যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

৩০ এপ্ৰিল ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে ডাক জীৱন বীমা আৰু গ্ৰামীণ ডাক জীৱন বীমাৰ প্ৰিমিয়াম পৰিশোধৰ সময়সীমা

Posted On: 30 MAR 2020 5:16PM by PIB Guwahati

সমগ্ৰ দেশতে ক’ৰনা ভাইৰাছে (ক’ভিড-১৯) ভাবুকিৰ সৃষ্টি কৰাৰ সময়তে তথা চলিত লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত যোগাযোগ মন্ত্ৰালয়ৰ অধীনত ডাক বিভাগৰ ডাক জীৱন বীমাৰ (পিএলআই) সঞ্চালকালয়ে মাৰ্চৰ ২০২০ৰ প্ৰিমিয়াম পৰিশোধৰ তাৰিখ কোনো জৰিমণা/অতিৰিক্ত মাচুল অবিহনে ৩০ এপ্ৰিল ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰিছে৷ পিএলআইৰ সঞ্চালকালয়ৰ পৰা কোৱা হৈছে যে ডাক বিভাগ অত্যাৱশ্যকীয় সেৱা হিচাপে কাৰ্যকৰী হৈ থাকিলেও গ্ৰাহকৰ পৰা ডাক জীৱন বীমা/গ্ৰামীণ ডাক জীৱন বীমাৰ প্ৰিমিয়ামৰ ধন সংগ্ৰহত কঠিনতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সেয়ে সকলোৰে সুবিধা হোৱাকৈ প্ৰিমিয়াম পৰিশোধৰ তাৰিখ সম্প্ৰসাৰিত কৰা হৈছে৷

এই সিদ্ধান্তৰ দ্বাৰা প্ৰায় ১৩ লাখ পলিচীৰ গ্ৰাহক (৫.৫ লাখ পিএলআই আৰু ৭.৫ লাখ আৰপিএলআই), যাৰ চলিত মাহত প্ৰিমিয়ামৰ ধন পৰিশোধ কৰিবলগীয়া আছিল তেওঁলোক উপকৃত হ’ব৷ যোৱা মাহত প্ৰিমিয়ামৰ ধন পৰিশোধ কৰা ৪২ লাখ পলিচী গ্ৰাহকৰ তুলনাত আজিৰ তাৰিখলৈ এই পৰ্যন্ত কেৱল ২৯ লাখ গ্ৰাহকেহে প্ৰিমিয়ামৰ ধন পৰিশোধ কৰিছে৷

প’ৰ্টেলত পঞ্জীকৃত গ্ৰাহকসকলক পিএলআই কাষ্ট’মাৰ প’ৰ্টেল ব্যৱহাৰ কৰি অনলাইনযোগে প্ৰিমিয়ামৰ ধন পৰিশোধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ 

 

 

****

RJ/NG/MANN



(Release ID: 1609388) Visitor Counter : 122