প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু প্ৰিন্স অৱ্ ৱেলছৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 02 APR 2020 8:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰিন্স অৱ্ ৱেলছৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিগত কেইটামান সপ্তাহত হোৱা ব্ৰিটেইনৰ জনহানিৰ বাবে দুখ প্ৰকাশ কৰে৷ ৰাজকুমাৰে এই ৰোগবিধৰ পৰা আৰোগ্য পোৱাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰি তেওঁৰ সুস্বাস্থ্য কামনা কৰে৷

ব্ৰিটেইনত বহু ভাৰতীয় প্ৰবাসী লগতে নেচনেল হেল্থ ছাৰ্ভিচৰ বহু সদস্যই মহামাৰীবিধৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ বাবে ৰাজকুমাৰে প্ৰশংসা কৰে৷ তাৰোপৰি ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ৰ বহু ধৰ্মীয় আৰু সামাজিক সংস্থাই নিঃস্বাৰ্থ সেৱা আগবঢ়াই আছে বুলিও ৰাজকুমাৰে উল্লেখ কৰে৷

ৰাজকুমাৰে এই সংকটৰ সময়ছোৱাত ভাৰতত থকা ব্ৰিটেইনৰ নাগৰিকসকলক প্ৰধানমন্ত্ৰীয়ে সুবিধা আৰু সাহায্য প্ৰদান কৰা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰে আয়ুৰ্বেদৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ শেহতীয়াকৈ কিছুমান চুটি ভিডিঅ’ৰ জৰিয়তে সাধাৰণ যোগাভ্যাস অনুশীলন আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিবলৈ ঘৰতে প্ৰস্তুত কৰা পৰম্পৰাগত উপায়সমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰক অৱগত কৰে৷ বৰ্তমানৰ পৰিস্থিতিত মানসিক তথা শাৰীৰিক স্বাস্থ্য প্ৰতিপালনৰ বাবে প্ৰয়োজনীয় এই পদক্ষেপসমূহক ৰাজকুমাৰগৰাকীয়ে প্ৰশংসা কৰে৷

***

VRRK/AK/MANN



(Release ID: 1610544) Visitor Counter : 116