গ্ৰামোন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী জনধন যোজনাৰ একাউণ্টধাৰী মহিলাসকললৈ এপ্ৰিল, ২০২০ ৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত প্ৰত্যক্ষ ধন স্থানান্তৰ

Posted On: 03 APR 2020 12:25PM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহটোৰ বাবে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্টধাৰী প্ৰতিগৰাকী মহিলালৈ (বেংকে অৱগত কৰা একাউণ্টৰ সংখ্যা অনুসৰি) ৫০০ টকাকৈ আগবঢ়াইছে আৰু এই ধনখিনি ২ এপ্ৰিল, ২০২০ তাৰিখে নিৰ্দ্দিষ্ট ব্যক্তিগত বেংক একাউণ্টত জমা হৈছে।

উল্লেখ্য যে এইদৰে এককালীন সাহায্য হিচাপে প্ৰতিগৰাকী প্ৰধানমন্ত্ৰী জন-ধন যোজনাত একাউণ্ট থকা মহিলালৈ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে ৫০০ টকাকৈ ধন প্ৰদান কৰাৰ কথা বিগত ২৬ মাৰ্চ, ২০২০ তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল।

সামাজিক দূৰত্ব অটুট ৰাখিবলৈ আৰু হিতাধিকাৰীসকলে তেওঁলোকৰ ধন নিয়ম শৃংখলা বজাই ৰাথি আহৰণ কৰিবৰ বাবে বিত্তীয় সেৱা বিভাগে বেংকসমূহক যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে। তলত কেনেদৰে হিতাধিকাৰীসকলে ধন আহৰণ কৰিব পাৰিব, তাৰ সবিশেষ বেংক একাউণ্টৰ অন্তিম সংখ্যা হিচাপে উল্লেখ কৰা হৈছে -

PMJDY একাউণ্টধাৰী মহিলাৰ একাউণ্ট নম্বৰৰ শেষৰ সংখ্যা

হিতাধিকাৰীয়ে ধন সংগ্ৰহৰ তাৰিখ

বা

..২০২০

বা

৪.৪.২০২০

বা

৭.৪.২০২০

বা

৮.৪.২০২০

বা

৯.৪.২০২০

 

০৯.০৪.২০২০ তাৰিখৰ পিছত হিতাধিকাৰীসকলে স্বাভাৱিক বেংকিং সময়সীমাৰ ভিতৰতেই যিকোনো তাৰিখত বেংকলৈ গৈ ধন আহৰণ কৰিব পাৰিব। বেংকেও সেই অনুসৰিয়েই পৰ্যায়ক্ৰমে হিতাধিকাৰীৰ একাউণ্টত ধন জমা কৰিব পাৰিব। ইতিমধ্যে বেংকসমূহক ওপৰোক্ত তালিকাখন নিম্নোক্ত কথাখিনিৰ সৈতে হিতাধিকাৰীসকললৈ এছএমএছযোগে প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়া হৈছে -

আপোনাৰ যতন লওঁ আমি। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ২০২০ চনৰ এপ্ৰিল মাহৰ বাবে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্টধাৰী মহিলাসকলৰ একাউণ্টত ৫০০ টকা জমা কৰা হৈছে। অসুবিধা নহ’বৰ বাবে ........ তাৰিখে আপোনাৰ শাখা / বেংক মিত্ৰৰ সৈতে যোগাযোগ কৰক। সুৰক্ষিত থাকক, সুস্থ হৈ থাকক!”

(বেংকে এইক্ষেত্ৰত সঠিক বিকল্প শাৰী এটা বাচি ল’ব পাৰিব)

এছএমএছ বাৰ্তাৰ উপৰিও ওপৰোক্ত দফাটো অনুসৰি, স্থানীয়ভাৱেও প্ৰচাৰ (স্থানীয় চেনেল/ প্ৰিণ্ট মিডিয়া / কেবল অপাৰেটৰ /স্থানীয় ৰেডিঅ’ / অন্যান্য চেনেল) চলাই এই কথা স্পষ্ট কৰিব পৰা যায় যে এই একাউণ্টবোৰত জমা হোৱা ধন প্ৰয়োজন সাপেক্ষে উলিয়াব পাৰিব বা সেই ধন যদি হিতাধিকাৰীয়ে তাৎক্ষণিকভাৱে উলিয়াব বিচাৰে তেনে ক্ষেত্ৰতো উলিয়াব পাৰে, তাৰ বাবে তেওঁ বেংকৰ শাখালৈ ওপৰোক্ত সূচী অনুসৰি যাব লাগিব। লগতে এই কথাও উল্লেখ কৰিব লাগিব যে এই সূচী সামাজিক দূৰত্ব অটুট ৰাখি সঠিকভাৱে আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখি ধন আহৰণ কৰিবৰ বাবে প্ৰকাশ কৰা হৈছে।

এই ক্ষেত্ৰত, ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ্ছ কমিটিৰ সমন্বয়ৰক্ষীক তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি বেংকৰ এই পৰিকল্পনাৰ বিষয়ে অৱগত কৰাৰ উপৰি শাখাসমূহত, এটিএম সমূহত যাৱতীয় সুৰক্ষা-নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰসমূহকো স্থানীয়ভাৱে প্ৰচাৰ কাৰ্য চলোৱাৰ লগতে নিৰাপত্তা তথা সুৰক্ষা ব্যৱস্থা কৰি বেংকসমূহক এই কাৰ্য সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষী কৰ্তৃপক্ষক নিৰ্দেশনা দিবলৈ অনুৰোধ জনোৱা হৈছে।

সকলো ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ মূৰব্বীসকলকো এই সন্দৰ্ভত শাখাৰ বিষয়ববীয়া আৰু ব্যৱসায়িক প্ৰতিনিধিসকললৈ নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনোৱা হৈছে।

*******

APS/PK/MS/BA/RD



(Release ID: 1610674) Visitor Counter : 218