PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 APR 2020 6:43PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ভিড-১৯ সন্দৰ্ভত আপডেট

এই পৰ্যন্ত দেশত ৪,০৬৭টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ১০৯টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ২৯১ জনক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে৷ বৰ্তমানলৈ উপলব্ধ তথ্য অনুসৰি নিশ্চিত পৰিঘটনাসমূহৰ ৭৬% পুৰুষ আৰু ২৪% মহিলা৷ বয়সৰ দিশৰ পৰা ৪৭% লোক ৪০ বছৰ বয়সৰ তলৰ লোক, ৩৪% লোক ৪০-৬০ বছৰৰ বয়সৰ আৰু ১৯% লোক ৬০ বছৰ বয়সৰ ঊৰ্ধৰ লোক৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611676

কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ ,ভিড-১৯ৰ বিৰুদ্ধে উৎসাহী, দৃঢ় সংকল্পিত আৰু সজাগ হৈ থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

পিএম গৰীব কল্যাণ যোজনাৰ অধীনত হিতাধিকাৰীসকলে যাতে নিৰৱচ্ছিন্নভাৱে সুবিধা লাভ কৰিব পাৰে তাৰে নিশ্চিতিৰ বাবে নিৰীক্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলক আহ্বান জনায়৷ তেওঁ কয় যে মন্ত্ৰীসকলে ৰাজ্য আৰু জিলা প্ৰশাসনসমূহৰ সৈতে সমন্বয় স্থাপন কৰি সমস্যাসমূহৰ সমাধান প্ৰদান কৰাৰ লগতে জিলাভিত্তিত সুক্ষ্ম পৰিকল্পনাসমূহো প্ৰণয়ন কৰা উচিত৷ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক প্ৰভাৱসমূহৰ বিৰুদ্ধে প্ৰস্তুত থাকিবলৈ মন্ত্ৰালয়সমূহে যুদ্ধকালীন গতিত প্ৰস্তুতি চলোৱা আৱশ্যক বুলি তেওঁ উল্লেখ কৰে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611660

ভিড-১৯ ব্যৱস্থাপনাৰ বাবে বছৰলৈ (২০২০-২১ আৰু ২০২১-২২) এমপিএলএডিএছৰ কাৰ্য বন্ধ কৰিবলৈ কেবিনেটৰ অনুমোদন

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আগন্তুক দুবছৰলৈ (২০২০-২১ আৰু ২০২১-২২) সাংসদীয় স্থানীয় এলেকা উন্নয়ন আঁচনি (এমপিএলএডিএছ)ৰ কাম বন্ধ ৰাখিবলৈ অনুমোদন জনায়৷ এই আঁচনিৰ পুজিসমূহ দেশত ক’ভিড-১৯ৰ প্ৰতিকূল প্ৰভাৱসমূহৰ ব্যৱস্থাপনাৰ বাবে ব্যয় কৰা হ’ব৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611790

বিদেশৰ পৰা পিপিইৰ যোগান আৰম্ভ হ’ল ভাৰতত

আজি চীনৰ পৰা ১.৭০ লাখ ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি (পিপিই) ক’ভাৰঅ’ল দেশত উপস্থিত হয়৷ ২০,০০০ ক’ভাৰঅ’লৰ ঘৰুৱা যোগানৰ সৈতে মুঠ ১.৯০ লাখ ক’ভাৰঅ’ল চিকিৎসালয়সমূহত বিতৰণ কৰা হৈছে আৰু এই পৰ্যন্ত ৩,৮৭,৪৭৩ পিপিই ইতিমধ্যেই ইয়াত সংযুক্ত কৰা হৈছে৷ ভাৰত চৰকাৰৰ দ্বাৰা মুঠ ২.৯৪ লাখ পিপিই ক’ভাৰঅ’লৰ ব্যৱস্থা আৰু যোগান ধৰা হৈছে৷ অধিক বিৱৰণৰ বাবে 

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611704

এদিনতে সৰ্বাধিক খাদ্য সামগ্ৰী পৰিবহণৰ অভিলেখ ৰচিলে এফচিআয়ে

দেশজোৰা লকডাউনৰ সময়ত দেশৰ সকলো প্ৰান্ততে পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ মজুত নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰি অহা ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমে এদিনতে ৭০ ৰেক অৰ্থাৎ ১৯৩ লাখ মেট্ৰিক টনকৈ একেৰাহে আৰু এপ্ৰিল, ২০২০ত খাদ্য সামগ্ৰীৰ পৰিবহনেৰে অভিলেখ ৰচনা কৰিছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611510

সমগ্ৰ দেশতে চিকিৎসা অক্সিজেনৰ যোগান সুচল কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে

সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিবে ৰাজ্যসমূহৰ মুখ্য সচিবলৈ চিকিৎসা অক্সিজেনৰ যোগান ব্যৱস্থা সুচল কৰি ৰখাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে৷ ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা অক্সিজেনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয় যে চিকিৎসা অক্সিজেনক বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় চিকিৎসা সঁজুলিৰ তালিকাত স্থান দিয়া হৈছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611743

ৰে’লৱেয়ে ২৫০০টা দবা আইচ’লেচন দবালৈ পৰিৱৰ্তিত কৰিছে; নিৰ্ধাৰিত লক্ষ্যৰ অৰ্ধেক সংখ্যকৰ পূৰণ অতি কম সময়তে সম্পূৰ্ণ কৰিছে ৰে’লৱেয়ে

২৫০০ দবাৰ পৰিৱৰ্তনৰ জৰিয়তে জৰুৰীকালীন অৱস্থাৰ বাবে ৪০০০০ আইচ’লেচন বিচনা প্ৰস্তুত হৈ উঠিছে৷ প্ৰতিদিনে প্ৰায় গড়ে ৩৭৫টাকৈ দবা ভাৰতীয় ৰে’লৱেৰ দ্বাৰা পৰিৱৰ্তিত হৈছে৷ দেশৰ ১৩৩টা স্থানত এই কাম সম্পন্ন হৈ আছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611671

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে তথা এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ৰণনীতিমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই এই স্বাস্থ্য সংক্ৰান্তীয় সংকটৰ পৰা মুক্তি পাবলৈ দ্বিপাক্ষিক অভিজ্ঞতাসমূহৰ বিনিময়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611627

ভিড-১৯ সন্দৰ্ভত ভুৱা তথ্যৰ ভাইৰাছসমূহ অনতিপলমে পৰীক্ষণ কৰকঃ উপ ৰাষ্ট্ৰপতি

ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধক অন্ধবিশ্বাস আৰু উৰাবাতৰিৰ দ্বাৰা দুৰ্বল নকৰিবলৈ সকীয়াই দি উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰিত ভুৱা তথ্যসমূহকভাইৰাছবুলি উল্লেখ কৰি ইয়াৰ পৰীক্ষণ কৰাটো প্ৰয়োজন বুলি মন্তব্য কৰে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611608

ক’ল ইণ্ডিয়াৰ সহযোগী এমচিএলে ভূৱনেশ্বৰত ক’ভিড-১৯ চিকিৎসালয় স্থাপনত যোগান ধৰিব পুঁজি

‘‘মহানদী ক’ল ফিল্ড লিমিটেডে ভূৱনেশ্বৰত দেশৰ দ্বিতীয় বৃহত্তম ক’ভিড-১৯ চিকিৎসালয় স্থাপন কৰিবলৈ সমগ্ৰ ধন ব্যয় কৰিব৷ ইতিমধ্যে এমচিএলে অগ্ৰীম ৭.৩১ কোটি টকা মুকলি কৰি দিছে৷’’ ভিডিঅ’ কনফাৰেন্সযোগে চিকিৎসালয়খনৰ মুকলি অনুষ্ঠানত কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে ঘোষণা কৰে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611646

স্মাৰ্ট চিটী অভিযানৰ সৈতে জড়িত তথ্য ডেশ্বব’ৰ্ড ব্যৱহাৰ হ’ব ক’ভিড-১৯ৰ কমাণ্ড আৰু কণ্ট্ৰ’ল চেণ্টাৰসমূহত

পুণে, ছুৰাট, বেংগালুৰু আৰু টুমাকুৰু স্মাৰ্ট চিটীৰ সৈতে জড়িত তথ্য ডেশ্বব’ৰ্ডৰ জৰিয়তে তেওঁলোকৰ নগৰসমূহৰ বিভিন্ন প্ৰশাসনীয় মণ্ডলসমূহত ক’ৰনা ভাইৰাছৰ স্থিতিৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰিব৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611592

নতুনকৈ স্থাপন কৰা ৰে’লৱেৰ কেন্দ্ৰীকৃত নিয়ন্ত্ৰণ কাৰ্যালয়ে তৎকালীনভাৱে প্ৰদান কৰিছে ফলাফল

ৰে’লৱে নিয়ন্ত্ৰণ কাৰ্যালয়ে হেল্পলাইন নম্বৰ ১৩৯, ১৩৮, ছ’চিয়েল মিডিয়া (টুইটাৰ) আৰু ইমেইল (railmadad@rb.railnet.gov.in) সেৱাৰ অহৰ্নিশে নিৰীক্ষণ কৰি আছে৷ ইয়াৰ জৰিয়তে তথ্যৰ নিৰৱচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত ৰে’লৱে প্ৰশাসন আৰু সাধাৰণ জনতাৰ মাজত পৰামৰ্শৰো আদান-প্ৰদান কৰা হৈছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611565

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ইউজিচিয়ে মুকলি কৰিলে শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণ শীৰ্ষক পৰামৰ্শৱলী

ভিড-১৯য়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়ালনিশাংকেমন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্বশাসিত অনুষ্ঠানসমূহক শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ বাবে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল৷ মন্ত্ৰীগৰাকীৰ সেই নিৰ্দেশ অনুসাৰে ইউজিচিয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ বাবে পদক্ষেপসমূহ পালন কৰিবলৈ অনুৰোধ জনাইছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611673

আজিৰ তাৰিখ পৰ্যন্ত ১৩২খন লাইফলাইন উড়ান বিমানে ১৮৪ টনতকৈও অধিক চিকিৎসা কাৰ্গ’ দেশৰ বিভিন্ন প্ৰান্তলৈ পৰিবাহিত কৰিছে

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনত এই পৰ্যন্ত লাইফলাইন উড়ানৰ ১৩২খন বিমানে দেশৰ পাহাৰীয়া এলেকাকে ধৰি বিভিন্ন প্ৰান্তলৈ চিকিৎসা কাৰ্গ’সমূহ পৰিবাহিত কৰিছে৷ অধিক বিৱৰণৰ বাবে৷ 

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611751

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত এনচিচি কেডেটসকলে আৰম্ভ কৰিছে জনসেৱা

অসামৰিক আৰু আৰক্ষী প্ৰশাসনে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ নেচনেল কেডেট ক’ৰ্পছৰ জ্যেষ্ঠ শাখাৰ সদস্যসকলক জনসেৱাৰ বাবে অধিগ্ৰহণ কৰিছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611630

বিগত পাঁচ দিনত দেশৰ বিভিন্ন প্ৰান্তৰ ৭৬৯ বিদেশী পৰ্যটকে নাম পঞ্জীয়ন কৰিলে ‘‘ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া’’ ৰ্টেলত

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ৩১ মাৰ্চ ২০২০ তাৰিখে ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভাৰতত আৱদ্ধ হৈ ৰোৱা বিদেশী পৰ্যটকসকলৰ সাহায্যাৰ্থে www.strandedinindia.com শীৰ্ষক এক ৰ্টেল মুকলি কৰে৷ ইয়াৰ জৰিয়তে লকডাউনৰ সময়ছোৱাত তেওঁলোকক বিভিন্ন সাহায্য প্ৰদান কৰা হৈছে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611597

পিএম কেয়াৰছ পুঁজিলৈ কোটিতকৈ অধিক টকাৰ বৰঙণি আগবঢ়ালে জল পৰিবহণ মন্ত্ৰালয়ৰ বন্দৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে

অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611615

জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বন্দৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে চিএছআৰ পুঁজি হিচাপে ৫২ কোটি টকা আগবঢ়ালে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ

অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611654

অনলাইন শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে গ্ৰহণ কৰিলে বিভিন্ন পদক্ষেপ

শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠনসমূহে বিভিন্ন অনলাইন আৰু ডিজিটেল পদ্ধতি গ্ৰহণ কৰিছে৷ সংগঠনে ইয়াৰ আটাইবোৰ আঞ্চলিক কাৰ্যালয়কে নিৰ্দেশ দিছে যে তেওঁলোকে যেন উপলব্ধ বিভিন্ন উৎসৰ ব্যৱহাৰেৰে শিক্ষাৰ্থীৰ শিক্ষাদান কাৰ্যসূচী অব্যাহত ৰাখেঅধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611436

উপ ৰাষ্ট্ৰপতিয়ে তেওঁৰ পত্নীৰ সৈতে বন্তি প্ৰজ্বলন কৰিলে উপ-ৰাষ্ট্ৰপতি ভৱনত

ন’ভেল ক’ৰনা ভাইৰাছৰ পৰিপ্ৰেক্ষিত সৃষ্টি হোৱা অন্ধকাৰময় পৰিবেশত আমাৰ ঐক্যতা আৰু সামূহিক শক্তি প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা নিষ্প্ৰদীপ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে জনোৱা সঁহাৰিক উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰে৷ অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611481

ভাইৰাছৰ বিস্তৃতি ৰোধৰ বাবে জেএনচিএএছআৰে বিকশিত কৰিছে বহুমুখী প্ৰলেপনৰ ব্যৱস্থা

অধিক বিৱৰণৰ বাবে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611783

 

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

উত্তৰ পূৰ্বাঞ্চল

  • অৰুণাচলৰ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে ৰাজ্য চৰকাৰৰ সহযোগিতাত ১০৪ আৰু ১০৭৫ নম্বৰৰ সৈতে টেলিমেডিচিন হেল্পলাইন সেৱা আৰম্ভ কৰিছে৷
  • অসম চৰকাৰে ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ স্বেচ্ছামূলকভাৱ সেৱা আগবঢ়াব খোজা চিকিৎসক, নাৰ্ছ আৰু পেৰামেডিক কৰ্মীৰ পঞ্জীয়নৰ বাবে এক ৱেবছাইট মুকলি কৰিব৷
  • মণিপুৰৰ প্ৰথমগৰাকী ক’ভিড ৰোগীৰ ফলাফল ঋণাত্মক, নিশ্চিতি প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে৷
  • মেঘালয় এই পৰ্যন্ত ক’ভিড-১৯ মুক্ত ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লগতে গুৱাহাটীৰ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ ফলাফল ঋণাত্মক ওলাইছে৷
  • মিজোৰামত লকডাউনৰ সময়ত স্থানীয় টাস্ক ফ’ৰ্চৰ ভূমিকা প্ৰশংসিত হৈছে৷
  • পূৰ্বৰ ৩১ লাখৰ অনুমোদনৰ সৈতে অতিৰিক্তভাৱে নাগালেণ্ডৰ ১১খন জিলালৈ এনএছডিএমএৰ অধীনত ৫ লাখকৈ টকাৰ অনুমোদন জনোৱা হৈছে৷
  • গেংটকত আইচিএমআৰৰ অধীনত স্থাপন কৰা হ’ব ভাইৰাছ গৱেষণাগাৰ৷
  • ত্ৰিপুৰাত এই পৰ্যন্ত ক’ভিড-১৯ৰ ধনাত্মক পৰিঘটনা পৰিলক্ষিত হোৱা নাই৷

পশ্চিম মণ্ডল

  • গুজৰাটত ১৬টা নতুন পৰিঘটনা চিনাক্ত হোৱাৰ পিছত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৪৪লৈ বৃদ্ধি পাইছে, এই তথ্য সোমবাৰে সদৰী কৰে ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷ আহমেদাবাদৰ পৰা এঘাৰটা, ভডোদৰাৰ পৰা দুটা, পাটান, মেহছানা আৰু ছুৰাটৰ পৰা এটাকৈ পৰিঘটনা প্ৰতিবেদিত হৈছে৷
  • সোমবাৰে মহাৰাষ্ট্ৰ ৰাজ্যিক স্বাস্থ্য বিভাগে মহাৰাষ্ট্ৰত ৩৩টা নতুন ক’ৰনা ভাইৰাছৰ ধনাত্মক পৰিঘটনা প্ৰতিবেদিত কৰে৷ ইয়াকে লৈ ৰাজ্যখনৰ ক’ভিড-১৯ৰ মুঠ পৰিঘটনাৰ সংখ্যা ৭৮১লৈ বৃদ্ধি পাইছে৷
  • পুণেত এটা দুৰ্ঘটনাৰ পিছত লোক এজন ক’ভিড-১৯ত ধনাত্মক বুলি চিহ্নিত হোৱাৰ পিছত ডি ৱাই পাটিল মেডিকেল কলেজ হাস্পতালৰ ৪২গৰাকী চিকিৎসক আৰু ৫০ গৰাকী অন্য স্বাস্থ্যকৰ্মীক কোৱাৰেণ্টাইনত ৰখা হৈছে৷
  • দিল্লীৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা ছয়জনক অন্তৰ্ভুক্ত কৰি ৰাজস্থানত আঠটা ক’ৰনা ভাইৰাছৰ ধনাত্মক পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ শেহতীয়া তথ্য লাভৰ বাবে ফে’চবুক চাটবট মুকলি কৰিছে৷
  • ছট্টিশগড়ত এতিয়া কেৱল এটা ক’ভিড-১৯ৰ ধনাত্মক পৰিঘটনা পোৱা গৈছে৷ ১০ জন ৰোগীৰ ৯জনেই সুস্থ হোৱাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হৈছে৷
  • গোৱা ফিচাৰী বিভাগে ৰাজ্যখনত আজিৰে পৰা কিছুমান বিশেষ ৰাইডাৰৰ সৈতে সামাজিক ব্যৱধান পালন কৰি মাছ বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ লকডাউন ঘোষণা কৰাৰ সময়ৰে পৰা মাছৰ বিক্ৰী বন্ধ হৈ আছিল৷

দক্ষিণ অঞ্চল

  • কেৰেলাঃ  কল্লাম জিলাৰ পৰা প্ৰথমটো ক’ভিড পৰিঘটনা সুস্থ হৈ চিকিৎসালয় ত্যাগ কৰিছে; আজি কেৰেলাৰ এজন লোক ব্ৰিটেইনত ক’ভিড সংক্ৰান্তত মৃত্যু মুখত পৰিছে৷
  • তামিলনাডুঃ ৮৬টা নতুন পৰিঘটনা আৰু কালি ২ জনৰ মৃত্যু; মুঠ মৃত্যুৰ সংখ্যা ৫; মুঠ পৰিঘটনা ৫৭১; চেন্নাইত সৰ্বাধিক পৰিঘটনা (৯৮)৷ দেওবাৰে কইম্বাটুৰত ২৯গৰাকীৰ বৃদ্ধিৰ সৈতে ৫৮জনলৈ বৃদ্ধি পাইছে পৰিঘটনাৰ সংখ্যা৷
  • কৰ্ণাটকঃ কালি ১২টা নতুন পৰিঘটনা; মহীশূৰত ৭টা, বেংগালোৰত ২টা আৰু বালাকোটত ২টা; মুঠ ১৫১টা পৰিঘটনা; মৃত্যুৰ সংখ্যা ৪৷
  • অন্ধ্ৰ প্ৰদেশঃ এই পৰ্যন্ত মুঠ ধনাত্মক পৰিঘটনা ২৬৬টা; দিল্লীৰ ঘটনাৰ সৈতে সংযুক্ত আছে ২৪৩জন৷ দিল্লৰ পৰিঘটনাৰ প্ৰাথমিক পৰ্যৱেক্ষণ সম্পূৰ্ণ হৈছে৷ বৰ্ধিত পৰিঘটনাৰ বাবে কুৰ্ণুলত কঠোৰ কৰা হৈছে লকডাউনৰ স্থিতি৷
  • তেলেংগানাঃ সুৰিয়াপেটত ৬টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে; মুঠ সংখ্যা ৩৪০ জনলৈ বৃদ্ধি৷ ৰাজ্যই বাস্তৱিক সময়ৰ বিশ্লেষণ প্ৰদান কৰাৰ বাবে মুকলি কৰিছে ‘ক’ভিড-১৯ মণিটৰিং ছিষ্টেম এপ’৷ স্বাস্থ্যকৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পৰিঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ স্থানীয় আৰক্ষী আৰু চিকিৎসা কৰ্মীসকলৰ মাজত হোৱাটছএপ গ্ৰুপ মুকলি৷

 

#ক’ভিড১৯ৰ ফেক্ট চেক

 

 

 



(Release ID: 1611804) Visitor Counter : 242