বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ন’ভেল ক’ৰোনা ভাইৰাছ Genome Sequencing ৰ ওপৰত গৱেষণা আৰম্ভ কৰিছে ভাৰতীয় গৱেষকে
পোষ্ট কৰা হৈছে:
08 APR 2020 11:23AM by PIB Guwahati
ন’ভেল ক’ৰোনা ভাইৰাছ হৈছে এবিধ নতুন ভাইৰাছ আৰু এই ভাইৰাছবিধৰ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া সন্দৰ্ভত গৱেষকসকলে গৱেষণা অব্যাহত ৰাখিছে। হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’ল’জী চমুকৈ CCMB আৰু নতুন দিল্লীৰ ইনষ্টিটিউট অৱ জেন’মিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়’ল’জী চমুকৈ IGIB শীৰ্ষক দুটাকৈ ইনষ্টিটিউট অৱ চেণ্টাৰ ফৰ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ চমুকৈ CSIR এ ন’ভেল ক’ৰোনা ভাইৰাছৰ এক সামগ্ৰিক Genome Sequencing ৰ ওপৰত যুটীয়াভাৱে কাম কৰি আছে।
ইণ্ডিয়া ছায়েন্স ৱায়াৰ, ডিএছটিৰ জ্যেষ্ঠ বিজ্ঞানী জ্যোতি শৰ্মাৰ সৈতে হোৱা বাৰ্তালাপত চিচিএমবিৰ সঞ্চালক ড. ৰাকেশ মিশ্ৰই কয়, “ইয়াৰ ফলত এই ভাইৰাছৰ উৎপত্তি আৰু প্ৰসাৰৰ বিষয়ে আমি জানিবলৈ সক্ষম হ’ম। ই কিমান গতিশীল আৰু কিমান ক্ষীপ্ৰতাৰে সংক্ৰমিত হয় সেয়াও আমি জানিবলৈ সক্ষম হ’ম। এই অধ্যয়নৰ ফলত আমি জানিবলৈ সক্ষম হ’ম যে ই কিমান তৎপৰতাৰে বৃদ্ধি হয়, আৰু ইয়াৰ ফলত ভৱিষ্যতে কেনেবোৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।”
Whole-Genome Sequencing হৈছে এনে এক পদ্ধতি, যিটোৰ জৰিয়তে এটা নিৰ্দ্দিষ্ট জীৱাণুৰ Genome ৰ সম্পূৰ্ণ ডিএনএ অনুক্ৰমণ জানিব পৰা যায়। শেহতীয়া এই ক’ৰোনা ভাইৰাছৰ অনুক্ৰমণৰ গৱেষণা কৰিবলৈ ক’ভিড-১৯ পজিটিভ থকা ৰোগীৰ দেহৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে আৰু ইয়াক ছিকুৱেন্সিং কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে Genome Sequencing ৰ গৱেষণাৰ বাবে বৃহৎ সংখ্যক নমুনাৰ প্ৰয়োজন হয়। ড. মিশ্ৰই লগতে কয়, “পৰ্যাপ্ত পৰিমাণত তথ্য অবিহনে চূড়ান্ত সিদ্ধান্ত দিয়াটো ভুল হ’ব। আমি যথাসম্ভৱ অধিক পৰিমাণৰ নমুনা ছিকুৱেন্সিং কৰিছো, আৰু কেইশমান ছিকুৱেন্সিং যদিহে আমি লাভ কৰো তেন্তে আমি এই ভাইৰাছবিধৰ বিভিন্ন জৈৱিক দিশৰ পৰা ভালেমান সাম্ভাৱ্য তথ্য লাভ কৰিব পাৰিম।”
উল্লেখ্য যে প্ৰতিটো প্ৰতিষ্ঠানৰ পৰাই তিনি-চাৰিগৰাকী লোকে এই ছিকুৱেন্সিংৰ কামত ব্যস্ত আছে। পৰৱৰ্তী ৩-৪ সপ্তাহত গৱেষকসকলে ২০০-৩০০ আইছ’লেটছ লাভ কৰিবলৈ সক্ষম হ’ব আৰু এই তথ্যখিনিয়ে ভাইৰাছবিধৰ প্ৰকৃতি তথা গতিবিধি সন্দৰ্ভত যথেষ্ট দিশ প্ৰদান কৰিব। এই উদ্দেশ্যে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’ল’জীক বিভিন্ন স্থানত আছুতীয়াকৈ ৰখা বাইৰাছ প্ৰদান কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। এই পদক্ষেপে বিজ্ঞানীসকলক এক স্পষ্ট ছবি দাঙি ধৰাৰ বাবে সমগ্ৰ দেশকে সামৰি লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। লগতে ভাইৰাছৰ এক ফেমিলি ট্ৰি বা বংশবৃক্ষ স্থাপন কৰাৰ ক্ষেত্ৰতো সহায় কৰিব। ড. মিশ্ৰই কয় যে ইয়াৰ ওপৰত ভিত্তি কৰিয়েই এই ভাইৰাছবিধ ক’ৰ পৰা প্ৰকৃততে আহিছে, ইয়াৰ কোনটো অংশ দুৰ্বল, কোনটো অংশ শক্তিশালী সেই সকলোবোৰ দিশ উলিয়াব পৰা যাব। তেওঁ লগতে কয়, “এই গৱেষণাই অধিক উন্নত আইছ’লেশ্যন কৌশল কাৰ্যকৰী কৰা আৰু ইয়াক বুজি পোৱাত যথেষ্ট সহায় কৰিব।”
ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে নমুনা পৰীক্ষণৰ সামৰ্থ্যও বৃদ্ধি কৰিছে। বৃহৎ সংখ্যক লোকক এই পৰীক্ষাগাৰত পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁলোকক মাচ-স্ক্ৰীণিং বা গণ পৰীক্ষণৰ বাবেও সাজু কৰা হৈছে। এনে ব্যৱস্থাই বৃহৎসংখ্যক পজিটিভ কেছ চিনাক্ত কৰিব আৰু তেওঁলোকক কোৰেণ্টাইনলৈ প্ৰেৰণ কৰিব।
*****
KGS/RD
(ৰিলিজ আই ডি : 1612235)
অতিথি কক্ষ : 223
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam