আয়ুষ

ক’ভিড-১৯ৰ সংকটৰ সময়ত স্ব-পৰিচৰ্যা আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদৰ উপায়

Posted On: 31 MAR 2020 2:31PM by PIB Guwahati

আজি ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বই পীড়িত হৈছে৷ এনেক্ষেত্ৰত শৰীৰৰ স্বাভাৱিক প্ৰতিৰক্ষা প্ৰণালী (ৰোগ প্ৰতিৰোধক ক্ষমতা) উন্নত কৰি শৰীৰক নিৰোগী কৰি ৰাখিব পাৰি৷ আমি সকলোৱে জানো যে প্ৰতিৰোধেই হ’ল উত্তম চিকিৎসা৷ এই পৰ্যন্ত ক’ভিড-১৯ৰ বাবে কোনো ঔষধ প্ৰস্তুত হোৱা নাই যদিও প্ৰতিৰোধাত্মক ব্যৱস্থাৰে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিব পাৰো৷

আয়ুৰ্বেদ জীৱন বিজ্ঞান হোৱাৰ পৰিপ্ৰেক্ষিতত সুস্থ আৰু সবল হৈ থাকিবলৈ ই প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰে৷ সুস্থ জীৱনৰ বাবে প্ৰতিৰোধী উপায়সম্বন্ধীয় আয়ুৰ্বেদৰ ব্যাপক জ্ঞান ‘দিনচৰ্যা’ আৰু ‘ঋতুচৰ্যা’ৰ অৱধাৰণৰ ওপৰত আধাৰিত৷ ই হ’ল উদ্ভিদভিত্তিক বিজ্ঞান৷ আয়ুৰ্বেদ শাস্ত্ৰসমূহত ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷

আয়ুস মন্ত্ৰালয়ে শ্বাস-প্ৰশ্বাস সম্বন্ধীয় স্বাস্থ্য সন্দৰ্ভত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে তথা সু-স্বাস্থ্যৰ বাবে নিম্নোল্লিখিত নিৰ্দেশনাসমূহৰ পৰামৰ্শ প্ৰদান কৰিছে৷ এয়া আয়ুৰ্বেদিক সাহিত্য তথা বৈজ্ঞানিক পত্ৰিকাসমূহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷

সাধাৰণ উপায়

১. গোটেই দিনটো গৰম পানী পান কৰক৷

২. আয়ুস মন্ত্ৰালয় (#যোগাএটহোম #ষ্টে’হোম #ষ্টে’চেফ)ৰ পৰামৰ্শ অনুসৰি প্ৰতিদনে অতিকমেও ৩০ মিনিট যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰক৷

৩. খাদ্য প্ৰস্তুতিত হালধি, জিৰা, ধনিয়া আৰু নহৰুৰ দৰে মছলাসমূহৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে৷

ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ বাবে আয়ুৰ্বেদিক উপায়

১. প্ৰতিদিনে ৰাতিপুৱা ১ চামুচ অৰ্থাৎ ১০ গ্ৰাম চ্যৱনপ্ৰাশ খাওক৷ মধুমেহৰ ৰোগীয়ে ছুগাৰফ্ৰী চ্যৱনপ্ৰাশ খাব লাগে৷

২. তুলসী, দালচেনী, কলা জালুক, শুকান আদাৰে বনোৱা হাৰ্বেল টী এবাৰ বা দুবাৰ গ্ৰহণ কৰক৷ যদি আৱশ্যক হয় তেন্তে নিজৰ সোৱাদ অনুসৰি গুড় অথবা সতেজ নেমুৰ ৰসো মিহলাব পাৰে৷

৩. সোণালী গাখীৰ- ১৫০ মিলিলিটাৰ গৰম গাখীৰত আধা চামুচ হালধী পাউডাৰ দিনত এবাৰ বা দুবাৰ খাওক৷

সৰল আয়ুৰ্বেদিক প্ৰক্ৰিয়াসমূহ

১. নাকৰ অনুপ্ৰয়োগ- পুৱা আৰু সন্ধিয়া নাকৰ ফুটাত তিলৰ তেল/নাৰিকলৰ তেল অথবা ঘিউ লগাওক৷

২. অইল পুলিং থেৰাপী- ১ চামুচ তিল অথবা নাৰিকলৰ তেল মুখত লওক৷ সেয়া ডিঙিৰ ভিতৰলৈ যাবলৈ নিদিয়াকৈ ২ৰ পৰা ৩ মিনিটলৈ মুখতে কুলিকুলি কৰক আৰু পেলাই দিয়ক৷ ইয়াৰ পিছত গৰম পানীৰে কুলিকুলি কৰক৷ এনেকুৱা দিনত এবাৰ বা দুবাৰ কৰিব পাৰে৷

শুকান কাহ/ডিঙিত ব্যাথা হোৱাৰ সময়ত

১. সতেজ পদিনাৰ পাত অথবা আজৱাইনৰ সৈতে দিন এবাৰ বাষ্প গ্ৰহণ কৰিব পাৰি৷

২. কাহ অথবা ডিঙি জ্বলা-পোৰা কৰিলে লং পাউডাৰ গুড়/মৌৰ সৈতে মিলাই দিনত ২ বা ৩ বাৰ খাব পাৰি৷

৩. এই উপায় সাধাৰণতে সামান্য শুকান কাহ আৰু ডিঙিত হোৱা সুৰসুৰণিৰ বাবেহে৷ কিন্তু এই লক্ষণ দীঘলীয়া হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷

উপৰোক্ত উপায়সমূহ ব্যক্তিয়ে নিজৰ সুবিধা অনুসৰি কৰিব পাৰে৷ দেশৰ প্ৰখ্যাত বৈদ্যসকলৰ পৰামৰ্শৰ আধাৰত এই উপায়সমূহ উল্লেখ কৰা হৈছে কিয়নো ইয়াৰ জৰিয়তে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয়৷ বৈদ্যসকলৰ নাম ইয়াত উল্লেখ কৰা হ’ল- পদ্মশ্ৰী বৈদ্য পি আৰ কৃষ্ণকুমাৰ, কইম্বাটুৰ; পদ্মভূষণ বৈদ্য দেৱেন্দ্ৰ ত্ৰিগুণা, দিল্লী; বৈদ্য পি এম বাৰিয়াৰ, কট্টাক্কাল; বৈদ্য জয়ন্ত দেৱপুজাৰী, নাগপুৰ; বৈদ্য বিনয় ৱেলাংকাৰ, থানে; বৈদ্য বি এছ প্ৰসাদ, বেলগাঁও; পদ্মশ্ৰী বৈদ্য গুৰদ্বীৰ সিং, জামনগৰ; আচাৰ্য বালকৃষ্ণজী, হৰিদ্বাৰ; বৈদ্য এম এছ বাঘেল, জয়পুৰ; বৈদ্য আৰ বি দ্বিৱেদী, হাৰদৈ উত্তৰ প্ৰদেশ; বৈদ্য কে এন দ্বিৱেদী, বাৰাণসী; বৈদ্য ৰাকেশ শৰ্মা, চণ্ডীগড়; বৈদ্য অবিচল চট্টোপাধ্যায়, কলকাতা; বৈদ্য তনুজা নেছাৰী, দিল্লী; বৈদ্য সঞ্জীৱ শৰ্মা, জয়পুৰ; বৈদ্য অনুপ থাকাৰ, জামনগৰ৷

 বি: দ্ৰ: উপৰোক্ত পৰামৰ্শৱলীসমূহে ক’ভিড-১৯ৰ চিকিৎসা বুলি দাবী নকৰে   

***

RJ/SK/MANN



(Release ID: 1609642) Visitor Counter : 324