তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দূৰদৰ্শনৰদ্বাৰা টেলিভিশ্যনৰ সোণালী দিন ঘূৰাই অনাৰ প্ৰস্তুতি

কে’বল অপাৰেটৰসকলক উদ্দেশ্যি ডি ডি, লোকসভা আৰু ৰাজ্যসভা টিভি চেনেলকেইটাৰ বাধ্যতামূলক যোগানৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলী প্ৰকাশ

পোষ্ট কৰা হৈছে: 30 MAR 2020 8:32PM by PIB Guwahati

লকডাউনত ঘৰত সোমাই থকা মানুহৰ বাবে সময়খিনি অধিক উপভোগ্য কৰি তুলিবৰ বাবে দূৰদৰ্শনে  অতীজৰ সোণালী দিনৰ অনুষ্ঠানসমূহ টেলিভিশ্যনত পুনঃসম্প্ৰচাৰৰ প্ৰস্তুতি হাতত লৈছে। তলত দিয়া অনুষ্ঠানসমূহ পুনঃসম্প্ৰচাৰণৰ সূচীত অন্তৰ্ভুক্ত কৰা হৈছে –

 

১. চাণক্যঃ ডি ডি ভাৰতীত ২০২০ ৰ এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা আবেলিৰ সময়ছোৱাত প্ৰতিদিনে চন্দ্ৰপ্ৰকাশ দ্বিৱেদীৰদ্বাৰা পৰিচালিত ৪৭ টা খণ্ড সম্প্ৰচাৰৰ আঁচনি কৰা হৈছে।

২. উপনিষদ গঙ্গাঃ ডি ডি ভাৰতীত ২০২০ ৰ এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা আবেলিৰ সময়ছোৱাতে চিন্ময় মিশ্যন ট্ৰাষ্টৰদ্বাৰা প্ৰযোজিত আৰু ড০ চন্দ্ৰপ্ৰকাশ দ্বিৱেদীৰদ্বাৰা পৰিচালিত ৫২ টা খণ্ড সম্প্ৰচাৰৰ আঁচনি কৰা হৈছে।

৩. শক্তিমানঃ ডি ডি নেশ্যনেল নেটৱৰ্কত ২০২০ ৰ এপ্ৰিলৰ পৰা দিনৰ ১ বজাত দৈনিক এঘন্টাকৈ মুকেশ খান্না অভিনীত বিখ্যাত ধাৰাবাহিকখন সম্প্ৰচাৰৰ আঁচনি কৰা হৈছে।

৪. শ্ৰীমান-শ্ৰীমতীঃ ডি ডি নেশ্যনেল নেটৱৰ্কত ২০২০ ৰ এপ্ৰিলৰ পৰা দিনৰ ২ বজাত মাৰ্কণ্ড অধিকাৰী পৰিচালিত হাস্যমধুৰ ধাৰাবাহিকখনে পুনৰ ভুমুকি মাৰিব।

৫. কৃষ্ণ কলিঃ ডি ডি নেশ্যনেলত ৰাতি ৮.৩০ বজাত ১৮ টা খণ্ড সম্প্ৰচাৰৰ আঁচনি কৰা হৈছে।

ইয়াৰ আগতেই ২০২০ ৰ ২৮ মাৰ্চৰ পৰাই তলত উল্লিখিত ধাৰাবাহিকসমূহৰ পুনঃসম্প্ৰচাৰণ আৰম্ভ হৈছে।

১. ৰামায়ণঃ ডি ডি নেশ্যনেলত প্ৰতিদিনে ৰাতিপুৱা ৯ বজাত আৰু ৰাতি ৯ বজাত ৰামানন্দ সাগৰৰ ৩৫ মিনিটৰ ৭৮ টা আৰু ৩০ মিনিটৰ ৩০ টা খণ্ডযুক্ত প্ৰতিষ্ঠিত তথা সৰ্বজনগ্ৰাহ্য ধাৰাবাহিকখন সম্প্ৰচাৰিত হৈ আছে।

২. মহাভাৰতঃ দুপৰীয়া ১২ বজাত আৰু সন্ধ্যা ৭ বজাত ৪৫ মিনিট দৈৰ্ঘৰ ৯৭ টা খণ্ডৰ সম্প্ৰচাৰণ আৰম্ভ হৈছে।

৩. ব্যোমকেশ বক্সিঃ দৈনিক পুৱা ১১ বজাত এঘন্টাকৈ ৫২ টা খণ্ডৰ সম্প্ৰচাৰণ আৰম্ভ হৈছে।

৪. চাৰ্কাছঃ ৰাতি ৮ বজাত শ্বাহৰুখ খান অভিনীত ১৯ টা খণ্ডৰ সম্প্ৰচাৰণ আৰম্ভ হৈছে।

৫. হাম হ্যে নাঃ ডি ডি নেশ্যনেল নেটৱৰ্কত ২৮.৩.২০২০ ৰ পৰা ৰাতি ১০ বজাত ৬০ টা খণ্ডৰ সম্প্ৰচাৰণ আৰম্ভ হব।

৬. তু তৌতা ম্যে মেইনাঃ ডি ডি নেশ্যনেল নেটৱৰ্কত ২৮.৩.২০২০ ৰ পৰা ৰাতি ১০.৩০ বজাত দৈনিক ২৬ টা খণ্ডৰ সম্প্ৰচাৰণ আৰম্ভ হব।

লগতে এই কথাও মনকৰিবলগীয়া যে সকলো ডি টি এইচ/কেবল  অপাৰেটৰৰ বাবে কেবল  টিভি নেটৱৰ্কছ (নিয়ন্ত্ৰণ) আইনৰ অধীনত দূৰদৰ্শনৰ সকলো চেনেলৰ লগতে লোকসভা আৰু ৰাজ্যসভা টিভি চেনেলকেইটাৰ যোগান ধৰাটো বাধ্যতামূলক। অন্যথা তেওঁলোক এই আইনৰ ১১, ১২ আৰু ১৮ নং ধাৰামতে বিচাৰাধীন হব। 

দৰ্শকে  চাব বিচৰা দূৰদৰ্শনৰ কোনো চেনেল উপলব্ধ নহলে তেওঁলোকে ওচৰৰ দূৰদৰ্শন কেন্দ্ৰৰ মূৰব্বীক অভিযোগ কৰিব পাৰে বা ddpb.inform[at]gmail[dot]com ত ই-মেইল কৰিব পাৰে। এই সম্পৰ্কে  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰপৰা এখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।     

SS/PRK


(ৰিলিজ আই ডি : 1609577) অতিথি কক্ষ : 141