অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ান বিমানে সমগ্ৰ দেশতে ১৬১ টন সামগ্ৰী পৰিবাহিত কৰিছে

লাইফলাইন উড়ান ৱেবছাইটত নিতৌ আপলোড কৰা হৈছে লাইফলাইন উড়ান বিমান সম্বন্ধীয় ৰাজহুৱা তথ্য

Posted On: 05 APR 2020 4:51PM by PIB Guwahati

লাইফলাইন উড়ানৰ অধীনত ১১৬খন বিমান এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ, পৱনহংস আৰু ব্যক্তিগত বিমান সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয়৷ ইয়াৰে ৭৯খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে পৰিচালনা কৰে৷ এই পৰ্যন্ত ১৬১ টন কাৰ্গ’ পৰিবাহিত কৰা হৈছে৷ লাইফলাইন উড়ানৰ বিমানে এই পৰ্যন্ত ১১২,১৭৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে৷ তাৰোপৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু এয়াৰ ইণ্ডিয়াই চীনৰ সৈতে যোগাযোগ স্থাপন কৰি জৰুৰীকালীন চিকিৎসা সামগ্ৰী পৰিবহণৰ দিশতো অগ্ৰসৰ হৈছে৷ ৪ এপ্ৰিল ২০২০ তাৰিখে প্ৰথমখন কাৰ্গ’ বিমানে ২১ টন জৰুৰীকালীন চিকিৎসা সামগ্ৰী চীনৰ পৰা ভাৰতলৈ কঢ়িয়াই আনে৷

এই পৰ্যন্ত লাইফলাইন উড়ান বিমানে তাৰিখ অনুযায়ী কৰা যাত্ৰাঃ

 

ক্ৰমিক নং

তাৰিখ

এয়াৰ ইণ্ডিয়া

এলায়েন্স

আইএএফ

ইণ্ডিগ’

স্পাইচ জেট

মুঠ

1

26.3.2020

2

-

-

-

2

4

2

27.3.2020

4

9

-

-

-

13

3

28.3.2020

4

8

-

6

-

18

4

29.3.2020

4

10

6

-

-

20

5

30.3.2020

4

-

3

-

-

7

6

31.3.2020

9

2

1

-

-

12

7

01.4.2020

3

3

4

-

-

10

8

02.4.2020

4

5

3

-

-

12

9

03.4.2020

8

-

2

-

-

10

10

04.4.2020

4

3

2

-

-

9

মুঠ

46

40

22

6

2

116

 

 

এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল, দ্বীপ ৰাজ্য আৰু পাহাৰীয়া এলেকাসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, এয়াৰ ইণ্ডিয়া আৰু আইএএফে লাডাখ, ডিমাপুৰ, ইম্ফল, গুৱাহাটী আৰু প’ৰ্ট ব্লেয়াৰলৈ সামগ্ৰীসমূহৰ পৰিবহণৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি আছে৷

যাত্ৰীবাহী বিমানৰ আসন, অভাৰহেড কেবিন আদিতো সাৱধানপূৰ্বকভাৱে সামগ্ৰীৰ পৰিবহণ কৰা হৈছে৷ লাইফলাইন উড়ানৰ ৱেবছাইটত লাইফলাইন উড়ান সম্বন্ধীয় ৰাজহুৱা তথ্যসমূহ নিতৌ আপলোড কৰি থকা হৈছে৷ লাইফলাইন উড়ানৰ প’ৰ্টেলৰ লিংক www.civilaviation.gov.in ত উপলব্ধ হ’ব৷

ঘৰুৱা কাৰ্গ’ অপাৰেটৰসমূহ যেনে স্পাইচ জেট, ব্লুডাৰ্ট আৰু ইণ্ডিগ’য়ে বাণিজ্যিক ভিত্তিত পৰিবহণ কৰি আছে৷ স্পাইচ জেটে ১৬৬খন বিমানেৰে ২৪ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ ১,৩২৭ টন কাৰ্গ’ কঢ়িয়াইছে৷ ইয়াৰে ৪৬খন আছিল আন্তৰ্জাতিক কাৰ্গ’ বিমান৷ ব্লুডাৰ্টে ৫২খন বিমানেৰে ২৫ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ ৭৬১ টন কাৰ্গ’ কঢ়িয়াইছে৷ ইণ্ডিগ’ই ৮খন বিমানেৰে ৩-৪ এপ্ৰিলত ৩ টন কাৰ্গ’ কঢ়িয়াইছে৷ 

****

RJ/NG/MANN



(Release ID: 1611428) Visitor Counter : 123