জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰভাৱৰ পৰা ‘এনটিএফপি’-ৰ বাণিজ্য আৰু জনজাতিসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চললৈ ‘ট্ৰাইফেড’-ৰ পত্ৰ

Posted On: 03 APR 2020 1:14PM by PIB Guwahati

ভিড-১৯ৰ প্ৰভাৱৰ পৰা অনা-কাঠ বনজ উত্পাদন(এনটিএফপি)-ৰ বাণিজ্য আৰু জনজাতিসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ট্ৰাইফেড-য়ে। ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ ট্ৰাইফেড-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণই প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে সাম্প্ৰতিক সময়ত কভিড-১৯ৰ প্ৰভাৱত পৰা পৃথিৱীয়ে অভুতপূৰ্ব সংকটৰ সন্মুখীন হবলগীয়া হৈছে। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেই কম-বেছি পৰিমাণে প্ৰভাৱিত হবলগীয়া হৈছে কভিড-১৯ মহামাৰিৰেকেৱল সেয়াই নহয়, ইয়াৰ ফলত বেহা-বেপাৰ, উদ্যোগৰ লগতে সমাজৰ সকলো ক্ষেত্ৰই নেতিবাচক ভাবে প্ৰভাৱিত হৈছে। স্বাভাৱিকতেই এই পৰিস্থিতিৰ দ্বাৰা জনজাতিসকল আৰু বিশেষভাবে অনা-কাঠ বনজ উত্পাদন(এনটিএফপি)-ৰ বাবে অতিকে উত্কৃষ্ট বছৰৰ এই সময়চোৱাত এনে দ্ৰব্যৰ বাণিজ্য কৰা দেশৰ বহু অঞ্চল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাটো প্ৰায় নিশ্চিত হৈ উঠিছে

এনে প্ৰেক্ষাপটতে এই ক্ষেত্ৰক সুৰক্ষা দিবৰ বাবে কেতবোৰ পদক্ষেপ আগতীয়াকৈ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ উঠিছে। ইয়াৰ বাবে বিভিন্ন ৰাজ্যৰ বিশেষে অথবা এনটিএফপি বিশেষে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হব পাৰে। আৰু প্ৰতিখন ৰাজ্যৰ নডেল বিষয়াসকলে এই পদক্ষেপসমূহৰ বিষয়ে যাৱতীয় তথ্য সংশ্লিষ্টসকলৈ যিমান পাৰি সোনকালে প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগে বুলি ট্ৰাইফেড-ৰ পত্ৰখনত উল্লেখ কৰা হৈছে।

ভিড-১৯ৰ সময়চোৱাত এনটিএফপি-ৰ সুৰক্ষাৰ বাবে কৰণীয় বিষয়সূচী

০ লাভ-খোৰ ব্যৱসায়ীয়ে দুৰ্যোগৰ সুবিধা লৈ এনটিএফপি-ৰ সংগ্ৰহ আধামূলীয়াকৈ বিক্ৰীৰ বাবে জনজাতীসকলক উচতাব পাৰে। সেয়ে এমএফপি আঁচনিসমূহ খৰটকীয়াকৈ আৰু বলীষ্ঠভাৱে ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে। স্পৰ্শকাতৰ অঞ্চলসমূহত এই পদক্ষেপ গ্ৰহণত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।

এনটিএফপি-ৰ সংগ্ৰাহকসকলক এনে সম্পদ আহৰণ কৰিবলৈ যাওতে স্বাস্থ্য-বিধি মানি চলাৰ বাবে বিশেষভাবে সতৰ্ক কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে সামগ্ৰী সংগ্ৰহ কৰাৰ আগতে আৰু সংগ্ৰহৰ পিছত বিজাণুনাশকৰে হাত ধোৱাতো বাধ্যতামূলক কৰিব লাগে।

বন ধন বিকাশ কেন্দ্ৰকে আদি কৰি এনটিএফপি-ৰ সকলোবোৰ প্ৰাথমিক সংসাধন কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত হাত ধুৱ পৰাকৈ বিজাণুনাশক ৰখাতো বাধ্যতামূলক কৰিব লাগে। যদি এনে কেন্দ্ৰত সামাজিক ব্যৱধানবিধিট মানি কাম-কাজ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত স্থানৰ নাটনি হয়, তেন্তে তেনে পৰিস্থিতিত কৰ্মীসকলক খেপ হিচাপে কাম কৰাৰ অথবা ঘৰৰ পৰিচ্ছন্ন পৰিৱেশৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰিব লাগে।

০ কাঁহ-পানীলগাৰ দৰে অসুখত ভুগী থকা কৰ্মচাৰীসকলক কেন্দ্ৰসমূহলৈ অহাৰ অনুমতি দিব নালাগে আৰু সকলো সংগ্ৰাহক আৰু সংসাধকেই সামাজিক ব্যৱধানবিধি মানিহে কাম-কাজ চলাব লাগে।

০ কাৰোবাৰ ঘৰৰ কোনো সদস্যৰ যদি কভিড-১৯ৰে আক্ৰান্ত হোৱাৰ লক্ষণ দেখা যায়, তেন্তে তেনে পৰিস্থিতিত তেওঁলোকৰ ঘৰৰ সকলো সদস্যকে ৰোগ সংক্ৰমণ সংক্ৰান্তীয় পৰীক্ষণ কৰোৱাব লাগে আৰু প্ৰয়োজন সাপেক্ষে আচুতীয়া কৰণ অথবা আৱদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

এনটিএফপিসমূহ ভৰাই বা বান্ধি পঠোৱাৰ বাবে ব্যৱহাৰ কৰা সা-সামগ্ৰীসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাৰ লগতে এনটিএফপিসমূহ কোনো পৰিস্থিতিতে বান্ধোতাসকলৰ হাতৰ স্পৰ্শলৈ আহিবলগীয়া নহয় সেয়া নিশ্চিত কৰিবলৈকে ভৰাই বা বান্ধি পঠোৱা সামগ্ৰীসমূহত যাতে ফটা-ফুটা নাথাকে তাৰ বাবে সতৰ্ক হব লাগে।

০ যথা সম্ভৱ নগদ ধনৰ লেন-দেন কমোৱাত গুৰুত্ব দিয়াৰ লগতে সংগ্ৰাহক-সংসাধকৰ পাৰিশ্ৰমিক আদি বেংক একাউণ্টৰ জৰিয়তে প্ৰদানৰ দিহা কৰিব লাগে। ৰূ-পে-ৰ দৰে চৰকাৰী অন লাইন মঞ্চৰ জৰিয়তে ধনৰ লেন-দেন কৰাৰ বাবে সংশ্লিষ্টসকলক উত্সাহিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিব লাগে।

*****

NB/SK/MoTA/03.04.2020/KB



(Release ID: 1610668) Visitor Counter : 168