স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ চলোৱা প্ৰস্তুতিৰ বুজ ল’বলৈ ডাঃ ৰামমনোহৰ লোহিয়া আৰু চফদৰজং হস্পিতালত উপস্থিত ডাঃ হৰ্ষবৰ্ধন; ৰোগীৰে মত-বিনিময়

আৰএমএলত থকা ট্ৰ’মা কেন্দ্ৰক পৰিৱৰ্তন কৰা হ’ব সম্পূৰ্ণ ক’ভিড-১৯ ৰ আছুতীয়া কক্ষ হিচাপে<br>

চফদৰজং হস্পিতালৰ ছুপাৰস্পেচিয়েলিটি ব্লকক পৰিবৰ্তন কৰা হ’ব বিশেষ ক’ভিড-১৯ ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে

प्रविष्टि तिथि: 03 APR 2020 4:51PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে আজি ডাঃ ৰাম মনোহৰ লোহিয়া আৰু চফদৰজং হস্পিতাল পৰিদৰ্শন কৰি চিকিৎসালয় দুখনৰ ক’ভিড-১৯ প্ৰতিহত কৰাৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ লয়।

ডাঃ ৰাম মনোহৰ লোহিয়া হস্পিতালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ ফ্লু কৰ্ণাৰ, জৰুৰীকালীন সেৱা কেন্দ্ৰ, ট্ৰ’মা চেণ্টাৰ ব্লক আৰু ক’ৰোনা পৰীক্ষা কেন্দ্ৰটো পৰিদৰ্শন কৰে। এই কেন্দ্ৰকেইেটাৰ কাৰ্যাৱলী পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে ৰোগ পৰীক্ষা প্ৰক্ৰিয়াৰ ক্ষীপ্ৰতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মাইক্ৰ’বায়’লজী বিভাগটোও পৰিদৰ্শন কৰে, যিটোৱে প্ৰতিদিনেই বৃহৎ সংখ্যক নমুনা সংগ্ৰহ কৰি আহিছে। বিভাগটোত মন্ত্ৰীগৰাকীয়ে নমুনা গ্ৰহণ আৰু বৈজ্ঞানিক পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাৱে লক্ষ্য কৰে। পৰীক্ষাৰ ফলাফলৰ সত্যতাৰ লগতে নিখুততা নিশ্চিত কৰাৰ উপৰিও সংক্ৰমণ নিয়ন্ত্ৰণৰ আটাইবোৰ দিশ নিয়াৰিকৈ পালন কৰাৰ বাবে বিভাগটোক মন্ত্ৰীগৰাকীয়ে প্ৰসংশা কৰে। আছুতীয়া কক্ষৰ বিচনাৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডাঃ হৰ্ষবৰ্ধনে উল্লেখ কৰে যে ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ ট্ৰ’মা কেন্দ্ৰক সম্পূৰ্ণৰূপে ক’ভিড-১৯ৰ আছুতীয়া কক্ষ হিচাপে ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চফদৰজং হস্পিতাললৈ যায়, আৰু তাত থকা ছুপাৰস্পেচিয়েলিটি ব্লকৰ বিভিন্ন সা-সুবিধাবোৰৰ বুজ লয় আৰু এক পৰ্যালোচনাও কৰে, উল্লেখ্য যে চিকিৎসালয়খনৰ ৪০০ খন আয়ছ’লেশ্যন বিচনা আৰু ১০০ খন আইচিইউ বিচনাযুক্ত এই ছুপাৰস্পেচিয়েলিটি ব্লকটোক অত্যাধুনিক ক’ভিড-১৯ আয়ছ’লেশ্যন ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰা হ’ব।

দুয়োখন চিকিৎসালয়তে ব্যৱস্থাপনা আৰু চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলৰ বিস্তৃত পৰ্যালোচনা কৰি মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক, নাৰ্ছ, চিকিৎসালয়ৰ অন্যান্য কৰ্মচাৰী তথা চাফাই কৰ্মীসকলক সম্বোধন কৰি কয় যে তেওঁলোকে ৰোগীসকলক তৎকালীনভাৱে আশু-আৰোগ্য কৰি তোলাৰ বাবে আৰু এক ফলাফলকেন্দ্ৰিক স্বাস্থ্য আন্তঃগাঁথনিৰ ভেটি মজবুত কৰি তোলাৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিছে। তেওঁ দেশত ক’ভিড-১৯ ৰ প্ৰভাৱক লৈ স্বাস্থ্য ক্ষেত্ৰৰ সমূখলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়েও উল্লেখ কৰে। স্বাস্থ্যখণ্ডৰ প্ৰতিগৰাকী লোকক নিজৰ এই কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ বাবে আহ্বান জনায়, কিয়নো এয়া সকলোবোৰ কেৱল মানৱতাৰ সেৱাৰ বাবেই কৰি থকা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসক, আৰু অন্যান্য চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তিসকলে সমৰ্পিত ভাৱনাৰে একাগ্ৰতাৰে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁলোকক অভিবাদন জনাই কয় যে এইসকল দেশসেৱাৰ প্ৰতি সমৰ্পিত স্বাস্থ্যখণ্ডৰ পেছাদাৰী লোকসকলৰ প্ৰতি সকলো গৌৰৱান্বিত। তেওঁ লগতে কয় যে ক’ভিড-১৯ মহামাৰীয়ে প্ৰায় সমগ্ৰ বিশ্বকেই জোকাৰি গৈছে। আমি প্ৰধানমন্ত্ৰীৰ নিয়মিত তদাৰকী আৰু পৰামৰ্শৰ লগতে আমাৰ স্বাস্থ্যখণ্ডৰ এইসকল যোদ্ধাৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ আৰু সমৰ্থনেৰে আমাৰ দেশত এই ৰোগবিধক কাৰ্যকৰী ৰূপত প্ৰতিহত কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছো। তেওঁ লগতে কয় যে ক’ভিড-১৯ ৰ বিৰুদ্ধে আমি চলাই থকা যুঁজখনত আমি সুন্দৰভাৱে জয়ী হ’ব পাৰিম, যদিহে আমি নিয়মিত আৰু সঠিকভাৱে হাত ধুৱা, মুখমণ্ডল আৰু চকু স্পৰ্শ কৰাৰ পৰা বিৰত থকা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে পৰিচ্ছন্নতাৰ প্ৰাথমিক দিহাবোৰ মানি চলিব পাৰো। তেওঁ লগতে কয় যে সন্মানীয় প্ৰধানমন্ত্ৰীয়ে তেওঁলৰ দেশবাসীক সম্বোধন কৰা কালত পুনৰ এইসমূহ অত্যাৱশ্যকীয় সাৱধানতাৰ বিষয়ে উল্লেখ কৰিছে।

ডাঃ হৰ্ষবৰ্ধনে কয় যে ক’ভিড-১৯ৰ প্ৰভাৱ প্ৰতিহত কৰাৰ বাবে লকডাউনেই হৈছে এক আটাইতকৈ সঠিক উপায়, য’ত প্ৰতিগৰাকী লোকেই নিজ নিজ ঘৰত থাকি এই ৰোগবিধৰ সংক্ৰমণক বাধা দিব পাৰে।

 

****

MV/MR/RD


(रिलीज़ आईडी: 1610877) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada