ৰেল মন্ত্ৰালয়

ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা প্ৰয়াসলৈ অৱদান আগবঢ়াই মাস্ক আৰু ছেনিটাইজাৰৰ ইন-হাউচ উৎপাদনৰ দিশত ৰে’লৱে

১ এপ্ৰিল ২০২০ পৰ্যন্ত ভাৰতীয় ৰে’লৱেয়ে উৎপাদন কৰিছে ২৮৭৭০৪ খন মাস্ক আৰু ২৫৮০৬ লিটাৰ ছেনিটাইজাৰ

ৰে’লৱেৰ আটাইকেইটা মণ্ডলৰ ভিতৰত উৎপাদনৰ দিশত আগবাঢ়িছে চিআৰ আৰু ডব্লিউআৰ

কৰ্তব্যলৈ অহা সকলো কৰ্মীৰ বাবে উপলব্ধ কৰোৱা হ’ব মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ
ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবেও এয়া নিশ্চিত কৰা হ’ব

Posted On: 03 APR 2020 4:36PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আগবঢ়োৱা অৱদানৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱে ইয়াৰ সকলো মণ্ডল, উৎপাদন গোট আৰু পিএছইউসমূহত মাস্ক আৰু ছেনিটাইজাৰৰ ইন-হাউচ উৎপাদনৰ কাম আৰম্ভ কৰিছে৷

১ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত ভাৰতীয় ৰে’লৱেয়ে ২৮৭৭০৪ খন মাস্ক আৰু ২৫৮০৬ লিটাৰ ছেনিটাইজাৰ উৎপাদন কৰিছে৷ এই ক্ষেত্ৰত চেণ্ট্ৰেল ৰে’লৱেয়ে ২২৫৮০ খন মাস্ক আৰু ২৬৯৩ লিটাৰ ছেনিটাইজাৰ আৰু ৱেষ্টাৰ্ণ ৰে’লৱেয়ে ৪৬৩১৩ খন মাস্ক আৰু ৭০০ লিটাৰ ছেনিটাইজাৰ, নৰ্থ চেণ্ট্ৰেল ৰে’লৱেয়ে ২৬৫৬৭খন মাস্ক আৰু ৩১০০ লিটাৰ ছেনিটাইজাৰ আৰু ইষ্টাৰ্ণ ৰে’লৱেয়ে ১৪৮০০খন মাস্ক আৰু ২৬২০ লিটাৰ ছেনিটাইজাৰ উৎপাদন কৰিছে৷

ভাৰতীয় ৰে’লৱেৰ মালবাহী ৰে’লসমূহ চৌবিশ ঘণ্টাই কাৰ্যক্ষম হৈ থকাৰ পৰিপ্ৰেক্ষিতত কৰ্মৰত কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিতিৰ বাবে নিম্নোক্ত পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছেঃ

১. কৰ্তব্যলৈ অহা কৰ্মীসকলক মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰা হ’ব৷ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য হ’ব৷

২. সকলো কৰ্মস্থানত চাবোন, পানী আৰু ধোৱা-মেলাৰ সুবিধা প্ৰদান কৰা হ’ব৷

৩. সামাজিক ব্যৱধান প্ৰতিপালন কৰা হ’ব৷

****

SG/MKV/MANN



(Release ID: 1610758) Visitor Counter : 90