বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
খড়গপুৰ আই আই টিৰ গৱেষকে নিৰ্মাণ কৰিব ক’ভিড-১৯ ৰ সংক্ৰমণৰপৰা সুৰক্ষা দিব পৰাকৈ সুলভ মূল্যত উপলব্ধ হ’বপৰা ছাৰ্জিকেল মাস্কৰ ভাইৰাছনাশী প্ৰলেপৰ আৰ্হি
Posted On:
04 APR 2020 5:14PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সাংবিধানিক নিকায় বিজ্ঞান আৰু আভিযান্ত্ৰিক গৱেষণা পৰিষদে খড়গপুৰ আই আই টিৰ গৱেষকৰ এটা দলক ভাইৰাছনাশী সুৰক্ষা প্ৰলেপৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াবৰ বাবে সহায় আগবঢ়াইছে যিটোৱে ক’ভিড-১৯ ৰ সংক্ৰমণৰপৰা সুৰক্ষা দিব পৰাকৈ মেডিকেটেড মাস্ক আৰু চিকিৎসা প্ৰদানৰ সময়ত পৰিধান কৰা সাজ (পি পি ই) তৈয়াৰ কৰাত সহায় কৰিব।
দলটোৱে এন্টি-মাইক্ৰ’বায়েল গুণসম্পন্ন সাধাৰণ পলিমাৰ আৰু এন্টি-ভাইৰেল অণুযুক্ত পুনঃব্যৱহাৰ্য উপাদানেৰে সুলভ মূল্যত উপলব্ধ হ’বপৰাকৈ সুৰক্ষা প্ৰলেপৰ আৰ্হি নিৰ্মাণ কৰিব। ক’ভিড-১৯ ৰ ৰোগীক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক, নাৰ্চ তথা সংক্ৰমণৰ ভয় থকা সকলৰ বাবে এই সুৰক্ষা প্ৰলেপ অতি উপযোগী হোৱাৰ লগতে কম খৰচী হোৱাৰ বাবে ইয়াক বৃহৎ মাত্ৰাত উৎপাদন কৰিব পৰা যাব।
খড়গপুৰ আই আই টিৰ ৰসায়ন বিভাগৰ গৱেষকে আৰ্হি নিৰ্মাণ কৰিবলগীয়া এই ভাইৰাছনাশী প্ৰলেপত ব্যৱহৃত পলিমাৰে বেক্টেৰিয়া আৰু ভাইৰাছ ৰোধ কৰিব পাৰিব। তাত ব্যৱহৃত হ’বলগীয়া এন্টি-ভাইৰেল অণুৱে কৰ’নাৰ লগতে ইনফ্লুয়েঞ্জা আদিৰ ভাইৰাছৰ সক্ৰিয়তা নোহোৱা কৰিব পাৰিব। এন্টি-মাইক্ৰ’বায়েল গুণসম্পন্ন পলিমাৰ আৰু ক্ৰিয়াশীল ঔষধৰ সমন্বয়ত ই এন্টি-ভাইৰেল গুণসম্পন্ন হৈ উঠিব বুলি আশা কৰা হৈছে।
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচীৱ অধ্যাপক আশোতোষ শৰ্মাই কয় যে, “সাধাৰণতে ব্যৱহৃত বিভিন্ন ধৰণৰ মাস্কসমূহ বিজাণুৰ আকৃতি, নিৰ্গমণৰ প্ৰকৃতি, ধাৰণক্ষমতা আদিৰ ওপৰত ভিত্তি কৰি পৰিশ্ৰাৱন পদ্ধতিৰে ব্যৱহৃত উপাদানেৰে সৰকি যাব নোৱাৰাকৈ নিৰ্মাণ কৰা হয়। মাস্কসমূহ যদি ভাইৰাছৰ সক্ৰিয়তা নোহোৱা কৰিবপৰা গুণসম্পন্ন কৰিব পৰা যায়, তেন্তে ই পুনঃব্যৱহাৰ্য হোৱাৰ লগতে অধিক সুৰক্ষিত হৈ পৰিব। সুলভ মূল্যত উপলব্ধ হ’বপৰাটোও এই ক্ষেত্ৰত বিশেষভাৱে মনকৰিবলগীয়া।”
খড়গপুৰ আই আই টিৰ ৰসায়ন বিভাগৰ অধ্যাপক এম এল এন ৰাও, সহ অধ্যাপক ড০ আশিস কে পাত্ৰ, সহকাৰী অধ্যাপক ড০ নাগমা পাৰৱিনেৰে গঠিত গৱেষকৰ এই দলটোৱে অহা তিনিমাহৰ ভিতৰত প্ৰাথমিক আৰ্হিটো সাজি উলিওৱাৰ লক্ষ্য বান্ধি লৈছে, তাৰ পিছত সাম্ভাৱ্য উদ্যোগৰ লগত সহযোগিতা স্থাপনেৰে বৃহৎ মাত্ৰাত উৎপাদনৰ কৰাৰ চিন্তা কৰিব পৰা যাব।
সংক্ৰমক ৰোগৰ চিকিৎসা প্ৰদানৰ সময়ত চিকিৎসক, নাৰ্চসকলক সাম্ভাৱ্য সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰাকৈ ছাৰ্জিকেল মাস্ক আৰু চিকিৎসা প্ৰদানৰ সময়ত পৰিধান কৰা সাজ (পি পি ই) তৈয়াৰ কৰাত এই এন্টি-মাইক্ৰ’বায়েল গুণসম্পন্ন পলিমাৰ আৰু ক্ৰিয়াশীল ঔষধৰ প্ৰলেপ ব্যৱহাৰ কৰা হ’ব। সুলভ মূল্যত উপলব্ধ হ’ব বাবে এই সুৰক্ষামূলক সামগ্ৰীসমূহ বৃহৎ মাত্ৰাত উৎপাদনৰ জৰিয়তে চিকিৎসালয় বা সাধাৰণভাৱে ব্যৱহাৰৰ ব্যৱস্থাও কৰিব পৰা যাব।
চিত্ৰ ১. ছাৰ্জিকেল মাস্কত ভাইৰাছনাশী প্ৰলেপৰ আৰ্হি
(অধিক তথ্যৰ বাবে ড০ নাগমা পাৰৱিন (পি আই)ক nagma@iitk.ac.in যোগে অথবা ৯৪৭৪০২৪১৮১ নম্বৰত যোগাযোগ কৰক।)
*****
KGS/(DST)/PRK
(Release ID: 1611305)
Visitor Counter : 146