ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ অধীনত ৰোগী আৰু বয়োজ্যেষ্ঠ লোকক ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ যোগান ‘স্বাস্থ্য কে চিপাহী’ৰ

Posted On: 07 APR 2020 4:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ ফাৰ্মাচীষ্ট, যাক আমি ‘স্বাস্থ্য কে চিপাহী’ বুলিও জানো, তেওঁলোকে ভাৰত চৰকাৰৰ অধীনৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা চমুকৈ PMBJP ৰ অংশ হিচাপে ৰোগী আৰু বয়োজ্যেষ্ঠ লোকৰ ঘৰে ঘৰে গৈ ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰৰ অংশ হিচাপে এইসকল লোকে মানসম্পন্ন জেনেৰিক মেডিচিন সৰ্বসাধাৰণ লোকৰ বাবে সুলভ মূল্যত উপলব্ধ কৰোৱাৰ উপৰিও দেশৰ বিভিন্ন স্থানত থকা বয়োজ্যেষ্ঠ লোকসকলৰ বাবে ঘৰে ঘৰে গৈ ঔষধ যোগান ধৰিছে, যাতে এই ক’ৰোনা মহামাৰীৰ সংকটপূৰ্ণ সময়ত তেওঁলোক সুস্থ হৈ থাকিব পাৰে। চৰকাৰে আহ্বান জনোৱা সামাজিক ব্যৱধানৰ অংশ হিচাপে এই পদক্ষেপ হাতত লৈছে এই সকল স্বাস্থ্য চিপাহীয়ে।

 

 

 

উল্লেখ্য যে প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰসমূহ ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ফাৰ্মাচিউটিকেলছ বিভাগৰ অন্তৰ্গত ব্যুৰ’ অৱ ফাৰ্মা পিএছইউ অৱ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত হয়। ইয়াৰ উদ্দেশ্য হৈছে যিকোনো লোকলৈ সুলভমূল্যত মানসম্পন্ন চিকিৎসা সেৱা প্ৰদান কৰা। সম্প্ৰতি, সমগ্ৰ দেশতে ৬৩০০ ৰো অধিক প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰ চলি আছে আৰু সমগ্ৰ দেশৰে ৭২৬ খন জিলা সামৰি আছে।

 

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ১৪ এপ্ৰিললৈ ২১ দিনৰ লকডাউন ঘোষণা কৰিছে। এনে এক পৰিস্থিতিত এই প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰসমূহে অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা সুনিশ্চিত কৰাৰ উপৰিও সেইবোৰ ৰোগীৰ ঘৰৰ পদূলিতে উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। অলপতে এই সন্দৰ্ভত এগৰাকী স্বাস্থ্য চিপাহীয়ে তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। তেওঁ কয়, তেওঁক অলপতে বাৰাণসীৰ পাহাৰীয়াৰ প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰত এগৰাকী বয়োজ্যেষ্ঠ মহিলাই সহায়ৰ বাবে মাতি পঠিয়াইছিল। ফাৰ্মাচিষ্টগৰাকীৰ মতে এইগৰাকী মহিলা তেওঁৰ স্বামীৰ সৈতে বাৰাণসীত থাকে আৰু তেওঁৰ জমা ঔষধখিনি শেষ হৈ পৰিছে। দৈনিক এই ঔষধখিনি গ্ৰহণ নকৰিলে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ কথাও মহিলাগৰাকীয়ে উল্লেখ কৰিছিল। এই কথা শুনি ফাৰ্মাচিষ্টগৰাকী ৰৈ থাকিব নোৱাৰিলে আৰু ততালিকে প্ৰয়োজনীয় ঔষধখিনি লৈ বয়োজ্যেষ্ঠ দম্পতীহালৰ ঘৰ ওলালগৈ। সেই তেতিয়াৰে পৰা এইগৰাকী ফাৰ্মাচিষ্টে বিভিন্ন ৰুগীয়া আৰু বয়োজ্যেষ্ঠ লোকৰ ঘৰলৈ গৈ ঔষধ প্ৰদান কৰি আহিছে।

 

সমগ্ৰ দেশৰ ভিতৰত গুৰুগ্ৰামত থকা এটা কেন্দ্ৰীয় ৱেৰহাউচ, গুৱাহাটী আৰু চেন্নাইত থকা দুটা আঞ্চলিক ৱেৰহাউচ আৰু ৫০ টা বিতৰকে দেশৰ প্ৰতিটো কেন্দ্ৰলৈ ঔষধৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। জন ঔষধি এপ্পৰ যোগেদিও জনসাধাৰণে ঔষধৰ অৰ্ডাৰ কৰিব পাৰিব। এই এপ্প গুগল প্লেষ্টোৰ আৰু আই-ফোন ষ্টোৰতো উপলব্ধ।

 

এই লকডাউনৰ সময়ত আপুনিও জনঔষধি পৰিযোজনাৰ শেহতীয়া আপডেট লাভ কৰিব পাৰিব। তাৰ বাবে ফে’চবুক, টুইটাৰ ইনষ্টাগ্ৰাম আদিত @pmbjpbppi ত ফ’ল’ কৰিব লাগিব।

 

***

RCJ/RKM/RD



(Release ID: 1612002) Visitor Counter : 231