আয়ুষ

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ বৈজ্ঞানিক আৰু প্ৰমাণ-ভিত্তিক সমাধান সূত্ৰ উলিয়াবলৈ চিকিৎসক-গৱেষকক আহ্বান আয়ুস মন্ত্ৰালয়ৰ

Posted On: 31 MAR 2020 2:29PM by PIB Guwahati

ক’ভিড-১৯ৰ চিকিৎসা সন্দৰ্ভত প্ৰমাণ অবিহণে ডাঙৰ ডাঙৰ দাবী নকৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান অনুসৰণ কৰি আয়ুস মন্ত্ৰালয়ে জনসজাগতা সৃষ্টিৰে এইধৰণৰ দাবী নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ হাতত লৈছে৷ তদুপৰি, মন্ত্ৰালয়ে মহামাৰী ক’ৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বৈজ্ঞানিক তথ্য-ভিত্তিক সমাধান সূত্ৰৰ বাবে কাম কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা পৰামৰ্শৰ ওপৰতো পদক্ষেপ গ্ৰহণ কৰিছে৷ এই অনুসৰি, আয়ুস চিকিৎসক আৰু আয়ুস প্ৰতিষ্ঠানসমূহৰ বিভিন্ন দিহা-পৰামৰ্শ আৰু প্ৰস্তাৱসমূহ তালিকাভুক্ত কৰিবলৈ এটা চেনেল স্থাপন কৰিছে আৰু বিজ্ঞানীৰ এটা দলৰদ্বাৰা ইয়াৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে৷

মন্ত্ৰালয়ে ভিডিঅ’ কনফাৰেন্স আৰু ছ’চিয়েল মিডিয়াৰ দৰে প্লেটফ’ৰ্ম ব্যৱহাৰ কৰি আয়ুস চিকিৎসকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু ভুল তথা তথ্যবিহীন দাবীবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকক জড়িত কৰাইছে৷ ৩০মাৰ্চ,২০২০ত অনুষ্ঠিত এখন ভিডিঅ কনফাৰেন্সত আয়ুসৰ বিভিন্ন শাখাৰ প্ৰায় ১০০ চিন্তাবিদে অংশগ্ৰহণ কৰে৷ এই সন্মিলনত সকলোৱে এইধৰণৰ অযথা দাবীবোৰৰ বিৰুদ্ধে জনসজাগতা সৃষ্টি কৰিবলৈ সংকল্পব্ধ হয়৷ ভিডিঅ’ কনফাৰেন্সত কেন্দ্ৰীয় ৰেলৱে’ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেল, আয়ুস বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইকে আয়ুস উদ্যোগৰ নেতাসকলক সম্বোধন কৰি ভাষণ আগবঢ়ায়৷

বৈজ্ঞানিক তথ্য-ভিত্তিক সমাধানৰ বাবে কাম কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানমৰ্মে আয়ুস মন্ত্ৰালয়ে তেওঁলোকৰ ৱেবছাইটত এটা অনলাইন চেনেল মুকলি কৰিছে, যাৰ জৰিয়তে ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ অথবা নিয়ন্ত্ৰণ কৰিব পৰা বৈজ্ঞানিক বিশ্লেষণ আৰু প্ৰস্তাৱ বিচৰা হৈছে৷ মন্ত্ৰালয়ে পৰ্যায়ক্ৰমে আয়ুস চিকিৎসক আৰু আয়ুস প্ৰতিষ্ঠান(বিদ্যালয়/বিশ্ববিদ্যালয়, চিকিৎসালয়, গৱেষণা প্ৰতিষ্ঠান, আয়ুস নিৰ্মাণকাৰী, আয়ুস সন্থা ইত্যাদি)ৰ পৰা তথ্য আমন্ত্ৰণ কৰি আছে৷ তথ্যসমূহ মন্ত্ৰালয়ৰ ৱেবছাইটত সন্নিবিষ্ট নিম্নোক্ত লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব৷ http://ayush.gov.in/covid-19

লাভ কৰা তথ্যসমূহ বিশেষজ্ঞ কমিটিয়ে পৰীক্ষা-নিৰীক্ষা কৰিব৷ বিশেষজ্ঞ কমিটিয়ে মনোনীত কৰা প্ৰস্তাৱসমূহ পুনৰ বিভিন্ন বিশেষজ্ঞৰে গঠিত এটা বিজ্ঞানীৰ দলে পৰীক্ষা কৰিব৷ পৰৱৰ্তী পৰ্যায়ত এই প্ৰস্তাৱসমূহৰ বৈধতা অধ্যয়নৰ বাবে য’লৈকে সম্ভৱ লৈ যোৱা হ’ব৷

যোৱা ২৮ মাৰ্চ,২০২০ত আয়ুস খণ্ডৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মতবিনিময় কৰি থাকোতে প্ৰধানমন্ত্ৰীয়ে এই বিষয়টো উত্থাপন কৰিছিল৷

***

RJ/SK/MS/MS



(Release ID: 1609634) Visitor Counter : 198