ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

দেশৰ সংকটকালত চিপেটৰ সমূহীয়া সাহায্য পদক্ষেপ

प्रविष्टि तिथि: 01 APR 2020 12:58PM by PIB Guwahati

সমগ্ৰ দেশ ক’ভিড-১৯ মহামাৰীৰ গ্ৰাসত পৰাৰ সময়তে ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেমিকেল আৰু পেট্ৰ’কেমিকেল বিভাগৰ অন্তৰ্গত ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান চেণ্ট্ৰেল ইনষ্টিটিউট অৱ প্লাষ্টিক ইঞ্জিনীয়াৰিং এণ্ড টেকন’ল’জী চমুকৈ চিপেটে ইয়াৰ বিভিন্ন ৰাজ্যত থকা প্ৰতিষ্ঠানসমূহৰ যোগেদি জনহিতাৰ্থে এলানি সাহায্য কাৰ্যসূচী হাতত লৈছে।

এই সাহায্য কাৰ্যসূচীৰ এক অংশ হিচাপে চিপেটৰ গোৱালিয়ৰ কেন্দ্ৰই ইয়াৰ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰটো জিলা দণ্ডাধীশলৈ আগবঢ়াইছে আৰু ইয়াকেই ৭২ খন বিচনাযুক্ত এক ‘কোৰেণ্টাইন কেন্দ্ৰ’ হিচাপে সৃষ্টি কৰিছে, ইয়াত চিকিৎসা প্ৰদান কৰিবলগীয়া পেৰামেডিকেল দলটোক  সহায় কৰিবৰ বাবে এই কেন্দ্ৰটোত মোতায়েন কৰা হৈছে চিপেটৰ কৰ্মচাৰী তথা বিষয়াবৰ্গ। তেওঁলোকে প্ৰতিমূহুৰ্ততে পেৰামেডিকেল দলটোক সেৱা আগবঢ়াবৰ বাবে তৎপৰ হৈ থাকিব।

ঠিক তেনেদৰে চিপেটৰ ভূৱনেশ্বৰে মাস্ক বিতৰণ, সংক্ৰমণ প্ৰতিৰোধী উপাদান আৰু পানী বটল বিতৰণেৰে জনসাধাৰণৰ মাজত ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ কাম কৰিছে। লগতে এই কেন্দ্ৰটোৱে বিভিন্ন প্ৰদৰ্শনীৰো আয়োজন কৰিছে।

ইফালে সমগ্ৰ দেশৰে চিপেটৰ সকলো কৰ্মচাৰীয়ে স্বেচ্ছাই এদিনৰ দৰমহা প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজিলৈ আগবঢ়াইছে, এনেদৰে ১৮ লাখ টকা আগবঢ়োৱা হৈছে প্ৰধানমন্ত্ৰীৰ এই সাহায্য পুঁজিলৈ।

চিপেট-SARP LARPM ভূৱনেশ্বৰৰ আৰ এণ্ড ডি শাখাই বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি ছেনিটাইজাৰ প্ৰস্তুত কৰিছে আৰু সেইসমূহ ক’ভিড-১৯ ৰ পৰা ৰক্ষা পাবৰ বাবে সুৰক্ষাকৰ্মী আৰু হাউছকীপিং কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰে।

আনফালে চিপেটৰ লক্ষ্ণৌ শাখাই চহৰখনলৈ প্ৰব্ৰজন কৰি অহা কৰ্মচাৰী, দৰিদ্ৰ লোকসকলক খাদ্য যোগান ধৰিবৰ বাবে অন্নদা (খাদ্য বেংক), নগৰ নিগম নিধি, লক্ষ্ণৌলৈ ৫ লাখ টকা আগবঢ়াইছে।

ঠিক তেনেদৰেই দেশৰ বিভিন্ন প্ৰান্তত অভাৱী আৰু দৰিদ্ৰ লোকসকলক খাদ্য যোগান ধৰিবৰ বাবে বিভিন্ন চিপেট কেন্দ্ৰই ব্যাপকভাৱে পদক্ষেপ গ্ৰহণ কৰিছে।

***

RCJ/ RKM/RD


(रिलीज़ आईडी: 1610025) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Telugu , Kannada