প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

प्रविष्टि तिथि: 07 APR 2020 4:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ প্ৰধানমন্ত্ৰী ষ্টীফেন ল’ফভেনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰাৰ লগতে দুয়োখন দেশত স্বাস্থ্য আৰু অৰ্থনীতিৰ প্ৰতিকূল পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বিষয়েও আলোচনা কৰে৷

দুয়োগৰাকী নেতাই ভাৰত আৰু ছুইডেনৰ মাজত গৱেষণাকাৰী আৰু বিজ্ঞানীসকলৰ তথ্য বিনিময় কৰাৰ লগতে ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত সহযোগী হোৱাৰ বাবেও সহমত পোষণ কৰে৷

বাৰ্তালাপত দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসাগত সামগ্ৰী যোগানৰ বাবে পৰস্পৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব বুলি সন্মতি প্ৰদান কৰে৷

 

***

VRRK/AK/MANN


(रिलीज़ आईडी: 1612000) आगंतुक पटल : 227
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam