গৃহ মন্ত্ৰালয়
২১দিনীয়া ‘লক ডাউন’ৰ সময়চোৱাত ‘সামাজিক ব্যৱধান বিধি’ মানি চলি খেতি-পথাৰৰ কাম-কাজ সুকলমে চলোৱাৰ বাবে ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ
प्रविष्टि तिथि:
03 APR 2020 7:12PM by PIB Guwahati
দেশত ক’ভিড-১৯ প্ৰতিৰোধী অভিযানৰ অংশ হিচাপে ‘লক ডাউন’ অব্যাহত থকাৰ মাজতো খেতিৰ সময় সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষি কৰ্ম কৰিব পৰাকৈ খেতিয়কসকলক অনুমতি প্ৰদানৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক বিধি নিৰ্দেশনা প্ৰেৰণ কৰিছে। (https://pib.gov.in/PressReleseDetail.aspx?PRID=1608644).
এই নিৰ্দেশনাৰ জৰিয়তে ‘লক ডাউন’ৰ সময়ত জাৰি কৰা বধা-নিষেধৰ পৰা খেতিয়কসকলক খেতি-বাতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পৰাকৈ ৰেহাই দিয়াৰ পৰামৰ্শ দান কৰা হৈছে। সেই অনুযায়ী খেতিয়ক তথা কৃষি-কৰ্মীসকলে খেতি পথাৰৰ শস্য সংগ্ৰহ কৰা, বজাৰলৈ নিয়া, শস্য সিঁচা বা কটাৰ বাবে পথাৰলৈ অহা-যোৱা কৰাৰ দৰে কাম-কাজ কৰাৰ অনুমতি প্ৰদান কৰা হ’ব।
এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই ৰাজ্যচৰকাৰসমূহৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত ২১ দিনীয়া ‘লক ডাউন’ৰ সময়চোৱাতো যাতে খেতি-পথাৰৰ কাম-কাজসমূহ নিয়াৰিকৈ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে ক্ষেত্ৰ বিষয়াসকললৈ যাৱতীয়া নিৰ্দেশনা প্ৰেৰণৰ দিহা কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে এই সময়চোৱাতো সংশ্লিষ্ট সকলোৱে ‘সামাজিক ব্যৱধানবিধি’ কঠোৰভাবে পালন কৰিবই লাগিব বুলি বিধি-নিৰ্দেশনাটোত বিশেষভাবে উল্লেখ কৰা হৈছে।
*****
VG/SNC/VM/KB
(रिलीज़ आईडी: 1610857)
आगंतुक पटल : 255