ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ক’ভিড-১৯ : দিল্লীত অভাৱী পৰিয়ালৰ মাজত বিতৰণ কৰিবৰ বাবে কেন্দ্ৰীয় ভাণ্ডাৰে প্ৰস্তুত কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ ২২০০ টোপোলা বিতৰণ কৰিলে মন্ত্ৰী ড. জীতেন্দ্ৰ সিঙে
Posted On:
08 APR 2020 3:43PM by PIB Guwahati
ক’ভিড ১৯ মহামাৰী প্ৰতিহত কৰাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা লকডাউনৰ প্ৰতি সঁহাৰি প্ৰদান কৰি কৰ্মচাৰী, ৰাজহুৱা বিবাদ আৰু পেঞ্চন বিভাগৰ লগতে ড’নাৰ মন্ত্ৰালয়ৰো স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ড. জীতেন্দ্ৰ সিঙে লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা ভালেমান উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মী আৰু প্ৰশিক্ষণ বিভাগৰ অন্তৰ্গত কেন্দ্ৰীয় ভাণ্ডাৰে এই ক্ষেত্ৰত অভাৱী পৰিয়ালসমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰাৰ এক বিশেষ পদক্ষেপ হাতত লৈছে।

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা এট’মিক এনাৰ্জী আৰু স্পেচ, পেঞ্চন, ৰাজহুৱা বিবাদ দপ্তৰৰো মন্ত্ৰী ড. জীতেন্দ্ৰ সিঙে আজি ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা লকডাউনৰ ফলত অভাৱৰ সমূখীন হোৱা পৰিয়ালসমূহৰ মাজত বিতৰণ কৰিবৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ২২০০ টা টোপোলা হস্তান্তৰ কৰে। একোটা পৰিয়ালকৈ কিছুদিনৰ বাবে হ’লেও সকাহ প্ৰদান কৰিবৰ বাবে আগবঢ়োৱা এই টোপোলাবোৰৰ প্ৰতিটোতে ৯ বিধকৈ খাদ্য সামগ্ৰী আছে।

ড. জীতেন্দ্ৰ সিঙে ১৭০০ টা পেকেট উপ-জিলা দণ্ডাধীশ, চিভিল লাইন, চেণ্ট্ৰেল দিল্লীৰ হাতত অৰ্পন কৰে, আৰু বাকী ৫০০ টা পেকেট জিলা দণ্ডাধীশ (চেণ্ট্ৰেল)ৰ হাতত অৰ্পন কৰা হ’ব।
কেন্দ্ৰীয় ভাণ্ডাৰে অভাৱী পৰিয়ালসমূহৰ মাজত বিতৰণ কৰিবলৈ মুঠ ২২০০ টা সামগ্ৰীৰ টোপোলা সাজু কৰিছে।
প্ৰতিটো টোপোলাতে নিম্নোক্ত সামগ্ৰীসমূহ আছে -
1. চাউল ৩ কিলোগ্ৰাম
2. আটা ৩ কিলোগ্ৰাম
3. দাইল – ২ কিলোগ্ৰাম
4. মিঠাতেল – ১ লিটাৰ
5. চিৰা/পোহা – ৫০০ গ্ৰাম
6. নিমখ – ১ কিলোগ্ৰাম
7. গা-ধোৱা চাবোন ১ টুকুৰা
8. ডিটাৰজেণ্ট চাবোন ১ টুকুৰা
9. বিস্কুট ৩ পেকেট
<><><><><>
VG/SNC/RD
(Release ID: 1612288)