পোষ্ট কৰা হৈছে:
08 APR 2020 11:42AM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা ব’ৰ্ড (এছইআৰবি) শীৰ্ষক এক স্বায়ত্বশাসিত প্ৰতিষ্ঠানে আইআইটি ব’ম্বেৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগ (ডিবিবি)ক ক’ভিড-১৯ৰ ন’ভেল ক’ৰনা ভাইৰাছক নিষ্ক্ৰিয় কৰি তোলা প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে৷
এই বিত্তপোষণৰ জৰিয়তে আইআইটি ব’ম্বেৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগে এক নাসিকা জেল প্ৰস্তুত কৰিব যি ক’ৰনা ভাইৰাছৰ প্ৰধান প্ৰৱেশ পথত ইয়াক বাধা প্ৰদান কৰিব৷ এই সমাধানে কেৱল স্বাস্থকৰ্মীসকলক উপকৃত কৰাই নহয় বৰঞ্চ ই জনসংক্ৰমণো প্ৰতিৰোধ কৰাত সহায়ক হ’ব৷
দলটোৱে দুটা পৰ্যায়ত ছাৰ্চ-চিঅ’ভি-২ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ দিশত অগ্ৰসৰ হৈছে৷ যিহেতু এই ভাইৰাছবিধে হাঁওফাঁওৰ হোষ্ট কোষৰ ভিতৰত নিজৰ প্ৰতিলিপি পুনৰ নিৰ্মাণ কৰি ল’ব পাৰে৷ সেয়ে প্ৰথমটো পৰ্যায়ত ইয়াত হোষ্ট কোষৰ ভিতৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হ’ব৷ কিন্তু তথাপিও ভাইৰাছসমূহ সক্ৰিয় হৈ থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ সেয়ে ইয়াক নিষ্ক্ৰিয় কৰি তোলাটো আৱশ্যক হ’ব৷ দ্বিতীয় পৰ্যায়ত ইয়াৰ ওপৰত সেই জেল প্ৰয়োগ কৰি ইয়াক নিষ্ক্ৰিয় কৰিবলৈ প্ৰয়াস কৰা হ’ব৷
এই সন্দৰ্ভত ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে এই নাসিকা জেলৰ জৰিয়তে আমাৰ স্বাস্থ্যকৰ্মীসকলক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰিব পৰা হ’ব৷
উল্লেখ্য, এই প্ৰকল্পটোত জড়িত আছে অধ্যাপক কিৰণ কণ্ডাবাগিল, অধ্যাপক ৰিণ্টি বেনাৰ্জী, অধ্যাপক আশুতোষ কুমাৰ আৰু অধ্যাপক শ্বামিক সেন৷ আগন্তুক ৯ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে৷
(অধিক তথ্যৰ বাবে যোগাযোগ কৰক অধ্যাপক কিৰণ কণ্ডাবাগিল, kirankondabagil@iitb.ac.in, ম’বাইল- ৯৬১৯৭৩৯৬৩০)
*****
KGS/(DST)/MANN