শক্তি মন্ত্ৰালয়

শক্তিখণ্ডলৈ গুৰুত্বপূৰ্ণ সকাহৰ ব্যৱস্থা শক্তি মন্ত্ৰীৰ

‘লক ডাউন’ৰ সময়চোৱাত ২৪x৭ বিদ্যুত্ যোগানৰ প্ৰতিশ্ৰুতি

৫০শতাংশ কমালে ‘পেইমেণ্ট ছিকিউৰিটী’ৰ হাৰ

বিতৰক প্ৰতিষ্ঠানে উত্পাদক প্ৰতিষ্ঠানক দিব লগা দেনা আৰু সংপ্ৰেৰণ অনুজ্ঞা পত্ৰৰ ক্ষেত্ৰত তিনিমাহৰ স্থগিতাদেশ

Posted On: 28 MAR 2020 10:40AM by PIB Guwahati

ভিড-১৯ মহামাৰিয়ে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পিছতো শক্তিখণ্ডৰ প্ৰতিটো খণ্ড--উত্পাদক, সংপ্ৰেৰক বিতৰক তথা ব্যৱস্থা-প্ৰবন্ধক গোটকেইটাই নিয়মীয়া কাম-কাজ অব্যাহত ৰখাই নহয়, বৰঞ্চ এই পৰিস্থিতিত যাতে বিদ্যুতৰ সৰবৰাহ ২৪ঘণ্টাই অব্যাহত ৰাখিব পৰা যায় সেয়া নিশ্চিত কৰিবলৈকে ঘড়ীৰ কাঁটাৰ সৈতে কাম কৰিবলৈ উঠি-পৰি লাগিছে। এই সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে কয় যে সংকটৰ এই মুহূৰ্তত গ্ৰাহকসকললৈ ২৪x৭ বিদ্যুতৰ যোগান অব্যাহত ৰখাৰ বাবে শক্তি মন্ত্ৰালয় আক্ষৰিক অৰ্থতে প্ৰতিশ্ৰুতিবদ্ধ

দেশৰ ৭০শতাংশ শক্তি উত্পাদন প্ৰকল্পই কয়লা ভিত্তিক। সেয়ে প্ৰকল্পসমূহলৈ কয়লাৰ যোগান নিৰবিচ্ছিন্ন ভাবে চলাই ৰাখিবলৈ শক্তি মন্ত্ৰালয়ে আভ্যন্তৰীণ কয়লা যোগনীয়াৰ প্ৰতিষ্ঠানসমূহৰ লগতে ৰেল মন্ত্ৰালয়ৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখি চলিছে।

লক ডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰণ গ্ৰাহকসকলে তেওঁলোকৰ দেনাসমূহ শক্তি বিতৰক প্ৰতিষ্ঠানসমূহক আদায় দিব পৰা নাই। স্বাভাৱিকতেই এই পৰিস্থিতিত বিতৰক প্ৰতিষ্ঠান সমূহৰ নগদ ধনৰ অৱস্থা শোচনীয় হৈ পৰিছে আৰু ফলত তেওঁলোকে শক্তি উত্পাদক আৰু সংপ্ৰেৰক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ দেনাসমূহ আদায় দিব পৰা নাই। এই পৰিস্থিতি অধ্যয়ন কৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰী সিঙে শক্তিখণ্ডক সকাহ দিব পৰা কেতবোৰ পদক্ষেপ আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছে। বিতৰক প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা নগদ ধনৰ সমস্যা প্ৰশমিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ হল—

ক) বিতৰক প্ৰতিষ্ঠানসমূহে দেনা বা বকেয়া আদায় নিদিলেও কেন্দ্ৰীয় ৰাজহুৱাখণ্ডৰ শক্তি উত্পাদক প্ৰতিষ্ঠান তথা সংপ্ৰেৰক প্ৰতিষ্ঠানসমূহে বিদ্যুতৰ যোগান অব্যাহত ৰাখিব। সম্প্ৰতি অব্যাহত থকা জৰুৰীকালীন পৰিস্থিতিত কোনো বিতৰক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে বিদ্যুতৰ যোগান কৰ্তন কৰা নহব।

খ) বিতৰক প্ৰতিষ্ঠানসমূহে ৩০জুন, ২০২০ পৰ্যন্ত উত্পাদক প্ৰতিষ্ঠানসমূহৰ সৈতে পেইমেণ্ট ছিকিউৰিটী সংক্ৰান্তীয় বিধি ব্যৱস্থা আব্যাহত ৰাখিব পৰাকৈ ইয়াৰ পৰিমা ৫০শতাংশলৈ হ্ৰাস কৰা হৈছে।

গ) বিতৰক প্ৰতিষ্ঠানসমূহে উত্পাদক প্ৰতিষ্ঠানসমূহক দিব লগা দেনা আৰু সংপ্ৰেৰণ অনুজ্ঞা পত্ৰৰ ক্ষেত্ৰত তিনিমাহৰ স্থগিতাদেশ জাৰি কৰিবলৈ কেন্দ্ৰীয় শক্তি নিয়ামক আয়োগলৈ ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰা হৈছে। এই সময়চোৱাৰ বাবদ কোনো জৰিমণা অথবা উপ কৰ আদি লগোৱা নহব। ৰাজ্য চৰকাৰসমহূকো ৰাজ্যিক বিদ্যুত নিয়ামক আয়োগসমূহক এনেধৰণৰ নিৰ্দেশনা দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে।

***

RCJ/M/KB



(Release ID: 1608819) Visitor Counter : 127