মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

শিক্ষাৰ্থীৰ শৈক্ষিক কল্যাণ নিশ্চিত কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ; অনলাইন শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে গ্ৰহণ কৰিলে বিভিন্ন পদক্ষেপ

Posted On: 05 APR 2020 7:36PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা লকডাউনৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে সংশ্লিষ্ট মন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্ত শাসিত প্ৰতিষ্ঠানসমূহৰ মূৰব্বীসকলক শিক্ষাৰ্থীসকলৰ শৈক্ষিক কল্যাণৰ দিশটো সুনিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশ অনুসৰিয়েই কেন্দ্ৰীয় বিদ্যালয় সংগঠনে ইয়াৰ শিক্ষাৰ্থীসকলক শিক্ষাদান ব্যৱস্থা অব্যাহত ৰাখিবলৈ ভালেমান অনলাইন আৰু ডিজিটেল পদ্ধতি অৱলম্বন কৰিছে। সংগঠনে ইয়াৰ আটাইবোৰ আঞ্চলিক কাৰ্যালয়কে নিৰ্দেশ দিছে যে তেওঁলোকে যেন উপলব্ধ বিভিন্ন উৎসৰ ব্যৱহাৰেৰে শিক্ষাৰ্থীৰ শিক্ষাদান কাৰ্যসূচী অব্যাহত ৰাখে

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শিক্ষকসকলৰ পদক্ষেপ

এক বৃহৎ সংখ্যক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে একোগৰাকী দায়বদ্ধ শিক্ষাগুৰু তথা পৰামৰ্শদাতা হিচাপে ক’ভিড-১৯ মহামাৰী চলি থকাৰ সময়তেই আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ যোগেদি সংযোজিত হৈছে, যাতে তেওঁলোকে হেৰুওৱা বহুমূলীয়া শিক্ষাৰ সময়খিনিৰ ক্ষতিপূৰণ কৰিব পাৰে।

কেভিএছএ ডিজিটেল পদ্ধতিৰ যোগেদি শিক্ষণৰ সৈতে তেওঁলোকৰ শিক্ষাৰ্থীসকলক জড়িত ৰাখিবৰ বাবে তথা সকলো শিক্ষক-শিক্ষয়িত্ৰীকে এই ব্যৱস্থাটোৰ প্ৰতি আগ্ৰহী কৰি ৰাখিবৰ বাবে যথাসাধ্য ইয়াৰ কাৰ্যকৰী ৰূপায়নৰ হেতু সকলো অধ্যক্ষৰে সৈতে কিছু কাৰ্যপন্থা বিনিময় কৰিছে। ইয়াৰ উপৰিও আমাৰ শিক্ষসকলৰ দ্বাৰা অনলাইন শ্ৰেণীসমূহৰ বাবে এক প্ৰয়োজনীয় প্ৰ’ট’কলো সাজু কৰি তোলা হৈছে।

NIOS প্লেটফৰ্মৰ ব্যৱহাৰ

KVS এ ৭ এপ্ৰিল ২০২০ তাৰিখৰ পৰা স্বয়মপ্ৰভা পোৰ্টেল যোগে সম্প্ৰচাৰ হ’বলগীয়া ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী শ্ৰেণীসমূহৰ বাবে NIOS ৰ পোনপটীয়া তথা ৰেকৰ্ড কৰি ৰখা অনুষ্ঠানসূচী প্ৰকাশ কৰিছে।

এই তথ্য ইতিমধ্যেই সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে, যাতে শিক্ষক, শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ মাজত ব্যাপক ৰূপত প্ৰচাৰ নিশ্চিত কৰিব পাৰি। শিক্ষকসকলকো তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ সৈতে ই-মেইল, হোৱাটছএপ্প, এছএমএছ আদিৰ জৰিয়তে সংযোজিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে, যাতে এই কাৰ্যসূচীৰ দ্বাৰা সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰী লাভৱান্বিত হ’ব পাৰে।

পোনপটীয়া মত-বিনিময়ৰ বাবে শিক্ষকৰ মনোনয়ন

কেন্দ্ৰীয় বিদ্যালয় সংগঠনে স্কাইপ আৰু লাইভ ৱেব চাটৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান তথা সমস্যাৰ সমাধান কৰিবৰ বাবে স্বয়মপ্ৰভা পোৰ্টেলত থকা এনআইঅ’এছৰ দ্বাৰা অনুষঅঠিতব্য পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰিবৰ বাবে কিছুসংখ্যক শিক্ষকক মনোনীত কৰিছে। এই মনোনীত শিক্ষকসকলৰ নামসমূহ আঞ্চলিক কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে।

এই মনোনীত শিক্ষকসকলে ৰাতিপুৱা সম্প্ৰচাৰ হোৱা অনুষ্ঠানটো সন্দৰ্ভত কিছু অতিৰিক্ত দিশ তথা টোকা সাজু কৰিব, যাতে একেদিনাই অনুষ্ঠিত হ’বলগীয়া পোনপটীয়া অনুষ্ঠানত শিক্ষাৰ্থীসকলে বুজি নোপোৱা বা অন্য দিশৰ খু-দুৱনি আঁতৰ কৰিব পৰা যায়, আৰু যদিহে এই অন্তৰালৰ দিশবোৰ উক্ত পোনপটীয়া সম্প্ৰচাৰ কালত উত্থাপিত নহয়, তেন্তে উক্ত দিশবোৰ শিক্ষকসকলে পিপিটিৰ মাধ্যমেৰে উপস্থাপন কৰিব।

উপলব্ধ বিভিন্ন উৎসৰ ব্যৱহাৰ

NIOS আৰু NCERT – এ টেলিভিশ্যনযোগে বিভিন্ন পাঠ্যক্ৰম সম্প্ৰচাৰ কৰাৰ লগতে অনলাইন অধ্যায়ো আগবঢ়ায়। সবিশেষ তলত উল্লেখ কৰা হ’ল -

1. মেছিভ অন-লাইন কোৰ্ছ (MOOCS): NIOS ৰ পাঠ্যক্ৰম MOOCS ত উপলব্ধ হয়, আৰু ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ আটাইবোৰ মুখ্য বিষয় উপলব্ধ হয় https://swayam.gov.in/nc_details/NIOS ত।

2. ডিটিএইচ চেনেলবোৰৰ সম্প্ৰচাৰ বিনামূলীয়া:

ডিটিএইচ চেনেল নং ২৭ (পানীনি)

https://www.swayamprabha.gov.in/index.php/program/current/27 (ছেকেণ্ডাৰী)

ডিটিএইচ চেনেল নং ২৮ (সাৰদা)

https://www.swayamprabha.gov.in/index.php/channel_profile/profile/28 (ছিনিয়ৰ ছেকেণ্ডাৰী)

 

3. ইউটিউব চেনেল -

https://www.youtube.com/channel/UC1we0IrHSKyC7f30wE50_hQ (ছেকেণ্ডাৰী) https://www.youtube.com/channel/UC6R9rI-1iEsPCPmvzlunKDg (ছিনিয়ৰ ছেকেণ্ডাৰী)

 

4. কিশোৰ মঞ্চ : নৱমৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্বয়মপ্ৰভা চেনেল নং ৩১ ৰ অধীনত এনচিইআৰটিৰ 24 X 7 ডিটিএইচ টিভি চেনেল

এইবোৰৰ উপৰিও বিভিন্ন প্লেটফৰ্ম যেনে NROER, দিক্ষা, স্বয়মপ্ৰভা, NPTEL, -পাঠশালা আদিত ইতিমধ্যেই বহু বিনামূলীয়া ই-ৰিছ’ৰ্ছ উপলব্দ হৈছে।

 

*****

 

NB/AKJ/AK/RD



(Release ID: 1611668) Visitor Counter : 174