প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এয়াৰ ভাইচ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) চন্দন সিং ৰাঠোড়ৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 29 MAR 2020 11:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ ভাইচ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) চন্দন সিং ৰাঠোড়ৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷ ‘‘ভাৰতবাসীয়ে এয়াৰ ভাইচ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) চন্দন সিং ৰাঠোড়ৰ কাৰ্যাৱলীৰ কথা সদায়েই মনত ৰাখিব৷ তেওঁ আছিল এজন অতুলনীয় বায়ুযোদ্ধা যিয়ে ভাৰতৰ শক্তি আৰু সুৰক্ষা বৃদ্ধি কৰাত অৱদান আগবঢ়াইছিল৷ তেওঁৰ পৰিয়ালৰ সদস্যক সমবেদনা জনাইছো৷ ওম শান্তি’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

****

VRRK/KP /MANN



(Release ID: 1609362) Visitor Counter : 74