প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমাজ কল্যাণ সংস্থাসমূহৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
মানৱতাৰ দিশত সেৱা আগবঢ়োৱা সংস্থাসমূহৰ উৎসৰ্গিত মনোভাৱক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
দৰিদ্ৰ আৰু অভাৱীসকলৰ সহায়ৰ বাবে সংস্থাসমূহক নিৰন্তৰে কাম কৰি থকাৰ বাবে আহ্বান
ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ পৰা মুক্তি পাবলৈ হ্ৰস্বম্যাদীৰ সৈতে দীৰ্ঘম্যাদী দূৰদৃষ্টিৰো আৱশ্যক
এই প্ৰত্যাহ্বানটোৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰবাসীয়ে সংযম আৰু ধৈৰ্য প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
জটিল পৰিস্থিতিৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্ববাহী ভূমিকাক প্ৰশংসা কৰিলে সমাজ কল্যাণ সংস্থাৰ প্ৰতিনিধিয়ে
प्रविष्टि तिथि:
30 MAR 2020 3:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে সমাজ কল্যাণ সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ পৰা মুক্তি পাবলৈ সমগ্ৰ দেশবাসীয়ে সংযম আৰু ধৈৰ্যশীলতা প্ৰদৰ্শন কৰিছে৷ দেশক সেৱা কৰাৰ উত্তম উপায় হ’ল দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱা কৰা-মহাত্মা গান্ধীৰ এই আপ্তবাক্যশাৰীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মানৱতাৰ দিশত সেৱা আগবঢ়োৱা সংস্থাসমূহৰ ভূমিকাক প্ৰশংসা কৰে৷
মানৱ অভিগমন, ব্যাপক বিস্তৃতি আৰু জনসাধাৰণৰ সৈতে সংযোগ স্থাপন-এই তিনিটা বিশেষ বৈশিষ্টৰ বাবে এই সংস্থাসমূহ বিশ্বাসযোগ্য গোটলৈ পৰিৱৰ্তিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে এই মুহূৰ্তত দেশবাসীয়ে অভাৱনীয় সংকটৰ মুখামুখি হৈছে আৰু সেইবাবে সংস্থাসমূহৰ সেৱাৰ অতিশয় প্ৰয়োজন হৈ পৰিছে৷ তেওঁ সংস্থাসমূহক দেশৰ দৰিদ্ৰসকলৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত তথা চিকিৎসা সুবিধা প্ৰদান কৰা আদিৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰে৷ এই প্ৰত্যাহ্বানৰ পৰা মুক্ত হ’বলৈ হ্ৰস্বম্যাদী পৰিকল্পনাৰ সৈতে দীৰ্ঘম্যাদী পৰিকল্পনাৰো আৱশ্যক বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সংস্থাসমূহে উৰাবাতৰি, অন্ধবিশ্বাস তথা ভুৱা তথ্য দূৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ তাৰোপৰি বিশ্বাসৰ ভিত্তিত জনসাধাৰণ একত্ৰিত হৈ সামাজিক ব্যৱধানৰ নীতি পৰিহাৰ কৰিছে বুলি তেওঁ আক্ষেপ কৰি সংস্থাসমূহক সামাজিক ব্যৱধানৰ গুৰুত্ব প্ৰচাৰ কৰিবলৈও আহ্বান জনায়৷
সংস্থাসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীয়ে এই জটিল সময়ছোৱাত দেখুওৱা দূৰদৰ্শী ভূমিকাৰ বাবে তেওঁক প্ৰশংসা কৰে৷ তেওঁলোকে পিএম-কেয়াৰ ব্যৱস্থাৰ সমৰ্থন কৰি সংকটৰ সময়ত ৰাষ্ট্ৰৰ সেৱাৰ বাবে নিজকে সম্পূৰ্ণভাৱে উৎসৰ্গিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বৰ্তমানে তেওঁলোকে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ডিজিটেল মাধ্যমৰ জৰিয়তে সজাগতা প্ৰদান, অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাদ্যৰ বিতৰণ আদিৰ দৰে কামত জড়িত হৈ আছে বুলি জানিবলৈ দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ আৰু অভাৱী লোকসকলক প্ৰাথমিক প্ৰয়োজনীতাৰ সামগ্ৰীৰ যোগান আৰু চিকিৎসা সেৱা প্ৰদানৰ বিষয়ে পুনৰ দোহাৰি সজাগতা প্ৰদানৰ আৱশ্যকতাৰ বিষয়েও আলোকপাত কৰে৷ তেওঁ এই মহামাৰীক প্ৰত্যাহ্বান জনাবলৈ ঐক্যৱদ্ধভাৱে কাম কৰাটো প্ৰয়োজন বুলি মন্তব্য কৰে৷
উল্লেখ্য, আজিৰ এই বৈঠকত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আৰু নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াও উপস্থিত আছিল৷
*****
VRRK/KP/MANN
(रिलीज़ आईडी: 1609273)
आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam