প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 03 APR 2020 9:22AM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল,

ৰনা বিশ্বজোৰা মহামাৰীৰ বিৰুদ্ধে ঘোষণা কৰা লকডাউনৰ আজি নৱম দিন অতিক্ৰম হৈছে৷ এই সময়ছোৱাত আপোনালোকে যি ধৰণে শৃংখলাবদ্ধতা আৰু সেৱা ভাৱ, এই দুয়োটাৰে পৰিচয় দিলে সেয়া সঁচাকৈয়ে অভুতপূৰ্ব৷

শাসন, প্ৰশাসন আৰু জনতাই ঐক্যৱদ্ধভাৱে এই স্থিতি চম্ভালি লোৱাৰ ভৰপক প্ৰয়াস কৰিছে৷

আপোনালোকে যিদৰে ২২ মাৰ্চ দেওবাৰৰ দিনা কৰনাৰ বিৰুদ্ধে যুদ্ধত ব্ৰতী সকলক কৃতজ্ঞতা প্ৰকাশ কৰিলে সেয়া আজি বিশ্বৰ সকলো দেশৰ বাবে আৰ্হি হৈ পৰিছে৷

আজি বহু দেশে ইয়াক পালন কৰিছে৷ জনতা কাৰ্ফিউৱে হওক, ঘণ্টি বজোৱা, কাঁহী-বাটি বজোৱা কাৰ্যসূচীয়েই হওক, এইসমূহে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশক ইয়াৰ সামূহিক শক্তিৰ বিষয়ে অনুধাৱন কৰাইছে৷ এই ভাৱ প্ৰকট হৈছে যে দেশে ঐক্যৱদ্ধভাৱে ক’ৰনাৰ বিৰুদ্ধে যুঁজিব পাৰে৷ এতিয়া লকডাউনৰ সময়ত, দেশৰ আৰু আপোনালোক সকলোৰে এই সামূহিকতা চৰিতাৰ্থ হোৱা পৰিলক্ষিত হৈছে৷

বন্ধুসকল,

আজি দেশৰ কোটি কোটি লোক ঘৰতে আৱদ্ধ হৈ আছে, কিছুমানে হয়তো ভাবিছে যে তেওঁ অকলশৰীয়াকৈ কি কৰিব৷ কিছুমান লোকে হয়তো ভাবিছে যে ইমান বৃহৎ যুঁজ এখন তেওঁ কিদৰে যুঁজিব৷ আন এটা প্ৰশ্নও হয়তো মনত ডোলা দিছে যে কিমান দিন এনেকৈ কটাব লাগিব৷

বন্ধুসকল,

এয়া লকডাউনৰ সময় হ’ব পাৰে, আমি আমাৰ ঘৰত আৱদ্ধ হৈ থাকিব পাৰো, কিন্তু আমি কোনেও অকলশৰীয়া নহয়৷ ১৩০ কোটি দেশবাসীৰ সামূহিক শক্তি প্ৰত্যকে ব্যক্তিৰ সৈতে আছে, প্ৰত্যেক ব্যক্তিৰেই সম্বল হিচাপে বিবেচিত হৈছে৷ সময়ে সময়ে দেশবাসীয়ে এই সামূহিক শক্তিৰ বিৰাট ৰূপ, ইয়াৰ ভব্যতা আৰু দিব্যতা অনুধাৱন কৰাটো আৱশ্যক৷

বন্ধুসকল,

আমাৰ ইয়াত জনতা জনাৰ্দনক ঈশ্বৰৰ ৰূপ বুলি বিবেচনা কৰা হয়৷ সেয়ে যেতিয়া দেশত এনে বৃহৎ যুদ্ধৰ সূচনা হয় তেতিয়া বাৰে বাৰে জনতাৰূপী মহাশক্তি প্ৰকট হোৱাটো আৱশ্যক৷ এই সাক্ষাতে আমাক মনোবল প্ৰদান কৰে, লক্ষ্য প্ৰদান কৰে, ইয়াৰ প্ৰাপ্তিৰ বাবে শক্তি প্ৰদান কৰে আৰু আমাৰ পথ অধিক স্পষ্ট কৰি তোলে৷

বন্ধুসকল,

ৰনা মহামাৰীৰ দ্বাৰা বিস্তৃত হোৱা অন্ধকাৰৰ মাজত আমি নিৰন্তৰে পোহৰৰ দিশলৈ ধাৱমান হ’ব লাগে৷ যি এই ক’ৰনাৰ সংকটৰ দ্বাৰা অধিক প্ৰভাৱিত হৈছে, আমাৰ দৰিদ্ৰ ভাই-ভনীসকল, তেওঁলোকক নিৰাশাৰ পৰা আশাৰ দিশলৈ লৈ যাব লাগে৷ এই ক’ৰনাৰ সংকটৰ পৰা যি অন্ধকাৰ আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছে, সেয়া সমাপ্ত কৰি আমি উজ্বলতা আৰু নিশ্চয়তাৰ দিশলৈ ধাৱমান হ’ব লাগে৷ এই অন্ধকাৰময় ক’ৰনাৰ সংকটক পৰাজিত কৰিবলৈ আমি চতুৰ্দিশে পোহৰৰ উজ্বলতা বিয়পাব লাগে৷ আৰু সেইবাবে, এই দেওবাৰে, ৫ এপ্ৰিল তাৰিখে, আমি সকলোৱে ঐক্যৱদ্ধভাৱে ক’ৰনাৰ সংকটক প্ৰত্যাহ্বান জনাব লাগিব, ক’ৰনাক পোহৰৰ শক্তিৰ সৈতে পৰিচিত কৰোৱাব লাগিব৷ এই ৫ এপ্ৰিল তাৰিখে আমি ১৩০ কোটি দেশবাসীৰ মহাশক্তিক জাগ্ৰত কৰিব লাগিব৷

১৩০ কোটি দেশবাসীৰ মহাসংকল্পক নতুন উচ্চতাত অৱৰোহণ কৰোৱাব লাগিব৷ ৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত মই আপোনালোকৰ পৰা ৯ মিনিট সময় বিচাৰিছো৷ মন দি শুনিব, ৫ এপ্ৰিল তাৰিখে নিশা ৯ বজাত ঘৰৰ সকলো লাইট বন্ধ কৰি ঘৰৰ দুৱাৰৰ কাষত অথবা বেলকনীত থিয় হৈ ৯ মিনিটৰ বাবে মমবাতি, চাকি, টৰ্চ অথবা ম’বাইলৰ ফ্লাশ্ব লাইট জ্বলাওক৷ মই পুনৰ বাৰ কৈছো, মমবাতি, চাকি, টৰ্চ অথবা ম’বাইলৰ ফ্লাশ্বলাইট, ৫ এপ্ৰিল তাৰিখে নিশা ৯ বজাত ৯ মিনিট পৰ্যন্ত জ্বলাওক৷ আৰু সেই সময়ত যদি ঘৰৰ সকলো লাইট বন্ধ কৰে, চতুৰ্দিশে যেতিয়া প্ৰতিজন ব্যক্তিয়ে এগচি চাকি জ্বলাব, তেতিয়া পোহৰৰ সেই মহাশক্তিৰ অনুধাৱন হ’ব যে আমি সকলোৱেই এটা লক্ষ্যতেই উপনীত হোৱাৰ দিশত আগবাঢ়িছো, এই ভাৱ উদ্ভাসিত হ’ব৷ সেই পোহৰৰ শক্তিত, সেই উজ্বলতাত আমি মনৰ মাজত এই সংকল্প গ্ৰহণ কৰিম যে আমি কোনেও অকলশৰীয়া নহয়৷ ১৩০ কোটি দেশবাসী এটা সংকল্পৰ দ্বাৰাই প্ৰতিশ্ৰুতিৱদ্ধ৷

বন্ধুসকল,

মোৰ এটাই প্ৰাৰ্থনা, এই আয়োজনৰ সময়ত কোনেও যাতে কোনো স্থানতে সমবেত নহয়৷ পথলৈ, গলিলৈ ওলাই যাব নালাগে, কেৱল নিজৰ ঘৰৰ দুৱাৰৰ কাষত, বেলকনীৰ পৰাই এই কাৰ্য কৰিব লাগিব৷ সামাজিক ব্যৱধানৰ লক্ষ্মণ ৰেখা আমি উলংঘা কৰিব নালাগিব৷ কোনো পৰিস্থিতিতেই এয়া ভংগ কৰিব নালাগিব৷ ক’ৰনাৰ শৃংখলা ভংগ কৰাৰ এয়াই ৰামবাণৰূপী চিকিৎসা৷ সেইবাবে ৫ এপ্ৰিল তাৰিখে নিশা ৯ বজাত কিছু সময় অকলশৰীয়াকৈ মা ভাৰতীক স্মৰণ কৰক, ১৩০ কোটি দেশবাসীৰ কথা চিন্তা কৰক, ১৩০ কোটি দেশবাসীৰ এই সামূহিকতা, এই মহাশক্তি অনুভৱ কৰক৷ ই আমাক এই সংকটৰ মুহূৰ্তত যুঁজিবলৈ শক্তি দিব আৰু বিজয়ৰ বাবে আত্মবিশ্বাসো প্ৰদান কৰিব৷

আমাৰ ইয়াত কোৱা হয়-

উৎসাহো বলবান্ আৰ্য,

ন অস্তি উৎসাহ পৰম বলম্৷

স উৎসাহস্য লোকেষু,

ন কিঞ্চিৎ অপি দুৰ্লভম৷৷

অৰ্থাৎ, আমাৰ উৎসাহ, আমাৰ সত্বাতকৈ মহান শক্তি বিশ্বত আৰু একো নাই৷ বিশ্বত এনেকুৱা একো নাই যাক আমি এই শক্তিৰ দ্বাৰা লাভ কৰিব নোৱাৰো৷ আহক, সকলোৱে ঐক্যৱদ্ধভাৱে কৰনাক পৰাজিত কৰো আৰু ভাৰতৰ বিজয়ৰ পথ প্ৰশস্ত কৰো৷

অশেষ ধন্যবাদ৷৷

*****

 

VRRK/KP/MANN



(Release ID: 1610579) Visitor Counter : 266