প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 03 APR 2020 9:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰাৰ লগতে দুয়োখন দেশৰ চৰকাৰে স্বাস্থ্য সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷

এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত আৰু ইজৰাইলৰ মাজত ফাৰ্মাচিউটিকেল যোগান আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত সাম্ভাৱ্য সহযোগিতাৰ বিষয়ে দুয়োগৰাকী নেতাই আলোচনা কৰে৷

*****

 

VRRK/SH/MANN



(Release ID: 1610897) Visitor Counter : 159