প্ৰতিৰক্ষা মন্ত্ৰালয়
চিকিত্সা খণ্ডৰ বাহিৰৰ লোকৰ বাবে প্ৰশিক্ষণ সূচী যুগুতালে ‘ছাউদাৰ্ন নেভেল কমাণ্ড’-য়ে
Posted On:
04 APR 2020 7:37PM by PIB Guwahati
জৰুৰীকালীন পৰিস্থিতিত স্বাস্থ্য কৰ্মী হিচাপে সেৱা আগবঢ়াবলৈ স্বাস্থ্য-খণ্ডৰ বাহিৰৰ পৰা অহা ব্যক্তিসকল অথবা ‘বেটল ফিল্ড নাৰ্ছিং এছিষ্টটেণ্ট’-ক থোৰতে প্ৰশিক্ষণ দিয়াৰ বাবে এলানি প্ৰশিক্ষণ সূচী যুগুতাই উলিয়াইছে ‘ছাউদাৰ্ন নেভেল কমাণ্ড’-ৰ ক’ভিড-১৯ সংক্ৰান্তীয় কাম-কাজৰে জড়িত মূল কৰ্ম-গোটটোৱে।
কমাণ্ডৰ মুৰব্বী চিকিত্সা বিষয়াগৰাকীৰ নেতৃত্বত ‘আইএনএছ বেন্দুৰুথী’, ‘আইএনএইচএছ সঞ্জীৱনি’ আৰু কমাণ্ডৰ মুৰব্বী প্ৰশিক্ষণ বিষয়াগৰাকীৰে গঠিত এই মূল কৰ্ম-গোটটোৱে ‘বেটল ফিল্ড নাৰ্ছিং এছিষ্টটেণ্ট’-ৰ ধাৰণাটো ব্যৱহাৰ কৰাৰ লগতে এইলানি সংক্ষিপ্ত প্ৰশিক্ষণসূচী বিকশিত কৰি উলিয়াইছে।
এইসকল ব্যক্তিক বিশেষকৈ হস্ত প্ৰক্ষালনবিধি, ব্যক্তিগত সুৰক্ষা উপকৰণ পৰিধান কৰোৱা আৰু খোলা, জৈৱ-চিকিত্সাৰ পৰা ওলোৱা আৱৰ্জনা আদিৰ প্ৰবন্ধন অথবা মৃতকৰ শৱ কঢ়িওৱাৰ দৰে বুনিয়াদি কাম-কাজ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে এই চমু প্ৰশিক্ষণ সূচীৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে সংক্ৰমণ প্ৰতিৰোধ আৰু আক্ৰান্তসকলৰে সংস্পৰ্শ কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া সাধাৰণ কৌশলসমূহকো এইলানি প্ৰশিক্ষণ সূচীত অন্তৰ্ভুক্ত কৰা হৈছে।
‘ছাউদাৰ্ন নেভেল কমাণ্ড’-ৰ সকলোবোৰ গোটতে সক্ৰিয়তাৰে এই প্ৰশিক্ষণ সূচী অব্যাহত ৰখা হৈছে। এই পৰ্যন্ত কমাণ্ডৰ ৩৩৩ গৰাকী জোৱানে এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।
VM/MS/KB
(Release ID: 1611356)