেষ তত্পৰতা গ্ৰহণ কৰা হৈছে।

৫. বিভাগটোৰ বিভন্ন গোটে প্ৰতিদিনে প্ৰায় ১০০০টা ‘ব্যক্তিগত সুৰক্ষা উপকৰণ’(পিপিই) ৰ উত্পাদন কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।

৬. কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীলৈ যাৱতীয় চিকিত্সাসেৱা আগবঢ়োৱাৰ বাবে ৰে’ল বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। সংশ্লিষ্টসকলে বিভাগীয় পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি ৰে’ল বিভাগৰ চিকিত্সালয়সমূহত চিকিত্সা সেৱা গ্ৰহণ কৰিব পাৰিব।

 

****

SG/MKV/KB



(Release ID: 1612348) Visitor Counter : 226