তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰাদুৰ্ভাৱৰ ৰোধ কৰাৰ দিশত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ

Posted On: 28 MAR 2020 11:03AM by PIB Guwahati

ভাৰতে অতি সক্ৰিয়তাৰে তথা কাৰ্যকৰীভাৱে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ৩০ জানুৱাৰী তাৰিখে ইয়াক আন্তৰ্জাতিকভাৱে ৰাজহুৱা জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰাৰ পূৰ্বেই ভাৰতে নিজৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ব্যাপক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল৷ অন্য দেশসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই ভাৰতে বিমানযাত্ৰীসকলৰ ভিছা বাতিল আৰু আন্তৰ্জাতিক বিমানৰ ভ্ৰমণ বাতিলৰ দৰে পদক্ষেপসমূহ গ্ৰহণ কৰিছিল৷ ভাৰতত ৩০ জানুৱাৰী ২০২০ তাৰিখে ক’ৰনা ভাইৰাছৰ প্ৰথমটো পৰিঘটনা চিনাক্ত হোৱাৰ পূৰ্বেই চীন আৰু হংকঙৰ পৰা যাত্ৰীসকলৰ বাবে থাৰ্মেল নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছিল৷

ক’ভিড-১৯ৰ দ্বাৰা মৃত্যু উপত্যকাত পৰিণত হোৱা ইটালী আৰু স্পেইনৰ ক্ষেত্ৰত প্ৰথমটো পৰিঘটনা পৰিলক্ষিত হোৱাৰ পিছত ক্ৰমান্বয়ে ২৫ দিন আৰু ৩৯ দিনৰ পিছত যাত্ৰীসকলৰ পৰীক্ষা আৰম্ভ কৰাটো বিশ্বজনীনভাৱে পোহৰলৈ আহিছে৷

কেন্দ্ৰ চৰকাৰে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে যেনে ভ্ৰমণ নিষেধাজ্ঞা, বিমানবন্দৰত নিৰীক্ষণ তালিকাত অধিক দেশৰ নাম সংযোজন কৰা, ভিছা বাতিল কৰা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ নিজকে আচুতীয়াকৈ ৰখা ব্যৱস্থা আদি৷ ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপসমূহ তলত ক্ৰমান্বয়ে উল্লেখ কৰা হৈছেঃ

১৭ জানুৱাৰী- চীনলৈ যাত্ৰা নিষেধৰ পৰামৰ্শৱলী জাৰী৷

১৮ জানুৱাৰী- চীন আৰু হংকঙৰ পৰা অহা যাত্ৰীৰ থাৰ্মেল নিৰীক্ষণ৷

৩০ জানুৱাৰী- চীনলৈ যাত্ৰা পৰিহাৰ কৰিবলৈ কঠোৰ পৰামৰ্শৱলী জাৰী৷

৩ ফেব্ৰুৱাৰী- চীনৰ নাগৰিকসকলৰ বাবে ই-ভিছা বাতিল৷

২২ ফেব্ৰুৱাৰী- ছিংগাপুৰলৈ যাত্ৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শৱলী জাৰী; কাঠমাণ্ডু, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু মালয়ছিয়াৰ পৰা অহা বিমানযাত্ৰীসকলৰ সাৰ্বজনীন পৰীক্ষা৷

২৬ ফেব্ৰুৱাৰী- ইৰাণ, ইটালী আৰু কোৰিয়া গণৰাজ্য ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শৱলী জাৰী৷ উক্ত দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ পৰীক্ষণ আৰু পৰিক্ষীণ তথা ক্ষতিশংকা মূল্যায়নৰ ভিত্তিত পৃথকে ৰখাৰ ব্যৱস্থা৷

৩ মাৰ্চ- ইটালী, ইৰাণ, দক্ষিণ কোৰিয়া, জাপান আৰু চীনৰ সকলো ভিছা বাতিল; চীন, দক্ষিণ কোৰিয়া, জাপান, ইৰাণ, ইটালী, হংকং, মাকাউ, ভিয়েটনাম, মালয়ছিয়া, ইণ্ডোনেছিয়া, নেপাল, থাইলেণ্ড, ছিংগাপুৰ আৰু টাইৱানৰ পৰা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে অহা যাত্ৰীৰ বাধ্যতামূলক স্বাস্থ্য পৰীক্ষণ৷

৪ মাৰ্চ- সকলো আন্তৰ্জাতিক বিমানযাত্ৰীৰ সামূহিক পৰীক্ষণ৷ পৰীক্ষণ আৰু ক্ষতিশংকা মূল্যায়নৰ ভিত্তিত ঘৰতে অথবা চিকিৎসালয়ত আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা৷

৫ মাৰ্চ- ইটালী অথবা কোৰিয়া গণৰাজ্যৰ পৰা অহা যাত্ৰীসকলে দেশৰ প্ৰৱেশৰ পূৰ্বে চিকিৎসা প্ৰমাণপত্ৰ সংগ্ৰহৰ প্ৰয়োজন৷

১০ মাৰ্চ- ঘৰতে আচুতীয়াকৈ থকাৰ ব্যৱস্থাঃ আন্তৰ্জাতিক যাত্ৰীসমূহে নিজৰ স্বাস্থ্য পৰীক্ষণ আৰু চৰকাৰে জাৰী কৰা কৰিবলগীয়া তথা কৰিব নলগীয়াসমূহৰ পালন৷ চীন, হংকং, কোৰিয়া গণৰাজ্য, জাপান, ইটালী, থাইলেণ্ড, ছিংগাপুৰ, ইৰাণ, মালয়ছিয়া, ফ্ৰান্স, স্পেইন আৰু জাৰ্মানীৰ ভ্ৰমণ ইতিহাস থকা যাত্ৰীসকলে দেশত উপস্থিত হোৱাৰ দিনৰ পৰা ১৪ দিনলৈ ঘৰতে আচুতীয়াকৈ থাকিব লাগিব৷

১১ মাৰ্চ- ১৫ ফেব্ৰুৱাৰী ২০২০ তাৰিখৰ পিছত চীন, ইটালী, ইৰাণ, কোৰিয়া গণৰাজ্য, ফ্ৰান্স, স্পেইন আৰু জাৰ্মানীৰ পৰা অহা যাত্ৰীসকলে (ভাৰতীয়সকলকো ধৰি)ন্যূনতম ১৪ দিনলৈ বাধ্যতামূলকভাৱে আচুতীয়াকৈ থাকিব লাগিব৷

১৬, ১৭, ১৯ মাৰ্চ- ব্যাপক পৰামৰ্শৱলীঃ

১৬ মাৰ্চ- ইউএই, কাটাৰ, ওমান আৰু কুৱেইটৰ পৰা যাত্ৰীসকলৰ বাবে বাধ্যতামূলক আচুতীয়াকৈ থকা ব্যৱস্থা ন্যূনতম ১৪ দিনলৈ সম্প্ৰসাৰণ৷ ইউৰোপিয়ান সংঘ, ইউৰোপিয়া ফ্ৰী ট্ৰেড এছ’চিয়েচন, তুৰ্কী আৰু ব্ৰিটেইনৰ পৰা ভাৰতলৈ যাত্ৰী অহাত সম্পুৰ্ণৰূপে নিষেধাজ্ঞা৷

১৭ মাৰ্চ- আফগানিস্তান, ফিলিপাইনছ, মালয়ছিয়াৰ পৰা যাত্ৰী অহাত নিষেধাজ্ঞা৷

১৯ মাৰ্চ- ২২ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো আন্তৰ্জাতিক বিমানৰ অৱতৰণ বাতিল কৰা হৈছে৷

২৫ মাৰ্চ- ১৪ এপ্ৰিল ২০২০ তাৰিখলৈ সকলো আন্তৰ্জাতিৰ বিমানৰ অৱতৰণৰ বাতিল সম্প্ৰসাৰণ কৰা হৈছে৷

 

সমগ্ৰ বিশ্বতে ভাইৰাছবিধৰ দ্ৰুত গতিত বিয়পা পৰিঘটনালৈ লক্ষ্য ৰাখি কেৱল ভ্ৰমণ পৰামৰ্শৱলী সংশোধন কৰাই নহয়, প্ৰত্যেকটো বিমানবন্দৰতে বিমানবন্দৰ পৰীক্ষণৰ ব্যৱস্থাও সম্প্ৰসাৰিত কৰা হৈছে৷ বিমানবন্দৰত স্বাস্থ্য প্ৰাধিকৰণে পৰীক্ষণ কৰাৰ পিছত যাত্ৰীসকলক ক্ষতিশংকাৰ মূল্যায়নৰ ভিত্তিত আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে অথবা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ আনকি স্বাস্থ্য প্ৰাধিকৰণে মুকলি কৰি দিয়া লোকসকলৰ সবিশেষো ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে যাতে তেওঁলোকক নিৰ্ধাৰিত তাৰিখলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনে নজৰ ৰাখিব পাৰে৷

৩০টা বিমানবন্দৰ, ১২টা প্ৰধান আৰু ৬৫টা লঘু বন্দৰ তথা ভূমি সীমাত যাত্ৰীসকলক পৰীক্ষণ কৰা হৈছে৷ ৩৬ লাখতকৈও অধিক যাত্ৰীক পৰীক্ষণ কৰা হৈছে৷ ‘খ্যাতনামা ভাৰতীয়’সকলক পৰীক্ষণ নকৰাকৈয়ে উভতিব দিয়া ব্যাখ্যা নিৰৰ্থক হিচাপে প্ৰমাণিত হৈছে৷ চৰকাৰে আৰম্ভণিৰ পৰাই জনস্বাস্থ্যৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপকভিত্তিত তথা দ্ৰুত গতিত পৰীক্ষণ, আচুতীয়াকৈ ৰখা ব্যৱস্থা আদিৰ দৰে পদক্ষেপসমূহ গ্ৰহণ কৰি আহিছে৷ এই ব্যৱস্থাত প্ৰতিজন যাত্ৰী, ব্যৱসায়িক কামৰ পিছত ঘূৰি অহা ভাৰতীয়, পৰ্যটক, শিক্ষাৰ্থী লগতে বিদেশীসকলকো সামৰি লোৱা হৈছে৷

ৰাজ্য চৰকাৰসমূহক নিয়মীয়াকৈ এই নিৰীক্ষণ ব্যৱস্থা প্ৰতিপালন তথা উত্তৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাতে ইয়াত কোনো ক্ৰুটি থাকি নাযায়৷ নিৰীক্ষণ পৰিহাৰ কৰিব বিচৰা তথা আচুতীয়াকৈ থাকিবলৈ দিয়াৰ পৰামৰ্শ পালন নকৰা লোকসকলৰ বিৰুদ্ধে ৰাজ্যসমূহত অধিক সতৰ্কতাৰে অনুসৰণ ব্যৱস্থা সক্ৰিয় কৰা হৈছে৷

এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্য সচিবে ২০টা আৰু ৰাজ্যৰ মুখ্য সচিবৰ সৈতে কেবিনেট সচিবৰ ৬টা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি হোৱা অনুষ্ঠিত বৈঠকত ক’ৰনাৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বিভিন্ন প্ৰস্তুতি পুনৰীক্ষণ কৰা হৈছে৷ এই ভিডিঅ’ কনফাৰেন্সসমূহত সংহত ৰোগ নিৰীক্ষণ ব্যৱস্থা য’ত আন্তৰ্জাতিক যাত্ৰীসকলৰ নিৰীক্ষণ ব্যৱস্থা অন্তৰ্গত কৰা হৈছে, এই বিষয়ে প্ৰধানকৈ আলোচনা কৰা হৈছে৷  

is \

*****

SS/MANN



(Release ID: 1608758) Visitor Counter : 233