মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

নেচনেল টেষ্টিং এজেন্সীয়ে স্থগিত ৰাখিলে যুটীয়া প্ৰৱেশ পৰীক্ষা(মেইন)এপ্ৰিল-২০২০

Posted On: 31 MAR 2020 5:39PM by PIB Guwahati

নেচনেল টেষ্টিং এজেন্সীয়ে ১৮.০৩.২০২০ত জে.ই.ই(মেইন) স্থগিত ৰখা বুলি জাৰি কৰা ৰাজহুৱা জাননীৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ এক জাননী জাৰি কৰিছে যে অহা ৫,৭, ৯ আৰু ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই যুটীয়া প্ৰৱেশ পৰীক্ষা(জে.ই.ই-মেইন) সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইপৰ্যন্ত মে’ৰ অন্তিম সপ্তাহলৈ পিছুৱাই দিয়া হৈছে৷ নেচনেল টেষ্টিং এজেন্সীয়ে অনাগত সপ্তাহত পৰিস্থিতি পৰ্যবেক্ষণ কৰি নিৰ্দিষ্ট দিন ঘোষণা কৰিব৷

নেচনেল টেষ্টিং এজেন্সীয়ে আশা প্ৰকাশ কৰিছে যে সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব; কিন্তু এই মুহূৰ্তত এজেন্সীয়ে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনসাপেক্ষে পৰীক্ষাৰ সূচী সাল-সলনি কৰি পাৰে৷ পৰ্যায়ক্ৰমে পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ অহা ১৫ এপ্ৰিল,২০২০ৰ পিছত তেতিয়াৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি পৰীক্ষাৰ্থীৰ বাবে মুকলি কৰা হ’ব৷  শেহতীয়া স্থিতিৰ বিষয়ে নেচনেল টেষ্টিং এজেন্সিয়ে শিক্ষাৰ্থীক অৱগত কৰাই থাকিব৷ লগতে পৰীক্ষাৰ নিৰ্দিষ্ট দিন অথবা সালসলনিৰ বিষয়ে আগতীয়াকৈ শিক্ষাৰ্থীক জনাই থাকিব৷

আবেদনকাৰী আৰু তেওঁলোকৰ অভিভাৱকক শেহতীয়া তথ্যৰ বাবে নিয়মীয়াকৈ jeemain.nta.nic.in আৰু www.nta.ac.in ভিজিট কৰি থাকিবলৈ আহ্বান জনোৱা হৈছে৷ অধিক স্পষ্টীকৰণৰ বাবে আবেদনকাৰীয়ে ৮২৮৭৪৭১৮৫২, ৮১৭৮৩৫৯৮৪৫, ৯৬৫০১৭৩৬৬৮, ৯৫৯৯৯৬৭৬৯৫৩, ৮৮৮২৩৫৬৮০৩ নম্বৰত যোগাযোগ কৰিব পাৰে৷ .

*****

NB/AKJ/AK/MS



(Release ID: 1609795) Visitor Counter : 96