ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশত বলবত্ কৰা ‘লক ডাউন’ৰ সমচোৱাত জনসাধাৰৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে চেনী, নিমখ আৰু খোৱাতেলৰ যোগান নিশ্চিত কৰিব ‘ভাৰতীয় ৰে’ল’-য়ে

২৩মাৰ্চৰ পৰা ৪এপ্ৰিল,২০২০ পৰ্যন্ত ১৩৪২টা ডবাত চেনী, ৯৫৮টা ডবাত নিমখ আৰু ৩৭৮টা তেল পৰিবাহী ডবাত কৰা হৈছে খোৱাতেলৰ পৰিবহণ

Posted On: 05 APR 2020 3:27PM by PIB Guwahati

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশত বলবত্ কৰা লক ডাউনৰ সমচোৱাত জনসাধাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে চেনী, নিমখ আৰু খোৱাতেলৰ যোগান নিশ্চিত কৰিব ভাৰতীয় ৰেল-য়ে। কোনো পৰিস্থিতিতে যাতে সৰ্ব সাধাৰণ ৰাইজে এনে সামগ্ৰীৰ নাটনি অনুভৱ কৰিবলগীয়া নহয় তাৰ বাবে বিভাগটোৱে বিশেষ তত্পৰতা গ্ৰহণ কৰিছে।

ইফালে, যোৱা ২৩মাৰ্চৰ পৰা ৪এপ্ৰিল, ২০২০ পৰ্যন্ত ১৩৪২টা ডবাত চেনী, ৯৫৮টা ডবাত নিমখ আৰু ৩৭৮টা তেল পৰিবাহী ডবাত খোৱাতেল পৰিবহণ কৰা হৈছে। উল্লেখ্য যে এনেধৰণৰ একোটা ডবাত ৫৮ৰ পৰা ৬০ টন পৰিমাণৰ খাদ্য সামগ্ৰী কঢ়িওৱা হয়। বিস্তৃত তথ্য তলত উল্লেখ কৰা হ:

 

ক্ৰমিক

নং

তাৰিখ

ডবাৰ

সংখ্যা

চেনী

ডবাৰ

সংখ্যা

নিমখ

ডবাৰ

সংখ্যা

খোৱা তেল

1.

23.03.2020

42

168

-

2.

24.03.2020

-

168

50

3.

25.03.2020

42

42

-

4.

26.03.2020

42

42

-

5.

27.03.2020

42

42

-

6.

28.03.2020

126

42

50

7.

29.03.2020

210

42

42

8.

30.03.2020

252

8

-

9.

31.03.2020

293

84

-

10.

01.04.2020

210

-

-

11.

02.04.2020

-

133

64

12.

03.04.2020

41

103

122

13.

04.04.2020

42

84

50

 

Total

1342

958

378

 

মালবাহী ৰেলগাড়ীসমূহৰ চলাচলৰ ওপৰত শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। পোনতে বিভন্ন স্থানত সামগ্ৰীসমূহ উঠাওতে বা নমাওতে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল যদিও এতিয়ালৈ সেয়া বহু পৰিমাণে সমাধান কৰিব পৰা গৈছে। এনেধৰণৰ সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে ৰেল বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে সততে যোগাযোগ ৰাখিছে।

****

SG/MKV/KB



(Release ID: 1611368) Visitor Counter : 187