ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্য্যালয়

CSIR-IMTECH এ আৰম্ভ কৰিলে ক’ভিড-১৯ ৰ নমুনা পৰীক্ষাৰ কাম

স্বাস্থ্যকৰ্মীলৈ পিপিই আগবঢ়াবলৈ লৈছে CSIR-IMTECH এ

Posted On: 04 APR 2020 12:23PM by PIB Guwahati

স্বাস্থ্যখণ্ডলৈ ক’ভিড-১৯ এ ভালেমান প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। ক’ভিড-১৯ ৰ বাবে থকা পৰীক্ষা কিটৰ সীমিত সংখ্যাও এই ক্ষেত্ৰত এক বৃহৎ প্ৰত্বাহ্বান। এই পৰ্যন্ত ভাৰতত সাধাৰণতে ভ্ৰমণ কৰা ৰোগীসকলৰ ক্ষেত্ৰতহে পৰীক্ষা সম্পন্ন কৰা হৈছে। তথাপি প্ৰতি দহ লাখ লোকৰ পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ হাৰ উন্নত হ’ব লাগে।

কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ – ইনষ্টিটিউট অৱ মাইক্ৰবায়েল টেকন’ল’জী চমুকৈ CSIR-IMTECH এ দেশৰ পৰীক্ষা সামৰ্থ্য বৃদ্ধি কৰিবৰ বাবে ক’ভিড-১৯ ৰ নমুনা পৰীক্ষাৰ কাম আৰম্ভ কৰিছে। ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতা (পিএছএ)ই জাৰি কৰা নিৰ্দেশ তথা ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ (আইচিএমআৰ)-এ চিএছআইআৰ তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱপ্ৰযুক্তি বিভাগ আৰু পাৰমাণৱিক শক্তিৰ সৈতে সম্বন্ধীয় পৰীক্ষাগাৰৰ নিয়ম অনুসৰি ক’ভিড-১৯ ৰ পৰীক্ষা সম্পাদন কৰিবৰ বাবে জাৰি কৰা পৰামৰ্শ হিচাপেই এই পৰীক্ষা আৰম্ভ কৰিবলৈ লোৱা হৈছে।

এই সন্দৰ্ভত চণ্ডীগড়ৰ ইমটেকৰ সঞ্চালক ড. সঞ্জীৱ খোচলাই কয়, “আইচিএমআৰে আটাইবোৰ চৰকাৰী অনুমোদনপ্ৰাপ্ত পৰীক্ষাগাৰকে এই প্ৰক্ৰিয়াত সন্নিৱিষ্ট কৰা কাৰ্য এক প্ৰসংশনীয় পদক্ষেপ আৰু ই ক’ভিড-১৯ ৰ নমুনা পৰীক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপেও বিবেচিত হ’ব। সন্দেহজনক ৰোগীৰ মাজত ইয়াৰ দ্বাৰা পৰীক্ষাৰ হাৰ বৃদ্ধি পাব। প্ৰাৰম্ভিক পৰ্যায়ত ইমটেকে প্ৰতিদিনে ৫০ ৰ পৰা ১০০ টা নমুনা পৰীক্ষা কৰাৰ পৰিকল্পনা হাতত লৈছে। যিটো প্ৰক্ৰিয়া প্ৰয়োজন সাপেক্ষে আগলৈ আৰু বৃদ্ধি কৰা হ’ব।”

এই প্ৰতিষ্ঠানত ক’ভিড-১৯ ৰ বাবে নিদানিক পৰীক্ষা সম্পন্ন কৰাৰ যাৱতীয় ক্ষমতা আছে আৰু লগতে মলিকুলাৰ মাইক্ৰ’বায়’ল’জীৰ ক্ষেত্ৰতো যাৱতীয় বিশেষজ্ঞতা আছে। এই পৰীক্ষাগাৰত আছে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ আন্তঃগাঁথনিৰ উপৰিও বায়’ছেফ্টি লেভেল-৩ ৰ সুবিধা। পৰীক্ষাৰ পূৰ্বে গ্ৰহণ কৰিবলগীয়া বায়’ছেফ্টি আৰু বায়’ছিকিউৰিটিৰ সকলোবোৰ দিশেই ইয়াত সামৰি লোৱাৰ সুবিধা আছে। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বিএছএল-২+ ভাইৰোল’জী পৰীক্ষাগাৰটো ৰিভাৰ্ছ ট্ৰান্সস্ক্ৰিপশ্যন পলিমেৰাজ চেইন ৰিয়েকশ্যন (RT-PCR) সঁজুলিৰে সুসজ্জিত কৰি তোলা হৈছে। ইয়াত অতি শীঘ্ৰেই পৰীক্ষা ব্যৱস্থা আৰম্ভ কৰিবলৈ নিদানিক নমুনাৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অনুমোদনো লাভ কৰিছে পৰীক্ষাগাৰটোৱে।

নিদানিক নমুনা পৰীক্ষণৰ উপৰিও চিএছআইআৰ-ইমটেকে পিপিই প্ৰদানৰ জৰিয়তে স্বাস্থ্যকৰ্মীসকললৈ সহায়ৰ হাতো আগবঢ়াই আহিছে, ইয়াৰ দ্বাৰা কোনো সংক্ৰমিত ব্যক্তিৰ চিকিৎসাৰ সময়ছোৱাত তেওঁলোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি। লজিষ্টিক আৰু আন্তঃগাঁথনিগত সুবিধা প্ৰদানৰ যোগেদি এই প্ৰতিষ্ঠানে স্থানীয় প্ৰশাসন আৰু চণ্ডীগড়ৰ ৰেডক্ৰছ ইউনিটলৈও সহায় আগবঢ়াইছে।

*****

KGS/(DST-(India Science Wire))/RD



(Release ID: 1611235) Visitor Counter : 118