বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী অভিযানত কৰ্তব্যৰত আৰক্ষীলৈ ‘এআৰচিআই’-য়ে প্ৰস্তুত কৰা ‘হেণ্ড ছেনিটাইজাৰ’

Posted On: 03 APR 2020 5:38PM by PIB Guwahati

সাম্প্ৰতিক পৰিস্থিতিত বজাৰত সৃষ্টি হোৱা হেণ্ড ছেনিটাইজাৰৰ নাটনিৰ সমস্যাৰ উপশম ঘটাবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগটৰ অধীনস্থ স্বতন্ত্ৰ গৱেষণা আৰু উন্নয়ন সংস্থা হায়ৰাবাদস্থিত ইণ্টাৰনেশ্যনেল এডভান্সড ৰিছাৰ্চ চেণ্টাৰ ফৰ পাউদাৰ মেটালাৰ্জী এণ্ড নিউ মেটেৰিয়েল শীৰ্ষক প্ৰতিষ্ঠানটোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ বিধি-নিৰ্দেশনা সাৰোগত কৰি হেণ্ড ছেনিটাইজাৰ' উত্পাদন কৰি কৰ্তব্যৰত আৰক্ষীসকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিষ্ঠানটোৰ কৰ্মীসকলৰ মাজত বিতৰণৰ দিহা কৰিছে। বিজ্ঞানী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মীৰে গঠিত এটা দলে স্বেচ্ছাই আগবাঢ়ি আহি এই কামত নিয়োজিত হৈছেহি। তেওঁলোকে এই পৰ্যন্ত প্ৰায় ৪০লিটাৰ হেণ্ড ছেনিটাইজাৰ উত্পাদন কৰি বিতৰণৰ ব্যৱস্থা কৰিছে।

দলটোৰ এই কামত সন্তুষ্টি প্ৰকাশ কৰিছে এআৰচিআই-ৰ নিৰ্দেশক ড০ জি পদ্মনাভনে।

*****

KGS/(DST)/KB



(Release ID: 1610846) Visitor Counter : 82