গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

এদিনতে সৰ্বাধিক খাদ্য সামগ্ৰী পৰিবহণৰ অভিলেখ ৰচিলে এফচিআয়ে

Posted On: 05 APR 2020 7:06PM by PIB Guwahati

দেশজোৰা লকডাউনৰ সময়ত দেশৰ সকলো প্ৰান্ততে পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ মজুত নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰি অহা ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমে এদিনতে ৭০ ৰেক অৰ্থা ১৯৩ লাখ মেট্ৰিক টনকৈ একেৰাহে ৩ আৰু ৪ এপ্ৰিল, ২০২০ত খাদ্য সামগ্ৰীৰ পৰিবহনেৰে অভিলেখ ৰচনা কৰিছে৷ ২৪ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ পৰা বিগত ১২ দিনত ভাৰতীয় খাদ্য নিগমে দৈনিক গড়ে ১.৪১লাখ মেট্ৰিক টনকৈ খাদ্য সামগ্ৰী পৰিবহণ কৰিছে৷ পূৰ্বতে দৈনিক গড়ে কেৱল ০.৮ লাখ মেট্ৰিক টনকৈ খাদ্য সামগ্ৰী সৰবৰাহ কৰা হৈছিল৷ এই সময়ছোৱাত সৰ্বমুঠ ৬০৫ ৰেকত প্ৰায় ১৬.৯৪ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী পৰিবহণ কৰা হয়৷

ইয়াৰে ভিতৰত পাঞ্জাৱে সৰ্বাধিক ৭.৭৩ লাখ মেট্ৰিক টন(৪৬%), হাৰিয়ানা (৩.০২ লাখ মেট্ৰিক টন) আৰু চত্তীশগড়ে(১.১৫লাখ মেট্ৰিক টন) খাদ্য সামগ্ৰী পৰিবহণ কৰে৷ বাকীবোৰ খাদ্য সামগ্ৰী ক্ৰমে ওড়িশা, অন্ধ্ৰপ্ৰদেশ, ইত্যাদিৰ পৰা সৰবৰাহ কৰা হয়৷ সৰ্বাধিক খাদ্য সামগ্ৰী প্ৰয়োজন হোৱা উপভোক্তা ৰাজ্যৰ ভিতৰত উত্তৰপ্ৰদেশ(২.০৭ লাখ মেট্ৰিক টন), বিহাৰ (১.৯৬লাখ মেট্ৰিক টন), পশ্চিমবংগ(১.৬৫লাখ মেট্ৰিক টন) আৰু কৰ্ণাটক (১.৫৭লাখ মেট্ৰিক টন) উল্লেখযোগ্য৷ উত্তৰ-পূবৰ প্ৰতি গুৰুত্ব বিশেষ আৰোপ কৰি লকডাউনৰ সময়ছোৱাত অঞ্চলটোৰ ৰাজ্যসমূহলৈ ১.১৪ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী সৰবৰাহ কৰা হৈছে৷ ৰাজ্যসমূহত যাতে কোনো খাদ্য সামগ্ৰীৰ নাটনি নহয়, সেইটো সুনিশ্চিত কৰিছে এফচিআয়ে৷ ০৪০৪.২০২০লৈকে এফচিআইৰ হাতত ৫৫.৪৭ নিযুট মেট্ৰিক টন খাদ্য সামগ্ৰী (৩১.২৩ নিযুট মেট্ৰিক টন চাউল আৰু ২৪.২৪ নিযুট মেট্ৰিক টন আটা) আছে৷

তদুপৰি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(এনএফএছএ) আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা(পিএমজিকেএৱাই)ৰ অধীনত দৈনিক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ চাহিদা পুৰণৰ বাবে এফচিআয়ে কোনো ই-নিবিদা নোহোৱাকৈ মুকলি বজাৰৰ জৰিয়তে পোনপটীয়াভাৱে চাউল আৰু আটা যোগান ধৰিছে৷ সংশ্লিষ্ট জিলা দণ্ডাধীশৰ তত্ত্বাৱধানত স্থানীয় আটা মিলসমূহত আটা প্ৰস্তুতৰ দায়িত্ব প্ৰদানেৰে আটাৰ প্ৰয়োজনীয়তা পুৰণ কৰা হৈছে৷ চাউলসমূহ প্ৰতিখন ৰাজ্য চৰকাৰক তেওঁলোকৰ নিজা ব্যৱস্থাৰে বিতৰণ কৰিবলৈ দিয়া হৈছে৷ এই আৰ্হিৰ জৰিয়তে বৰ্তমানলৈকে ১৩খন ৰাজ্যত ১.৩৮লাখ মেট্ৰিক টন আটা আৰু ৮খন ৰাজ্যত ১.৩২ লাখ মেট্ৰিক টন চাউল আৱণ্টন কৰা হৈছে৷

 

*****

APS/PK/MS/BA/DB



(Release ID: 1611510) Visitor Counter : 162