মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ বিভিন্ন বিভাগ-প্ৰতিষ্ঠান-স্বতন্ত্ৰ সংস্থাই ‘পিএম কেয়াৰ্ছ’ পুঁজিলৈ আগবঢ়ালে ৩৮.৯১কোটি টকাৰ দান
ক’ভিড-১৯ বিৰোধী যুঁজত দেশক সহযোগিতা আগবঢ়োৱাৰ বাবে মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’-ৰ শলাগ
प्रविष्टि तिथि:
05 APR 2020 5:48PM by PIB Guwahati
মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ অন্তৰ্গত ২৮টা বিভিন্ন বিভাগ-প্ৰতিষ্ঠান আৰু স্বতন্ত্ৰ সংস্থাই ক’ভিড-১৯ বিৰোধী যুঁজত দেশক সহযোগিতা আগবঢ়োৱাৰ বাবে ‘পিএম কেয়াৰ্ছ’ পুঁজিলৈ আগবঢ়ালে ৩৮.৯১কোটি টকাৰ দান। ইফালে, সংকটৰ এই মুহূৰ্তত সংশ্লিষ্টসকলে গ্ৰহণ কৰা এই তত্পৰতাৰ শলাগ লয় মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’-য়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মন্ত্ৰী পোখ্ৰিয়ালেও তেওঁৰ এমাহৰ দৰমহাৰ লগতে তেওঁৰ ‘সাংসদ এলেকা উন্নয়ণ পুঁজি’ৰ পৰা ১কোটি টকা ‘পিএম কেয়াৰ্ছ’ পুঁজিলৈ দান হিচাপে আগবঢ়াইছিল। তেতিয়াই তেওঁ সংশ্লিষ্টসকললৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে গোঁহাৰিও জনাইছিল।
*****
NB/AKJ/AK/KB
(रिलीज़ आईडी: 1611509)
आगंतुक पटल : 128