প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কুৱেইটৰ প্ৰধানমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

Posted On: 01 APR 2020 7:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেটৰ প্ৰধানমন্ত্ৰী শ্বেইখ ছাবাহ আল-খালেদ আল-হামাদ আল-চাবাহৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কুৱেটৰ আমিৰ, ৰাজ পৰিয়াল আৰু কুৱেটবাসীৰ সু-স্বাস্থ্য কামনাৰে শুভেচ্ছা জনায়৷ বাৰ্তালাপৰ সময়ত ভাৰতৰ চুবুৰীয়া দেশ হিচাপে ভাৰতৰ সৈতে কুৱেটৰ সম্পৰ্কৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে৷

দুয়োগৰাকী নেতাই বৰ্তমানৰ ক’ভিড-১৯ মহামাৰীৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিশবোৰ আলোচনা কৰে৷ এই স্বাস্থ্যজনিত সংকটৰ সময়ত সহযোগিতাৰে তথা পাৰস্পৰিক সমৰ্থনেৰে তথ্যৰ আদান-প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ বিষয়াবৰ্গই নিয়মীয়াকৈ যোগাযোগ স্থাপন কৰি আছে বুলি নেতা দুগৰাকী সহমতত উপনীত হয়৷

কুৱেটৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে কুৱেটে বৃহ সংখ্যক ভাৰতীয় লোকে দেশখনৰ প্ৰতি আগবঢ়োৱা অৱদানৰ উচিত মুল্য দিছে আৰু বৰ্তমানৰ পৰিস্থিতিতো তেওঁলোকৰ সুৰক্ষা আৰু কল্যান সুনিশ্চিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এই আশ্বাসৰ বাবে কুৱেটৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ শলাগ লয়৷

*****

VRRK/KP/DB



(Release ID: 1610129) Visitor Counter : 165