প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধত শীৰ্ষৰ নেতৃত্বত প্ৰধানমন্ত্ৰী

বিভিন্ন ষ্টেকহ’ল্ডাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ অব্যাহত<br>
দৈনিক ভিত্তিত ২০০ৰো অধিক লোকৰ সৈতে মত-বিনিময়<br>
বিভিন্ন মহলৰ পৰা লাভ কৰিছে পোনপটীয়া মতামত

Posted On: 29 MAR 2020 11:29AM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে যুঁজ দি থকাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন বৰ্গৰ প্ৰতিনিধিৰ সৈতে  মতবিনিময় অব্যাহত ৰাখিছে৷

প্ৰধানমন্ত্ৰীয়ে দৈনিক প্ৰায় ২০০ ব্যক্তিৰ সৈতে মতবিনিময় কৰি আছে৷ ইয়াৰ ভিতৰত আছে বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সৈতে ফোনত বাৰ্তালাপ৷ তেওঁলোকৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজৰ পোনপটীয়া মতামত গ্ৰহণ কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মী, চাফাই কৰ্মীসকলক উৎসাহিত কৰিবলৈ তথা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ তেওঁলোকৰ সৈতে টেলিফোনত সম্পৰ্ক বজাই ৰাখিছে৷

তদুপৰি, শ্ৰী মোদীয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ চেষ্টা স্বৰূপে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে মতবিনিময় কৰি আছে৷

শ্ৰী মোদীয়ে বিভিন্ন ইলেকট্ৰনিক মিডিয়া গ্ৰপৰ মূৰব্বীৰ সৈতে ভিডিঅকনফাৰেন্সৰ জৰিয়তে আলোচনাত মিলিত হৈছে৷ তেওঁ লগতে বিভিন্ন প্ৰিণ্ট মিডিয়াৰ মূৰব্বীসকলৰ সৈতেও যোৱা ২৪ মাৰ্চত মতবিনিময় কৰে৷

 

 

একেদৰে, ২৭ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰেডিঅকী আৰু অল ইণ্ডিয়া ৰেডিঅৰ ঘোষক-ঘোষিকাসকলৰ সৈতে এক ভিডিঅকনফাৰেন্সত ভাগ লয়৷

প্ৰধানমন্ত্ৰীয়ে লগতে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী আৰু আৰোগ্য লাভ কৰা কিছুসংখ্যক ব্যক্তিৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰি শেহতীয়া স্থিতিৰ বুজ লৈছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মাৰ্চত এক বিশেষ ভিডিঅৰ মাধ্যমেৰে তেওঁৰ সংসদীয় সমষ্টি ৱাৰাণসীৰ জনসাধাৰণৰ সৈতে মতবিনিময় কৰে৷ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংকল্প, সংযম আৰু সংবেদনশীলতাৰ অভ্যাস গঢ়ি তুলিবলৈ তেওঁ ৱাৰাণসীবাসীক আহ্বান জনায়৷

নিয়মীয়া মতবিনিময় আৰু বৈঠক

জানুৱাৰীৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ উপায় বিচাৰি কেইবাটাও পৰ্যায়ৰ বৈঠকত মিলিত হয় আৰু সমাজৰ বিভিন্ন স্তৰৰ লোক আৰু বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়৷

প্ৰধানমন্ত্ৰীয়ে দৈনিক ভিত্তিত বৈঠক আয়োজন কৰিছিল৷ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কেবিনেট সচিব আৰু মুখ্য সচিবৰদ্বাৰা তেওঁ সকলো তথ্য লাভ কৰি আছিল৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ অধ্যক্ষতাত গঠিন মন্ত্ৰীগোটেও প্ৰধানমন্ত্ৰীক চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰাইছিল৷

আনৰ বাবে উদাহৰণ সৃষ্টি

প্ৰধানমন্ত্ৰীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ উদ্দেশ্যে হোলী উৎসৱত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছিল৷

ৰাষ্ট্ৰক সম্বোধি ভাষণজনতা কাৰ্ফিউ আৰু ৩ সপ্তাহৰ লকডাউনৰ ঘোষণা

ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ দেশক সাজু কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে ১৯মাৰ্চ,২০২০ত দেশবাসীক সম্বোধন কৰে আৰু ২২মাৰ্চৰ পুৱা ৭বজাৰ পৰা নিশা ৯বজালৈ জনতা কাৰ্ফিউত জনসাধাৰণক স্বেচ্ছাই অংশ লবলৈ আহ্বান জনায়৷

সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ এক প্ৰচেষ্টাই সফল ৰূপ লাভৰ পাছত প্ৰধানমন্ত্ৰীয়ে ২৪মাৰ্চ,২০২০ত দেশবাসীক পুনৰ সম্বোধন কৰে আৰু ৩ সপ্তাহৰ লকডাউন পালন কৰিবলৈ দেশবাসীক সম্বোধন কৰে৷ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এয়া একমাত্ৰ ফলপ্ৰসু উপায় বুলি তেওঁ উল্লেখ কৰে৷

 

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশবাসীক সংকল্প আৰু সংযমৰ মন্ত্ৰ আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত দেশবাসীক শংকিত হৈ বস্তু ক্ৰয় নকৰিবলৈ আহ্বান জনায় আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত থকাৰ আশ্বাস দিয়ে৷

ভিড-১৯ বিত্তীয় সাহায্য টাস্ক ফৰ্চ

মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধীনত ভিড-১৯ বিত্তীয় সাহায্য টাস্ক ফৰ্চ মুকলি কৰিছে৷ টাস্ক ফৰ্চে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰিব আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিব৷ টাস্ক ফৰ্চে এই প্ৰত্যাহ্বান দূৰ কৰিবলৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ আৰু সিদ্ধান্তসমূহ ৰূপায়ন কৰিব৷

প্ৰধানমন্ত্ৰীয়েও ব্যৱসায়িক সমূদায় আৰু উচ্চ আয়ৰ গোটসমূহক আহ্বান জনাইছে যে তেওঁলোকে যাতে এই সংকটৰ সময়ত নিম্ন আয়ৰ ব্যক্তিসকলৰ বিত্তীয় প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়৷ এই সময়ছোৱাত কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰি কৰ্তব্য পালন কৰিব নোৱাৰাসকলৰ দৰমহা কৰ্তন নকৰিবলৈও প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আহ্বান জনায়৷ এনে সময়ত মানৱতাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ জোৰ দিয়ে৷

প্ৰধানমন্ত্ৰীৰ সাহায্য পুজিঃ

মহামাৰী কভিড-১৯ৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰাথমিক উদ্দেশ্যৰে এটা আছুতীয়া ৰাষ্ট্ৰীয় পুঁজিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এটা ৰাজহুৱা সেৱা প্ৰতিষ্ঠান গঠন কৰা হৈছে৷ ইয়াৰ নাম ৰখা হৈছে—‘জৰুৰী অৱস্থাত প্ৰধানমন্ত্ৰীৰ নাগৰিক সহযোগিতা আৰু সাহায্য পুঁজি’(পিএম কেয়াৰছ ফাণ্ড)৷ প্ৰধানমন্ত্ৰী হল এই ট্ৰাষ্টৰ অধ্যক্ষ আৰু প্ৰতিৰক্ষা মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু বিত্তমন্ত্ৰী অন্যতম সদস্য৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় বিশ্বাস কৰে যে যিকোনো সমস্যাৰ মোকাবিলা কৰিবলৈ ৰাইজৰ সহায়-সহযোগিতা সবাতোকৈ ফলপ্ৰসু উপায় আৰু এয়া হল ইয়াৰ আন এক উদাহৰণ৷ এই পুঁজিলৈ কম পৰিমাণৰ অনুদানো আগবঢ়াব পাৰি, যাৰ ফলত বৃহৎ পৰিমাণৰ লোকে ইয়াৰ অংশীদাৰ হব পাৰিব৷

.৭লাখ কোটিৰ বিত্তীয় পেকেজ ঘোষণাঃ

নৰেন্দ্ৰ মোদী চৰকাৰে ২৬ মাৰ্চত ১.৭লাখ কোটি টকাৰ বিত্তীয় পেকেজ ঘোষণা কৰে, যাৰ লক্ষ্য হল দৰিদ্ৰলৈ জৰুৰীভাৱে ধন হস্তান্তৰ কৰা৷ পেকেজৰ অন্যতম গুৰুত্বপূৰ্ণ ঘোষণা হপ্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ৩মাহৰ বিনামূলীয়া খাদ্যসামগ্ৰী, ডাইল আৰু ৰন্ধন গেছৰ যোগান৷ কৰোনা ভাইৰাছৰ প্ৰভাৱৰদ্বাৰা ক্ষতিগ্ৰস্ত দৰিদ্ৰ লোকক সহায় কৰিবলৈ এই পেকেজৰ ঘোষণা কৰা হৈছে৷

চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰে বৈঠকঃ

প্ৰধানমন্ত্ৰীয়ে ২৪ মাৰ্চত চিকিৎসক, নাৰ্ছ আৰু লেবৰেটৰী টেকনিচিয়ানৰ সৈতে মতবিনিয়ম কৰে৷ কভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চিকিৎসা কৰ্মীসকলৰ নিঃস্বাৰ্থ সেৱাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷ মতবিনিময়ত প্ৰধানমন্ত্ৰীয়ে কয়, ‘আপোনালোকৰ আশাবাদে মোৰ আত্মবিশ্বাস বঢ়াই তুলিছে, যিয়ে আমাৰ দেশক জয়যুক্ত কৰিব৷’ প্ৰধানমন্ত্ৰীয়ে লগতে চিকিৎসা কৰ্মীসকলক আশ্বাস দিয়ে যে তেওঁলোকৰ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ আরু সেয়ে চৰকাৰে তেওঁলোকক সুৰক্ষা দিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব৷

ফাৰ্মা খণ্ডৰ সৈতে বৈঠকঃ

দৰৱ আৰু চিকিৎসাজনিত সা-সজুলিৰ নিয়মীয়া যোগান বাহাল ৰখাৰ এক প্ৰয়াস হিচাপে প্ৰধানমন্ত্ৰীয়ে ২১ মাৰ্চত ফাৰ্মা খণ্ডৰ প্ৰতিনিধিৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়৷ মতবনিময়ত প্ৰধানমন্ত্ৰীয়ে ফাৰ্মা উদ্যোগক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে আৰএনএ টেষ্টিং কীট নিৰ্মাণৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক নিৰ্দেশ দিয়ে যে অত্যাৱশ্যকীয় দৰৱৰ যোগান বাহাল ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ক’লা বজাৰ ৰোধ কৰিব লাগে৷

আয়ুস চিকিৎসকৰ সৈতে বৈঠক

দেশক স্বাস্থ্যৱান কৰি ৰখাৰ প্ৰয়াসস্বৰূপে প্ৰধানমন্ত্ৰীয়ে লগতে বিভিন্ন আয়ুস চিকিৎসকসকলৰ সৈতে মতবিনিময় কৰে৷ যোৱা ২৮ মাৰ্চত অনুষ্ঠিত এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ অব্যাহত থকা যুঁজত আয়ুস খণ্ডৰ গুৰুত্ব অনেক বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আহ্বান জনায় যে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী অনুসৰি কাম কৰোতে আয়ুস খণ্ডই নিজৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰে৷ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজন হোৱা ভাল ব্যায়ামৰ বিষয়ে তেওঁলোকে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা উচিত৷

এই জটিল পৰিস্থিতিত দেহ-মন সজীৱ কৰি ৰাখিবলৈ ঘৰতে যোগাসন কৰিবলৈ আয়ুস মন্ত্ৰালয়ে হাতত লোৱা পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷

ৰাজ্যসমূহৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰিছে

ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে যোৱা ২০ মাৰ্চত দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আলোচনাত মিলিত হয়৷ এই বৈঠকত তেওঁ সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰে যুঁজিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে একেলগে আগুৱাব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ মূৰব্বীসকলক সোঁৱৰাই দিয়ে যে দেশ এতিয়া জটিল পৰ্য়ায়ত আছে, অৱশ্যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷

বৈঠকত মুখ্যমন্ত্ৰীসকলক কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰোৱা হয় আৰু প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে কিদৰে সমগ্ৰ দেশৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰি আছে, সেয়াও আলোকপাত কৰা হয়৷

ছাৰ্ক ৰাষ্ট্ৰসমূহৰ ঐক্যবদ্ধ সহযোগিতাঃ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আছিল প্ৰথমগৰাকী নেতা, যিয়ে ছাৰ্ক ৰাষ্ট্ৰসমূহৰ দিহা-পৰামৰ্শ আৰু ঐক্যবদ্ধ সহযোগিতাৰ প্ৰস্তাৱ দাঙি ধৰিছিল৷ ইয়াৰ পিছত যোৱা ১৫মাৰ্চত ভাৰতৰ নেতৃত্বত ছাৰ্কৰ নেতাসকলৰ সৈতে এখন ডিভিঅ’ কনফাৰেন্স অনুষ্ঠিত হয়৷

এই বৈঠকত সকলো ৰাষ্ট্ৰৰ স্বেচ্ছামূলক বৰঙণি বিচাৰি এক ক’ভিড-১৯ জৰুৰী পুঁজি গঠনৰ সিদ্ধান্ত লোৱা হয় আৰু ভাৰতে প্ৰথমটো বৰঙণি হিচাপে ১০মিলিয়ন ডলাৰ আগবঢ়ায়৷ জৰুৰী পদক্ষেপত ব্যয় কৰিবলৈ ছাৰ্কৰ যিকোনো ৰাষ্ট্ৰই এই পুঁজি ব্যৱহাৰ কৰিব পাৰে৷

নেপাল, ভূটান আৰু মালদ্বীপ আদিৰ দৰে ছাৰ্ক ৰাষ্ট্ৰইও জৰুৰী পুঁজিলৈ বৰঙণি আগবঢ়ায়৷

অভিনৱ ভাৰ্চুৱেল জি-২০ সন্মিলনঃ

ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱে সৃষ্টি কৰা প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰিবলৈ ২৬ মাৰ্চত অনুষ্ঠিত হয় এখন অভিনৱ ভাৰ্চুৱেল সন্মিলন৷ এই সন্মিলনত এক গোলকীয় সহযোগিতামূলক সাহায্যৰ কথা উত্থাপিত হয়৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে পোষকতা কৰে যে গোলকীয় সমৃদ্ধি আৰু সহযোগিতাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু হোৱা উচিত মানৱতা, য’ত চিকিৎসা গৱেষণা আৰু নতুন নতুন উদ্ভাৱনৰ উপযোগিতা সকলোৰে বাবে বিনামূলীয়া আৰু মুক্ত হয়৷

প্ৰধানমন্ত্ৰীয়ে মানৱতাৰ সামগ্ৰিক কল্যাণৰ বাবে গোলকীয়কৰণৰ এক নতুন সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ নেতাসকলক আহ্বান জনায়৷

আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাঃ

প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিটেইন, ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে ১২ মাৰ্চত আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সৰ সৈতে ১৭ মাৰ্চত টেলিফোনযোগে ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱ সন্দৰ্ভত আলোচনা কৰে৷

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ২৫ মাৰ্চত ৰাছিয়াৰ ৰাষ্ট্ৰপতি, ২৬ মাৰ্চত আবু ঢাবিৰ ক্ৰাউন প্ৰিন্স আৰু কাটাৰৰ আমিৰৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰধানমন্ত্ৰীয়ে লগতে ২৪ মাৰ্চত ইউৰোপিয়ান কমিছনৰ সভাপতি মহামহিম উৰ্ছুলা ভ’ন ডেৰ লায়েনৰ সৈতে টেলিফোনত মতবিনিময় কৰে৷

অসহায় নাগৰিকক উদ্ধাৰঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ক’ৰোনা ভাইৰাছৰ কেন্দ্ৰস্থল চীন, ইটালী, ইৰান আৰু বিশ্বৰ আন প্ৰান্তৰ পৰা প্ৰায় ২০০০ নাগৰিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

*************

VRRK/ VJ/MS



(Release ID: 1609378) Visitor Counter : 200